ETV Bharat / international

Dress Code Controversy: পাকিস্তান এয়াৰলাইনছৰ স্পষ্টীকৰণ - Chief HR Officer of PIA

পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইনছক (Pakistan International Airlines) শুকুৰবাৰে এক স্পষ্টীকৰণ দিবলৈ বাধ্য কৰোৱা হয় । উল্লেখ্য, দেশখনৰ ৰাষ্ট্ৰীয় এয়াৰলাইনছটোৱে নিজৰ কেবিন ক্ৰুসকলৰ বাবে জাৰি কৰা এক অদ্ভূত পোছাক বিধিৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হ'বলগা হৈছিল (PIA bizarre dress code for cabin crew) । উক্ত পোছাক বিধিত তেওঁলোকে নিৰ্দেশ দিছিল যে ইউনিফৰ্মৰ তলত অন্তৰ্বাস পিন্ধাটো অতি জৰুৰী ।

pakistan
pakistan
author img

By

Published : Oct 1, 2022, 3:56 PM IST

ইণ্টাৰনেচনেল ডেস্ক, 1 অক্টোবৰ : পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইনছক (Pakistan International Airlines) শুকুৰবাৰে এক স্পষ্টীকৰণ দিবলৈ বাধ্য কৰোৱা হয় । উল্লেখ্য, দেশখনৰ ৰাষ্ট্ৰীয় এয়াৰলাইনছটোৱে নিজৰ কেবিন ক্ৰুসকলৰ বাবে জাৰি কৰা এক অদ্ভূত পোছাক বিধিৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হ'বলগা হৈছিল (PIA bizarre dress code for cabin crew) । উক্ত পোছাক বিধিত তেওঁলোকে নিৰ্দেশ দিছিল যে ইউনিফৰ্মৰ তলত অন্তৰ্বাস পিন্ধাটো অতি জৰুৰী ।

উল্লেখ্য যে বৃহস্পতিবাৰে পিআইএয়ে ইয়াৰ কৰ্মচাৰীসকলক নিৰ্দেশ দিছিল যে ইউনিফৰ্মৰ তলত অন্তৰ্বাস পিন্ধাটো জৰুৰী (Dress code for PIA cabin crew) । তেওঁলোকে ইয়াৰ কাৰণ হিচাবে জনাইছিল যে সঠিক পোছাকৰ অভাৱৰ ফলত "বেয়া প্ৰভাৱ" পৰিব আৰু এয়াৰলাইনছৰ "নেতিবাচক প্ৰতিচ্ছবি" প্ৰদৰ্শিত হ'ব । যাৰ ফলত এই আদেশক অনুপযুক্ত বুলি অভিহিত কৰি বিভিন্ন মহলৰ পৰা ব্যাপকভাৱে সমালোচনা কৰা হয় । পাক সংবাদ মাধ্যম জিঅ' নিউজৰ বাতৰি অনুসৰি, ৰাষ্ট্ৰীয় পৰিবহণ সংস্থাটোৱে এই প্ৰতিক্ৰিয়া লাভ কৰাৰ পিছতে উক্ত বিবৃতি তৎক্ষণাৎ প্ৰত্যাহাৰ কৰে ।

আনহাতে, উক্ত ঘটনাৰ 24 ঘণ্টাৰ পিছত এয়াৰলাইনছটোৱে ঘটনাটোৰ উত্তেজনা কমাবলৈ চেষ্টা কৰি যথেষ্ট সতৰ্কতাৰে এক স্পষ্টীকৰণ প্ৰকাশ কৰে । পিআইএৰ মুখ্য মানৱ সম্পদ বিষয়াই (Chief HR Officer of PIA) এক লিখিত স্পষ্টীকৰণত কয় যে পৰামৰ্শটোৰ অন্তৰ্নিহিত উদ্দেশ্যই সঠিক পোছাক বিধি নিশ্চিত কৰা সত্ত্বেও প্ৰকাশ কৰা বিবৃতিটো অজানিতে শব্দৰ অনুপযুক্ত ব্যৱহাৰেৰে প্ৰকাশ পাইছিল ।

তেওঁ লগতে কয় "মই ব্যক্তিগতভাৱে দুখিত আৰু সম্পূৰ্ণৰূপে নিশ্চিত যে প্ৰকাশিত শব্দৰ পৰিৱৰ্তে এই সন্দৰ্ভত শব্দবোৰ অধিক সভ্য আৰু উপযুক্ত হ'ব লাগিছিল । যিবোৰে দুৰ্ভাগ্যবশতঃ কোম্পানীটোক মানহানিৰ ফালে ট্ৰ'ল কৰিছে" । উল্লেখ্য, পূৰ্বৱৰ্তী অধিসূচনাত পিআইএৰ জেনেৰেল মেনেজাৰ ফ্লাইট ছাৰ্ভিচেছ (PIA General Manager Flight Services) আমিৰ বছিৰে এক আভ্যন্তৰীণ নিৰ্দেশনাত এনেদৰে কৈছিল : "অতি উদ্বেগৰ সৈতে দেখা গৈছে যে কেইজনমান কেবিন ক্ৰুয়ে চহৰৰ ভিতৰত ভ্ৰমণ কৰোঁতে, হোটেলত থকাৰ সময়ত আৰু বিভিন্ন স্থান পৰিদৰ্শন কৰোঁতে পোছাক পিন্ধাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা নাছিল ।"

"এনে ধৰণৰ পোছাকে দৰ্শকৰ ওপৰত এক বেয়া প্ৰভাৱ পেলায় আৰু কেৱল ব্যক্তিয়েই নহয়, সংগঠনটোৰ এক নেতিবাচক প্ৰতিচ্ছবিও চিত্ৰিত কৰে ।" বছিৰে কেবিন ক্ৰুসকলক সঠিক অন্তৰ্বাসৰ ওপৰত ফৰ্মেল পোছাক সঠিকভাৱে পিন্ধিবলৈ কৈ এনেদৰে কয় । উল্লেখ্য, পিআইএ হৈছে পাকিস্তানৰ সৰ্ববৃহৎ বিমান সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান আৰু ইয়াৰ অধীনত 30 খন বিমান আছে । এয়াৰলাইনছটোৱে দৈনিক প্ৰায় 100 খন বিমান পৰিচালনা কৰে । পিআইএয়ে ঘৰুৱাভাৱে 18 টা স্থানত আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে এছিয়া, ইউৰোপ, মধ্য প্ৰাচ্য আৰু উত্তৰ আমেৰিকালৈ 25 টা গন্তব্য স্থানত সেৱা আগবঢ়ায় ।

লগতে পঢ়ক :কাবুলৰ শিক্ষা কেন্দ্ৰত হোৱা আক্ৰমণক গৰিহণা ভাৰতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.