ETV Bharat / international

Miracle surgery in Ukraine: সৈনিকৰ বুকুৰ পৰা সজীৱ গ্ৰেনেড আঁতৰালে চিকিৎসকে

author img

By

Published : Jan 11, 2023, 6:28 PM IST

ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধৰ মাজতে এক আশ্চৰ্যকৰ ঘটনা পোহৰলৈ আহিছে । এগৰাকী চিকিৎসকে এজন সৈনিকৰ বুকুৰ পৰা অস্ত্ৰোপচাৰ কৰি এটি সজীৱ গ্ৰেনেড আঁতৰাবলৈ সক্ষম হৈছে (Ukrainian surgeon miracle operation) । অস্ত্ৰোপচাৰটো যথেষ্ট বিপজ্জনক আছিল । কিয়নো গ্ৰেনেডটো যিকোনো সময়তে বিস্ফোৰণ হোৱাৰ সম্ভাৱনা আছিল ।

Ukraine
Ukraine

ইণ্টাৰনেচনেল ডেস্ক, ১১ জানুৱাৰী : ইউক্ৰেইনৰ এজন শৈল্য চিকিৎসকে দেশখনৰ বাখমুট অঞ্চলত যুদ্ধৰ সময়ত এজন সৈনিকৰ বুকুত সোমোৱা এটা সজীৱ গ্ৰেনেড আঁতৰাই (surgeon removes live grenade from soldiers chest) এক আশ্চৰ্যকৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে (Ukrainian doctor performed miracle surgery) । শল্য চিকিৎসক এণ্ড্ৰি ভাৰ্বায়ে যিকোনো মুহূৰ্তত গ্ৰেনেডটো বিস্ফোৰণ ঘটিব পাৰে বুলি জনাৰ পিছতো এই বিপজ্জনক অস্ত্ৰোপচাৰটো কৰিবলৈ আগবাঢ়ি গৈছিল (Ukrainian surgeon removes live grenade) ।

"হৃদযন্ত্ৰৰ প্ৰতিটো আঘাত মাৰাত্মক নহয় ! সামৰিক চিকিৎসকসকলে এজন জোৱানৰ শৰীৰৰ পৰা এটা অবিস্ফোৰিত ভিঅ'জি গ্ৰেনেড (VOG grenade) আঁতৰাবলৈ এটা অস্ত্ৰোপচাৰ কৰিছিল । চিকিৎসাকৰ্মীসকলৰ সুৰক্ষা নিশ্চিত কৰা দুজন বিশেষজ্ঞৰ উপস্থিতিত গ্ৰেনেডটো সুকলমে আঁতৰোৱা হৈছিল (Military doctors remove unexploded VOG grenade) ।" ইউক্ৰেইনৰ প্ৰতিৰক্ষা উপমন্ত্ৰী হান্না মালিয়াৰে মঙলবাৰে এক ফেচবুক পোষ্টত এনেদৰে কয় ।

মন্ত্ৰীগৰাকীয়ে কয় যে ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীৰ এজন অভিজ্ঞ শল্য চিকিৎসক (surgeons of Armed Forces of Ukraine) এণ্ড্ৰি ভাৰ্বাই ইলেক্ট্ৰ'কোৱাগুলেচন (electrocoagulation) অবিহনে এই অস্ত্ৰোপচাৰ সম্পন্ন কৰে । কিয়নো গ্ৰেনেডটো যিকোনো মুহূৰ্তত বিস্ফোৰণ হোৱাৰ সম্ভাৱনা আছিল । "অস্ত্ৰোপচাৰ কাৰ্য সফল হৈছে আৰু আঘাতপ্ৰাপ্ত সুৰক্ষাকৰ্মীজনক অধিক সুস্থতা আৰু স্বাস্থ্য পুনৰুদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হৈছে ।" মন্ত্ৰীগৰাকীয়ে লগতে কয় (removes live grenade from soldiers chest) ।

এক প্ৰতিবেদন অনুসৰি, গ্ৰেনেডটো এটা এছল্ট ৰাইফলৰ সৈতে সংলগ্ন গ্ৰেনেড লঞ্চাৰৰ পৰা নিক্ষেপ কৰা হৈছিল । বিস্ফোৰণৰ আশংকাৰ বাবে আন দুজন সৈনিকৰ সংগত অস্ত্ৰোপচাৰ কৰা হৈছিল । ইলেক্ট্ৰ'কোৱাগুলেচন হৈছে অস্ত্ৰোপচাৰৰ প্ৰক্ৰিয়া, যাক ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰিবলৈ আৰু অস্বাভাৱিক কোষকলা ধ্বংস কৰিবলৈ তাপ ব্যৱহাৰ কৰে । কিন্তু উক্ত অস্ত্ৰোপচাৰটোত সেয়া ব্যৱহাৰ কৰিব নোৱাৰি, কিয়নো ই গ্ৰেনেডটো বিস্ফোৰণ ঘটাব পাৰে ।

উল্লেখ্য, ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ অব্যাহত ৰাখি (Russia continues invasion in Ukraine) আৰু আন ৫,০০,০০০ সৈন্য প্ৰেৰণ কৰিববলৈ বিবেচনা কৰি থকাৰ সময়তে উক্ত আশ্চৰ্যজনক অস্ত্ৰোপচাৰটো কৰি সজীৱ গ্ৰেনেডটো আঁতৰোৱা হৈছে । ৰাছিয়ান সৈন্যই বাখমুটৰ পৰা পাঁচ মাইল উত্তৰ-পূবত থকা এখন সৰু নিমখ খনন চহৰ চোলেচাৰৰ ওপৰত তেওঁলোকৰ আক্ৰমণ বৃদ্ধি কৰিছে । উক্ত স্থানত যুদ্ধ বিশেষভাৱে অতি নিৰ্মম আছিল । যাৰ ফলত ইউক্ৰেইনে ৰাছিয়াৰ আক্ৰমণৰ মোকাবিলা কৰিবলৈ অধিক শক্তি প্ৰেৰণ কৰিবলৈ বাধ্য হৈছে ।

ইফালে এই অস্ত্ৰোপচাৰটোৰ সফলতাত নেটিজেনসকল আচৰিত হৈ পৰিছে আৰু সকলোৱে শল্য চিকিৎসকজনৰ প্ৰশংসা কৰিছে । "ভগৱানৰ আশীৰ্বাদ ! তেওঁ সঁচাকৈয়ে এজন দয়াশীল ভগৱান ! শল্য চিকিৎসকজনৰ হাতক পথ প্ৰদৰ্শন কৰাৰ বাবে প্ৰিয় ভগৱানক ধন্যবাদ ।" এজন ছচিয়েল মিডিয়া ইউজাৰে এনেদৰে লিখিছে । আন এজনে কৈছে : "ভগৱানে এই চিকিৎসকজনক সুৰক্ষা দিয়ক যাতে তেওঁ তেওঁৰ দৰে অধিক চিকিৎসক পঠিয়াব পাৰে । ভগৱানে ইউক্ৰেইনৰ লোকসকলক আশীৰ্বাদ কৰক ।"

আন এজন ইউজাৰে এইদৰে লিখিছে : "এনে দুৰ্দশাত তাত থকা সকলোৱে কিমান আশ্চৰ্যজনক আৰু এনে ধৰণৰ সাহসী কাৰ্য কৰিছে । সেই পৰিৱেশত তীখাৰ দৰে স্নায়ুতন্ত্ৰ এক স্থিৰ হাতৰ প্ৰয়োজন । কল্পনা কৰিব নোৱাৰি যে এয়া কেনেকুৱা অনুভৱ হৈছে । কেৱল ইজনে সিজনৰ ওপৰত ৰখা বিশ্বাস আৰু দৃঢ়তাৰ দ্বাৰা কি কৰিব পাৰি এয়া তাৰ নিদৰ্শন । অতি সাহসিক ! মোৰ প্ৰাৰ্থনা সদায় আপোনাৰ সৈতে থাকিব ।"

লগতে পঢ়ক :Bagh Hazarika Controversy : প্ৰসংগ বাঘ হাজৰিকা: খিলঞ্জীয়া মুছলমান সমাজৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.