ইণ্টাৰনেশ্যনেল ডেস্ক,১৬ অক্টোবৰ : ইজৰাইল আৰু হামাছৰ সংঘৰ্ষৰ ফলত গাজাৰ একাংশ সাধাৰণ নাগৰিক দিশহাৰা হৈ পৰিছে । চুবুৰীয়া দেশসমূহত আশ্ৰয় বিচাৰিছে গৃহহীন লোকসকলে । কিন্তু একাংশ দেশে গাজাৰ শৰণাৰ্থীসকলক আশ্ৰয় দিয়াত অৱহেলা কৰাৰ খবৰ পোৱা গৈছে । তাৰ মাজতে সেই ইছলামিক দেশসমূহ তীব্ৰ সমালোচনা কৰিছে আমেৰিকাৰ ৰিপাব্লিকান পাৰ্টীৰ সম্ভাব্য ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী নিকি হেলীয়ে । তেওঁ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ'বামা আৰু ৰাষ্ট্ৰপতি জ' বাইডেনকো ইৰাণৰ পাৰমাণৱিক চুক্তিক লৈ সমালোচনা কৰে ।
তেওঁ উল্লেখ কৰা মতে সকলোৱে পেলেস্তাইনী নাগৰিক বিশেষকৈ নিৰীহ লোকসকলৰ বিষয়ে চিন্তা কৰা উচিত । কিন্তু এই ক্ষেত্ৰত ইছলামিক দেশ বিশেষকৈ আৰৱ দেশবোৰ, কাটাৰ, লেবানন, জৰ্ডান আৰু ইজিপ্ত ক'ত আছে বুলি তেওঁ প্ৰশ্ন কৰে । নিকি হেলীয়ে কোৱা মতে আমেৰিকাই ইজিপ্তক বছৰি এক বিলিয়ন ডলাৰৰ অধিক দি আহিছে । কিন্তু তেওঁলোকে নিৰীহ পেলেষ্টাইনীসকলক কিয় আশ্ৰয় দিয়া নাই বুলি তেওঁ প্ৰশ্ন কৰে । তেওঁ অভিযোগ কৰা মতে আৰৱ দেশবোৰে পেলেষ্টাইনীসকলক সহায় কৰিবলৈ একো কৰা নাই ।
হেলীয়ে অনুমান কৰা মতে এই ইছলামিক দেশবোৰে আমেৰিকাক দোষাৰোপ কৰিব । সেই দেশবোৰে বিচাৰিলে সকলো ঠিক কৰিব পাৰে যদিও আমেৰিকা আৰু ইজৰাইলক দোষাৰোপ কৰিব বুলি তেওঁ অনুমান কৰে । ইচ্ছা কৰিলে সেই দেশবোৰে হামাছক দেশৰ পৰা বাহিৰ কৰিব পাৰে কিন্তু সেয়া নকৰে ।
হেলীয়ে অভিযোগ কৰা মতে ইয়াৰ বিপৰীতে কাটাৰে হামাছ আৰু তেওঁলোকৰ নেতৃত্বৰ সৈতে কাম কৰি যাব । ইৰাণে এই সকলোবোৰৰ বাবে পুঁজি যোগান ধৰি থাকিব । লগতে সেই আৰৱ দেশবোৰ এই ক্ষেত্ৰত নীৰৱ হৈ থাকিব । হেলীয়ে অভিযোগ কৰা মতে হামাছে সেই দেশবোৰক এৰি নিদিবলৈ যিমান পাৰে সকলো কৰিব । তেওঁলোকে সেইবোৰক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰিব বিচাৰে বুলিও অভিযোগ কৰে ।
ৰাষ্ট্ৰসংঘত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰদূত হেলীয়ে অভিযোগ কৰিছে যে ইৰাণৰ শাসনে হামাছক সহায় কৰিবলৈ যি কৰি আছে সেয়া ভয়ানক । কিন্তু অতীতলৈ ঘূৰি চালে দেখা যাব যে বিডেনে বা প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে ইৰাণ চুক্তিৰ জৰিয়তে সেই সংগঠনবোৰক একপ্ৰকাৰ সহায় কৰিছে । তেওঁৰ অভিযোগ অনুসৰি আমেৰিকাই ইৰাণক হামাছক শক্তিশালী কৰিবলৈ, হিজবুল্লাহক শক্তিশালী কৰিবলৈ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ শক্তিশালী কৰিবলৈ ক্ষমতা প্ৰদান কৰিছিল ।
লগতে পঢ়ক :Joe Biden considering trip to Israel : ইজৰাইল ভ্ৰমণৰ পৰিকল্পনা ৰাষ্ট্ৰপতি বাইডেনৰ !