ইণ্টাৰনেশ্যনেল ডেস্ক, ২৬ মাৰ্চ : মুখামুখি সংঘৰ্ষৰ পৰা কোনোমতে ৰক্ষা পৰিল দুখন বিমান । আকাশমাৰ্গতে সংঘটিত হ'লহেঁতেন ভয়ংকৰ দুৰ্ঘটনা । অৱশ্যে সঠিক সময়ত সতৰ্কবাণী লাভ কৰি পাইলটে এই দুৰ্ঘটনা প্ৰতিহত কৰিবলৈ সক্ষম হ'ল । জানিব পৰা মতে বিমান দুখনৰ ভিতৰত এখন আছিল এয়াৰ ইণ্ডিয়াৰ আৰু আনখন নেপাল এয়াৰলাইনছৰ (India and Nepals planes saved from crash)।
নেপালৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই এয়াৰ ট্ৰেফিক নিয়ন্ত্ৰক বিভাগৰ দুগৰাকী কৰ্মচাৰীক তেওঁলোকৰ অসাৱধানতাৰ বাবে ইতিমধ্যে নিলম্বন কৰিছে (2 air traffic controllers suspended in Nepal)। বিভাগৰ মুখপাত্ৰ জগন্নাথ নিৰোলাই এই সন্দৰ্ভত বিজ্ঞপ্তি প্ৰকাশ কৰিছে । তেওঁ জনোৱা মতে শুকুৰবাৰে পুৱা মালয়েছিয়াৰ কুৱালালামপুৰৰ পৰা কাঠমাণ্ডুলৈ অহা নেপাল এয়াৰলাইনছৰ এখন বিমান আৰু নতুন দিল্লীৰ পৰা কাঠমাণ্ডুলৈ গৈ থকা এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ সৈতে প্ৰায় মুখামুখি হৈছিল ।
নিৰোলাই জনোৱা মতে এয়াৰ ইণ্ডিয়াৰ বিমানখন ১৯,০০০ ফুট উচ্চতাৰ পৰা নামি আহিছিল আৰু একে সময়তে নেপাল এয়াৰলাইনছৰ বিমানখন সেই স্থানত ১৫,০০০ ফুট উচ্চতাত আছিল । দুয়োখন বিমান একেবাৰে ওচৰলৈ যোৱাটো ৰাডাৰত দেখুৱাইছিল । লগে লগে নেপাল এয়াৰলাইনছৰ বিমানখন ৭,০০০ ফুট তললৈ নামি আহে ।
অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই বিষয়টো অনুসন্ধান কৰিবলৈ তিনিজনীয়া তদন্ত সমিতি গঠন কৰিছে । ঘটনাটোৰ সময়ত নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত থকা বিষয়া দুগৰাকীক নিলম্বন কৰিছে বিভাগে । অৱশ্যে এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে কোনো স্পষ্টীকৰণ দিয়া হোৱা নাই ।
ইফালে নেপালৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই ঘটনাটোত জড়িত এয়াৰ ইণ্ডিয়াৰ পাইলটসকলক নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে আৰু অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়লৈ এই সন্দৰ্ভত এখন পত্ৰ লিখিছে (CAAN wrote to DGCA India)। নেপালৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই এই সিদ্ধান্তৰ বিষয়ে ভাৰতীয় আয়োগলৈও পত্ৰ লিখিছে ।
আনহাতে কাঠমাণ্ডুত অৱতৰণ কৰাৰ পাছতে নেপালৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই ঘটনাটোক লৈ বিমান কৰ্মচাৰীসকলক সোধা-পোছা কৰিছে । পাইলট-ইন-কমাণ্ডেও তেওঁলোকৰ ভুল স্বীকাৰ কৰিছে আৰু ইয়াৰ বাবে ক্ষমা বিচাৰিছে । পাইলটসকলৰ লগতে কাঠমাণ্ডু টাৱাৰত কৰ্তব্যৰত ৩ গৰাকী এয়াৰ ট্ৰেফিক কণ্ট্ৰোলাৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে । অৱশ্যে বিমান কেইখনত কিমান যাত্ৰী আছিল সেই বিষয়ে এতিয়ালৈ জানিব পৰা হোৱা নাই ।
লগতে পঢ়ক :India Iraq NSA Meet : প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিত সন্মত ভাৰত আৰু ইৰাক