ETV Bharat / international

গীৰ্জাৰ ভিতৰত জীৱন্তে অগ্নিদগ্ধ হৈ 41 গৰাকীৰ মৃত্যু, 55 গৰাকীৰ অৱস্থা সংকটজনক

author img

By

Published : Aug 14, 2022, 6:53 PM IST

কায়ৰোস্থিত আবু চেইফাইনৰ কপ্টিক অৰ্থোডক্স গীৰ্জাত দেওবাৰে পুৱা প্ৰায় 9.00 বজাত (কায়ৰোৰ সময় অনুসৰি)প্ৰাৰ্থনা কৰি থকাৰ সময়তে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ((Massive fire at Cairo Egypt 41 killed)) ৷ এই ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ 41 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 55 গৰাকী লোকক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

Etv Bharat
Etv Bharat

ইণ্টাৰনেশ্যনেল ডেস্ক, 14 আগষ্ট: ইজিপ্তৰ কায়ৰোত সংঘটিত হৈছে ভয়ংকৰ অঘটন (Massive fire at Cairo Egypt 41 killed)৷ কায়ৰোস্থিত আবু চেইফাইনৰ কপ্টিক অৰ্থোডক্স গীৰ্জাত দেওবাৰে পুৱা প্ৰায় 9.00 বজাত (কায়ৰোৰ সময় অনুসৰি)প্ৰাৰ্থনা কৰি থকাৰ সময়তে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ 41 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 55 গৰাকী লোকক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

অসামৰিক সুৰক্ষা কৰ্তৃপক্ষৰ তত্বাৱধানকাৰী আভ্যন্তৰীণ মন্ত্ৰালয়ে এই সন্দৰ্ভত কয় যে বৈদ্যুতিক ত্ৰুটিৰ ফলত গীৰ্জাৰ ভৱনৰ দ্বিতীয় মহলাত থকা এয়াৰ কণ্ডিচনাৰত জুই লাগিছিল, য'ত কেইবাটাও কোঠাত চকুৰ পচাৰতে জুই বিয়পি গৈছিল ৷ সামাজিক মাধ্যমত গীৰ্জাৰ ভিতৰত আৱদ্ধ হৈ থকা লোকসকল মৰণকাতৰ চিঞৰৰ ভিডিঅ’ কোনো লোকে শ্বেয়াৰ কৰিছিল ৷

লগে লগে ঘটনাস্থলীত আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল উপস্থিত হয় ৷ দুৰ্ভাগ্যৱশতঃ জুই নুমুওৱালৈ 41 গৰাকী লোক গীৰ্জাটোৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হয় ৷ ইফালে সামাজিক মাধ্যমত প্ৰচাৰ হোৱা ভিডিঅ’ প্ৰত্যক্ষ কৰি প্ৰত্যক্ষদৰ্শীয়ে কৈছিল যে ভুক্তভোগীসকলৰ মাজত বহুসংখ্যক শিশুও আছিল ৷

ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল-চিচিয়ে (President Abdel Fattah al-Sisi ) ফেচবুকযোগে এক পোষ্ট শ্বেয়াৰ কৰে যে "এই ঘটনাৰ সন্দৰ্ভত যাতে সকলো ব্যৱস্থা গ্ৰহণ কৰা হয় সেইবাবে মই সকলো ৰাজ্যিক সেৱা একৰ্তিত কৰিবলৈ চেষ্টা কৰিছো ৷ মই এই শোকাৱহ দুৰ্ঘটনাটোৰ ঘটনাৱলী তন্ন তন্নকৈ অনুসৰণ কৰি আছো... আৰু মই সকলো সংশ্লিষ্ট ৰাজ্যিক প্ৰতিষ্ঠানক সকলো প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছো আৰু এই ঘটনা আৰু ইয়াৰ প্ৰভাৱৰ মোকাবিলা কৰিবলৈ আৰু আহতসকলক স্বাস্থ্যসেৱাৰ সকলো দিশ প্ৰদান কৰিবলৈ তৎক্ষণাৎ নিৰ্দেশ দিছো ৷"

উল্লেখ্য যে কপ্ট হৈছে মধ্য প্ৰাচ্যৰ সৰ্ববৃহৎ খ্ৰীষ্টান সম্প্ৰদায় ৷ ইজিপ্তৰ 103 নিযুত বাসিন্দাৰ ভিতৰত এওঁলোকৰ 10 নিযুত বাসিন্দা বসবাস কৰি আহিছে ৷ ইয়াৰ পূৰ্বে বহু সময়ত সংখ্যালঘুসকলে আক্ৰমণৰ সন্মুখীন হৈছে এই কপ্টিক সম্প্ৰদায়ৰ লোকসকল ৷

এতিয়াও এই ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ অহা নাই ৷ এই অগ্নিকাণ্ডৰ ঘটনাত 5 গৰাকী আৰক্ষীও আহত হৈছে ৷ ঘটনা সন্দৰ্ভত প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: মৃত্যুৰে যুঁজিছে ছলমান ৰুশ্বডিয়ে, উদ্বিগ্ন বিশ্বৰ সাহিত্যজগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.