ETV Bharat / international

North Korea spy satellite: জুন মাহত উত্তৰ কোৰিয়াই উৎক্ষেপণ কৰিব প্ৰথমটো সামৰিক গুপ্তচৰ উপগ্ৰহ - Spy satellite of North Korea

নিজক সামৰিক শক্তি বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে কিম জং-উনৰ দেশ উত্তৰ কোৰিয়াই ৷ এইবাৰ আমেৰিকাক প্ৰত্যাহ্বান জনাই প্ৰথম সামৰিক গুপ্তচৰ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু হৈছে উত্তৰ কোৰিয়া ৷ সৱিশেষ পঢ়ক এই প্ৰতিবেদনত (Spy satellite of North Korea) ৷

North Korea spy satellite
North Korea spy satellite
author img

By

Published : May 30, 2023, 8:10 AM IST

Updated : May 30, 2023, 1:06 PM IST

নিউজ ডেস্ক, 30 মে’: জুন মাহত উত্তৰ কোৰিয়াই উৎক্ষেপণ কৰিব প্ৰথম সামৰিক গুপ্তচৰ উপগ্ৰহ ৷ ইয়াৰ বাবে ইতিমধ্যেই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে উত্তৰ কোৰিয়াই ৷ উত্তৰ কোৰিয়াৰ এজন জ্যেষ্ঠ সামৰিক বিষয়াৰ উদ্ধৃতি দি ইয়োনহাপ সংবাদ সংস্থাই জনোৱা অনুসৰি পৰিকল্পিত উৎক্ষেপণৰ উদ্দেশ্য হৈছে বাস্তৱ-সময়ৰ ভিত্তিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক পদক্ষেপৰ ওপৰত লক্ষ্য ৰখা (North Korea spy satellite) ৷

উত্তৰ কোৰিয়াই 31 মে'ৰ পৰা 11 জুনৰ ভিতৰত এটা উপগ্ৰহ উৎক্ষেপণৰ পৰিকল্পনাৰ বিষয়ে সদৰী কৰাৰ পাচতেই পোহৰলৈ আহিছে এই তথ্য ৷ এই উপগ্ৰহ উৎক্ষেপণ যুদ্ধৰ তৎপৰতা বৃদ্ধিৰ বাবে এক "অপৰিহাৰ্য" পদক্ষেপ বুলি প্ৰকাশ কৰিছে উত্তৰ কোৰিয়াৰ চৰকাৰী চেণ্ট্ৰেল নিউজ এজেন্সিয়ে ৷

কোৰিয়াই চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ‘‘উত্তৰ কোৰিয়াই প্ৰথমটো সামৰিক গুপ্তচৰ উপগ্ৰহ উৎক্ষেপণৰ বাবে ইতিমধ্যেই সম্পূৰ্ণ সাজু হৈ উঠিছে ৷ ইয়াৰ সফল উৎক্ষেপণৰ বাবে বৰ্তমান উৎক্ষেপণ সঁজুলিসমূহ পৰীক্ষা কৰি থকা হৈছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ বিপজ্জনক সামৰিক কাৰ্যকলাপৰ প্ৰকৃত সময়ত অনুসৰণ, নিৰীক্ষণ, নিয়ন্ত্ৰণ আৰু আগতীয়াকৈ মোকাবিলা কৰাৰ বাবে এই উৎক্ষেপণ অতি অপৰিহাৰ্য (North Korea to launch spy satellite) ৷’’

উত্তৰ কোৰিয়াই এই মাহৰ আৰম্ভণিতে সদৰী কৰিছিল যে তেওঁলোকে এটা ৰকেটৰ ওপৰত ইয়াৰ প্ৰথম সামৰিক নিৰীক্ষণ উপগ্ৰহ উৎক্ষেপণৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি সমাপ্ত কৰিছে আৰু কিম জং-উনে এই পৰিকল্পনাৰ বাবে অনুমোদন দিছে ৷ উল্লেখ্য যে 2021 চনত উত্তৰ কোৰিয়াৰ সামৰিক বাহিনীৰ এক বৈঠকত কিম জং-উনে শক্তিশালী অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰা, আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল প্ৰস্তুত কৰা, পাৰমাণৱিক শক্তিচালিত চাবমেৰিন নিৰ্মাণ কৰা আৰু এটা সামৰিক পুনৰীক্ষণ উপগ্ৰহ নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা কৰিছিল ৷

তাৰেই অংশ স্বৰূপে উত্তৰ কোৰিয়াই এই সামৰিক গুপ্তচৰ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু হৈছে ৷ স্বাভিৱকেই উত্তৰ কোৰিয়াৰ এই সামৰিক তৎপৰতা এতিয়া উদ্বেগৰ বিষয় হৈ পৰিছে আমেৰিকাৰ বাবে ৷

লগতে পঢ়ক: UN Report on Risk of Cholera : বিশ্বজুৰি ১০০ কোটি লোক কলেৰাৰ আশংকাত; ৰাষ্ট্ৰসংঘ

Last Updated : May 30, 2023, 1:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.