ETV Bharat / international

Israli Ground Attack : ইজৰাইলৰ স্থল আক্ৰমণ; উত্তৰ গাজাৰ পৰা পলায়ন পেলেষ্টাইনীৰ

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 12:48 PM IST

ইজৰাইলৰ সামৰিক বাহিনীয়ে কৈছে উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দিবলৈ গাজাত অস্থায়ী অভিযান চলাইছে আৰু প্ৰায় এসপ্তাহ পূৰ্বে ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণত অপহৃত প্ৰায় ১৫০ জন লোকৰ অনুসন্ধান কৰিছে । গাড়ী, ট্ৰাক আৰু গাধৰ গাড়ীত উঠি পেলেষ্টাইনী পৰিয়ালবোৰে গাজা চহৰৰ পৰা দক্ষিণ দিশে এটা মুখ্য পথত ভিৰ কৰিছে । কিয়নো ইজৰাইলী বিমান আক্ৰমণে অঞ্চলটোত আঘাত হানিছে ।

ইজৰাইলৰ স্থল আক্ৰমণ
Israli Ground Attack

ইণ্টাৰনেচনেল ডেস্ক, ১৪ অক্টোবৰ : ৰাষ্ট্ৰসংঘৰ সতৰ্কবাণী সত্ত্বেও এসপ্তাহ পূৰ্বে হামাছ সন্ত্ৰাসবাদীৰ আকস্মিক আক্ৰমণৰ পিছত ইজৰাইলৰ সামৰিক বাহিনীয়ে প্ৰায় ১০ লাখ লোকক অঞ্চলটোৰ দক্ষিণলৈ যাবলৈ আহ্বান জনোৱাৰ পিছত পেলেষ্টাইনীসকলে উত্তৰ গাজাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছে ।

ইজৰাইলৰ বিমান আক্ৰমণে শুকুৰবাৰে অঞ্চলটোত আঘাত হানি থকাৰ সময়ত গাড়ী, ট্ৰাক আৰু গাধৰ গাড়ীত উঠি পৰিয়ালবোৰে গাজা চহৰৰ পৰা দক্ষিণ দিশে এটা মুখ্য পথত ভিৰ কৰে । হামাছৰ সংবাদ মাধ্যমৰ কাৰ্যালয়ে জনোৱা মতে, যুদ্ধবিমানে দক্ষিণৰ ফালে পলায়ন কৰা গাড়ীত আঘাত কৰিছে । যাৰ ফলত ৭০ জনৰো অধিক লোক নিহত হয় ।

ইজৰাইলৰ সামৰিক বাহিনীয়ে জনোৱা মতে, তেওঁলোকৰ সৈন্যই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিবলৈ গাজাত অস্থায়ী অভিযান চলাইছে আৰু প্ৰায় এসপ্তাহ পূৰ্বে ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণত অপহৃত প্ৰায় ১৫০ জন লোকৰ অনুসন্ধান চলাইছে । আনহাতে, নাগৰিকসকলক তাৰ পৰা আঁতৰি যাবৰ বাবে আহ্বান জনাই ইজৰাইলৰ সামৰিক বাহিনীয়ে কৈছে যে তেওঁলোকে গাজা চহৰৰ চাৰিওফালে থকা ভূগৰ্ভস্থ হামাছৰ আশ্ৰয়স্থলসমূহক লক্ষ্য কৰাৰ পৰিকল্পনা কৰিছে । কিন্তু পেলেষ্টাইনী আৰু কিছু ইজিপ্তীয় বিষয়াই আশংকা কৰিছে যে ইজৰাইলে অৱশেষত গাজাৰ লোকসকলক ইজিপ্তৰ সৈতে দক্ষিণ সীমান্তৰ মাজেৰে বাহিৰলৈ উলিয়াই পঠাব বুলি আশংকা কৰিছে । উল্লেখ্য যে ৰাষ্ট্ৰসংঘই ইজৰাইলক এই অভূতপূৰ্ব নিৰ্দেশনা উঠাই ল'বলৈ ইতিমধ্যে আহ্বান জনাইছে ।

কিন্তু ইজৰাইলৰ সামৰিক বাহিনীয়ে কৈছে যে তেওঁলোকে গাজা চহৰৰ চাৰিওফালে ভূগৰ্ভস্থ হামাছৰ আশ্ৰয়স্থলসমূহক লক্ষ্য কৰাৰ পৰিকল্পনা কৰিছে । ইফালে হামাছে নাগৰিকসকলক আঁতৰি যাবলৈ দিয়া আদেশ উপেক্ষা কৰিবলৈ আহ্বান জনাইছে । কিন্তু গাজাৰ পৰিয়ালবোৰে ঘৰ এৰি যোৱাৰ বাহিৰে আন কোনো বিকল্প নাছিল । কিয়নো তেওঁলোক বাচি থাকিবৰ বাবে কোনো সুৰক্ষিত স্থান নাছিল । ইজৰাইলৰ আক্ৰমণে চুবুৰীয়া অঞ্চলবোৰক ধ্বংসস্তূপত পৰিণত কৰি তুলিছে । আনহাতে, গাজাত খাদ্য, পানী আৰু চিকিৎসা সামগ্ৰীৰ যোগান বন্ধ কৰি দিয়া হৈছে ।

সপ্তাহজোৰা যুদ্ধত গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে শুকুৰবাৰে কয় যে অঞ্চলটোত প্ৰায় ১,৯০০ লোক নিহত হৈছে । ইয়াৰ বিপৰীতে ইজৰাইল চৰকাৰে কয় যে যোৱা শনিবাৰে হামাছৰ আক্ৰমণত ১,৩০০-তকৈও অধিক ইজৰাইলী নিহত হৈছে । ইয়াৰে বেছিভাগেই সাধাৰণ লোক । আনহাতে, যুদ্ধৰ সময়ত প্ৰায় ১,৫০০ হামাছ উগ্ৰপন্থী নিহত হৈছে ।

উল্লেখ্য যে দক্ষিণ ইজৰাইলত হামাছৰ শ শ নাগৰিকৰ হত্যাকাণ্ডৰ প্ৰতিশোধ স্বৰূপে ইজৰাইলৰ চব্বিশ ঘণ্টা ধৰি বোমা বর্ষণৰ পিছত শুকুৰবাৰে ইজৰাইলৰ অভিযানে গাজাত প্ৰৱেশ কৰে । এগৰাকী সামৰিক মুখপাত্ৰই কয় যে ইজৰাইলী স্থলসেনাই অভিযান চলাই আঁতৰি গৈছে । অৱশ্যে সৈন্যবাহিনীৰ এই গতিবিধি প্ৰত্যাশিত স্থল আক্ৰমণৰ আৰম্ভণি যেন লগা নাছিল ।

কিন্তু নাগৰিকক আঁতৰি যাবলৈ দিয়া আদেশটো ইজৰাইলৰ স্থল আক্ৰমণৰ এক প্ৰত্যাশিত সংকেত হিচাপে লোৱা হৈছিল । অৱশ্যে ইজৰাইলৰ তৰফৰ পৰা তেনে কোনো সিদ্ধান্ত ঘোষণা কৰা হোৱা নাই । ইজৰাইলে গাজা সীমান্তত সৈন্যবাহিনী মোতায়েন কৰিছে যদিও স্থল আক্ৰমণৰ বিষয়ে কোনো সিদ্ধান্ত ঘোষণা কৰা হোৱা নাই । ঘন বসতিপূৰ্ণ আৰু দৰিদ্ৰ গাজাত হোৱা আক্ৰমণৰ ফলত দুয়োপক্ষৰ অধিক লোক হতাহত হ'ব পাৰে । আনহাতে, তাৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে শুকুৰবাৰে নিশা এক ভাষণত প্ৰতিজ্ঞা কৰে, আমি হামাছক ধ্বংস কৰিম ।

আনহাতে, হামাছে কৈছে যে ইজৰাইলৰ বিমান আক্ৰমণত ১৩ জন পণবন্দী নিহত হৈছে । লগতে কয় যে নিহতসকলৰ ভিতৰত বিদেশীও আছে । কিন্তু তেওঁলোকৰ নাগৰিকত্ব সন্দৰ্ভত কোনো তথ্য দিয়া নাই । ইজৰাইলৰ সামৰিক মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে এই দাবী অস্বীকাৰ কৰে ।

লগতে পঢ়ক :Israeli attacks on Lebanon : লেবাননত ইজৰাইলী আক্ৰমণত নিহত ৰয়টাৰৰ ফটো সাংবাদিক; আহত ৬

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.