ETV Bharat / international

Sudan air crash: ছুডানত বিমান দুৰ্ঘটনাত সেনাসহ মৃত্যু 9 জনৰ, কথমপি প্ৰাণ ৰক্ষা এটি শিশুৰ - Port Sudan airport

সশস্ত্ৰ সংঘাতে 100 দিন সম্পূৰ্ণ কৰা দিনটোতে ছুডানত বিমান দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোৰ ফলত 4 জন সামৰিক জোৱানকে ধৰি 9 জন লোকৰ মৃত্যু হয় ৷ কথমপি প্ৰাণ ৰক্ষা পৰে এটি শিশুৰ ৷ দেওবাৰে সংঘটিত হয় বিমান দুৰ্ঘটনাটো ৷

Sudan air crash
ছুডানত বিমান দুৰ্ঘটনা
author img

By

Published : Jul 24, 2023, 8:25 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 24 জুলাই : ছুডানত সংঘটিত হৈছে এক শোকাৱহ বিমান দুৰ্ঘটনা ৷ বিমান দুৰ্ঘটনাটোৰ ফলত 4 জন সামৰিক জোৱানকে ধৰি 9 জন লোকৰ মৃত্যু হয় ৷ দেওবাৰে সংঘটিত হয় দুৰ্ঘটনাটো ৷ সামাজিক মাধ্যমযোগে দেশখনৰ সেনাৰ সূত্ৰই কয়, "আজি প'ৰ্ট ছুডান বিমানবন্দৰত কাৰিকৰী বিজুতিৰ ফলত এখন অসামৰিক এণ্ট’ন’ভ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়, যাৰ ফলত 4 জন সামৰিক জোৱানকে ধৰি 9 জন লোকৰ মৃত্যু হয় । দুৰ্ঘটনাটোত এটি শিশু মৃত্যুমুখৰ পৰা ৰক্ষা পৰে ।"

উল্লেখ্য যে, দেশখনত বিগত 15 এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল যুদ্ধ ৷ ইতিমধ্যে 100 টা দিন সম্পূৰ্ণ কৰিলে দেশখনৰ সশস্ত্ৰ সংঘাতে ৷ অৱশ্যে বৰ্তমান পৰ্যন্ত দেশখনলৈ শান্তি ঘূৰায় আনিবলৈ সক্ষম হোৱা নাই মধ্যস্থাতাকাৰী শক্তিবোৰে ৷

উল্লেখ্য যে, 15 এপ্ৰিলত সেনা আৰু অৰ্ধসামৰিক ৰেপিড ছাপৰ্ট ফৰ্চ (আৰ এছ এফ)ৰ মাজত ক্ষমতাৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সময়তে এই যুদ্ধৰ সূচনা হয় । তেতিয়াৰ পৰাই 30 লাখতকৈ অধিক লোকক দেশ এৰি পলাবলৈ বাধ্য কৰোৱা হৈছে ৷ চুবুৰীয়া দেশলৈ পলায়ন কৰা লোকৰ সংখ্যা 7 লাখতকৈ অধিক বুলি জানিবলৈ পৰা গৈছে । স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিয়া অনুসৰি, 1136 জন লোকৰ মৃত্যু হৈছে যদিও বিষয়াসকলে এই সংখ্যা অধিক হ’ব বুলি দাবী কৰে ।

এই সংঘাতৰ ফলত বিপদাপন্ন হৈ পৰিছে সাধাৰণ জীৱন যাত্ৰা ৷ পশ্চিম চাদৰ ৰাজধানী তথা চাদৰ সমীপৰ এল-জেনেইনাকে ধৰি পশ্চিম দাৰফুৰত স্নাইপাৰে মানুহক লক্ষ্য কৰি লোৱাৰ খবৰ আৰ্ন্তজাতিক সংবাদ মাধ্যমযোেগে পোৱা গৈছে ৷ প্ৰাণৰ মমতাত লাখ লাখ নাগৰিকে সীমান্ত পাৰ হৈছে নিৰাপদ স্থানৰ সন্ধানত ।

দাৰফুৰ বাৰ এছ’চিয়েশ্যনে কমেও এজন লোকক স্নাইপাৰৰ দ্বাৰা হত্যা কৰা হৈছে বুলি কয় । উল্লেখ কৰা প্ৰয়োজন যে, বিগত 8 জুলাইত দেশখনত হোৱা গোলাবৰ্ষণত কমেও 22 জন লোক নিহত হয় আৰু বহু লোক আহত হয় ৷

লগতে পঢ়ক : Manipur Violence : অসমত আশ্ৰয় গ্ৰহণ 15 টা মেইটেই পৰিয়ালৰ; অধিক লোক অহাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.