ETV Bharat / international

Kim Jong Un leaves for Russia: ৰাছিয়ালৈ ৰে’লেৰে ৰাওনা কিম জং উন

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 11:51 AM IST

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে ৰাষ্ট্ৰপতি পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব । কিমে ৰাজধানী পিয়ংয়াঙৰ পৰা তেওঁৰ ব্যক্তিগত ৰে'লেৰে যাত্ৰা কৰিছে । বৈঠক ক'ত আৰু কেতিয়া হ'ব স্পষ্ট হোৱা নাই ।

Kim Jong Un leaves for Russia
ৰাছিয়ালৈ ৰাওনা কিম জং উন

ইণ্টাৰনেশ্যনেল ডেস্ক, ১২ ছেপ্টেম্বৰ : জি-২০ বৈঠকৰ সভাপতিত্ব কৰাৰ সময়তে আমেৰিকা, ব্ৰিটেইনকে ধৰি বিশ্বৰ বহু শীৰ্ষ নেতাই ভিৰ কৰিছে ভাৰতত । তেনে সময়তে উত্তৰ কোৰিয়া, ৰাছিয়া আৰু চীনে সম্পৰ্ক শক্তিশালী কৰাত জোৰ দিছে । শেহতীয়াকৈ উত্তৰ কোৰিয়াই অৰ্ধসামৰিক বাহিনীৰ পেৰেড অনুষ্ঠিত কৰাৰ লগতে এইবাৰ ৰাছিয়ালৈ ৰাওনা হৈছে উত্তৰ কোৰিয়াৰ নেতা কিম জং উন ।

তেওঁ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে এক শীৰ্ষ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে । উত্তৰ কোৰিয়াৰ চৰকাৰী কোৰিয়ান চেণ্ট্ৰেল নিউজ এজেঞ্চিয়ে মঙলবাৰে কয় যে কিমে দেওবাৰে আবেলি ৰাজধানী পিয়ংয়াঙৰ পৰা তেওঁৰ ব্যক্তিগত ৰে'লৰে ৰাওনা হয় আৰু তেওঁৰ সৈতে দেশখনৰ শাসকীয় দল, চৰকাৰ আৰু সামৰিক বাহিনীৰ একাংশ সদস্যও উপস্থিত থাকে ।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা ফটোত দেখা গৈছে যে, কিমে নিৰাপত্তাৰক্ষী আৰু সাধাৰণ নাগৰিকৰ ভিৰৰ ওচৰলৈ গৈ হাতত ৰাষ্ট্ৰীয় পতাকা লৈছিল আৰু পিয়ংয়াঙৰ ষ্টেচন এৰি যোৱাৰ পূৰ্বে তেওঁৰ সেউজীয়া আৰু হালধীয়া ৰঙৰ ৰে'লখনৰ পৰা হাত জোকাৰিছিল । কিম জং উনৰ শীৰ্ষ অৰ্থনৈতিক বিষয়া কেবিনেট প্ৰিমিয়াৰ কিম টক হুনকে ধৰি জ্যেষ্ঠ বিষয়াসকলৰ এটা গোট নেতাজনক বিদায় জনায় ।

অৱশ্যে ৰে'লখনে দেশৰ সীমা অতিক্ৰম কৰিছে নে নাই সেয়া স্পষ্ট হোৱা নাই । সোমবাৰে ক্ৰেমলিনৰ ৱেবছাইটত প্ৰকাশ পোৱা এক বিবৃতিত কোৱা হৈছে যে কিম জং উনে পুটিনৰ আমন্ত্ৰণ ৰক্ষা কৰি এই ভ্ৰমণ কৰিছে । অৱশ্যে নেতাসকলে কেতিয়া আৰু ক'ত বৈঠকত মিলিত হ'ব সেয়া প্ৰকাশ কৰা হোৱা নাই । ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্রি পেচকভে কয় যে, পুটিন আৰু কিমে তেওঁলোকৰ প্ৰতিনিধি দলক আলোচনাত নেতৃত্ব দিব আৰু প্ৰয়োজন হ'লে দ্বিপাক্ষিক বৈঠকতো মিলিত হ'ব । বিবৃতি অনুসৰি পুটিনে কিমৰ বাবে এটা আনুষ্ঠানিক নৈশভোজৰো আয়োজন কৰিছে ।

ৰাছিয়াৰ সংবাদ সংস্থাৰ মতে বৈঠকৰ এক সম্ভাৱ্য স্থান হৈছে পূৱ ৰাছিয়াৰ ভ্লাদিভষ্টক চহৰ, য'ত পুটিন সোমবাৰে এখন আন্তৰ্জাতিক মঞ্চত অংশগ্ৰহণ কৰিবলৈ তাত উপস্থিত হৈছিল । পিয়ংয়াঙৰ পৰা প্ৰায় ৪২৫ মাইল উত্তৰত অৱস্থিত এই চহৰখন ২০১৯ চনত কিমৰ সৈতে পুটিনৰ প্ৰথম বৈঠকৰ স্থান আছিল ।

ক'ভিড পৰিস্থিতিৰ পাছত কিমৰ এয়া প্ৰথম বিদেশ ভ্ৰমণ হ'ব । উত্তৰ কোৰিয়া-ৰাছিয়া সীমান্তৰ ওচৰত এছ'চিয়েটেড প্ৰেছৰ সাংবাদিকসকলে উত্তৰ কোৰিয়াৰ সীমান্ত নদীৰ কাষৰ এটা ষ্টেচনত কিমে ব্যৱহাৰ কৰা ৰে'ল প্ৰত্যক্ষ কৰিছে । কিন্তু স্পষ্ট হোৱা নাই যে কিম ৰে'লখনত আছে নে নাই ।

লগতে পঢ়ক :G20 in India : জি২০ সন্মিলনৰ মাজতে উত্তৰ কোৰিয়াৰ অৰ্ধসামৰিক পেৰেড; উপস্থিত চীন-ৰাছিয়াৰ অতিথি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.