ETV Bharat / international

সন্ত্ৰাসবাদ নিৰ্মূল কৰি দেশত সম্পূৰ্ণ শান্তি আনিব পাকিস্তানে

সন্ত্ৰাসবাদৰ ভাবুকি নিৰ্মূল কৰি দেশত সম্পূৰ্ণ শান্তি অনাৰ প্ৰতিশ্ৰুতি দিছে পাকিস্তানে (Pakistan vowed to eliminate terrorism) ৷ আমেৰিকা, চীন, ৰাছিয়া আদিকে ধৰি সকলো প্ৰধান শক্তিৰ সৈতে আৰু অধিক গভীৰ সম্পৰ্ক স্থাপনৰো পদক্ষেপ লৈছে দেশখনে ৷

author img

By

Published : May 21, 2022, 11:12 AM IST

pak-will-eliminate-terrorism-threat-bring-complete-peace-in-country-fo
সন্ত্ৰাসবাদ নিৰ্মূল কৰি দেশত সম্পূৰ্ণ শান্তি আনিব পাকিস্তানে

ইন্টাৰনেচনেল ডেস্ক, 21 মে’: পাকিস্তানৰ বিদেশ কাৰ্যালয়ে (Foreign Office of Pakistan) প্ৰকাশ কৰিছে যে, দেশখনে সন্ত্ৰাসবাদৰ ভাবুকি নিৰ্মূল কৰি দেশত সম্পূৰ্ণ শান্তি অনাৰ প্ৰতিশ্ৰুতি দিছে (Pakistan vowed to eliminate terrorism) ৷ সংবাদ মাধ্যমক সম্বোধন কৰি বৈদেশিক কাৰ্যালয়ৰ মুখপাত্ৰ আছিফ ইফটিখাৰে কয় যে, '' সন্ত্ৰাসবাদ সমগ্ৰ অঞ্চলটোৰ বাবে এক উমৈহতীয়া ভাবুকি ৷ মই ক’ব পাৰো যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ আমাৰ সংকল্প অটল হৈয়েই আছে । ''

ইয়াৰোপৰি তেওঁ কয়, '' সন্ত্ৰাসবাদৰ ব্যাধিক পৰাস্ত কৰি আমাৰ দেশত শান্তি আৰু স্থিতিশীলতা লাভ কৰাটো নিশ্চিত কৰাৰ বাবে আমি সকলো পথ অনুসৰণ কৰিম ৷ '' বৈদেশিক শক্তিৰ লগত সম্পৰ্ক স্থাপন (Pakistan's foreign policy) সন্দৰ্ভত তেওঁ কয়, '' বৃহৎ শক্তিৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ পাকিস্তানৰ বৈদেশিক নীতি সামঞ্জস্যপূৰ্ণ । আমি আমেৰিকা, চীন, ৰাছিয়া আদিকে ধৰি সকলো প্ৰধান শক্তিৰ সৈতে পাৰস্পৰিক স্বাৰ্থ, পাৰস্পৰিক লাভ আৰু পাৰস্পৰিক সন্মানৰ ওপৰত ভিত্তি কৰি সুষম, বস্তুনিষ্ঠ আৰু প্ৰকৃতাৰ্থত গভীৰ সম্পৰ্ক বিচাৰো ৷''

দেশখনৰ বৈদেশিক মন্ত্ৰী বিলাৱল ভুট্টো জাৰ্দাৰীৰ আমেৰিকা ভ্ৰমণৰ (Visit of Zardari to US ) কাৰণ সন্দৰ্ভত কৰা এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় , '' দুয়োপক্ষৰ ফালৰ পৰা পাৰস্পৰিক ইচ্ছা আছে দুয়ো দেশৰ স্বাৰ্থত সম্পৰ্ক আগবঢ়াই নিয়াৰ, যোগাযোগ গভীৰ কৰি সম্পৰ্কক আৰু অধিক শক্তিশালী কৰাত ।'' এতিয়া, স্বাভাৱিকতেই আশা কৰা হৈছে যে, নেতৃত্বৰ সলনিৰ পিছত বিশ্ব ৰাজনীতিত পাকিস্তানে নিজৰ ভাৱমূৰ্তি সলনি কৰিবলৈ যত্ন কৰিব ৷ অৱশ্যে, এইয়া কিমানদূৰ সক্ষম হয় সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : anil Wickremesinghe takes oath as Sri Lanka PM: সক্ষম হ'বনে শ্ৰীলংকাক সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.