ETV Bharat / international

নাইজেৰিয়াত শোকাৱহ ঘটনা: নাও দুৰ্ঘটনাত নিহত ৭৬ গৰাকী লোক - নাইজেৰিয়াত শোকাৱহ ঘটনা

নাইজেৰিয়াৰ আনামব্ৰাত শোকাৱহ ঘটনা ৷ নাও দুৰ্ঘটনাত নিহত অতিকমেও ৭৬ গৰাকীকৈ লোক ৷ দেওবাৰে সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ৷

many-people-killed-in-nigeria-boat-accident
নাইজেৰিয়াত শোকাৱহ ঘটনা: নাও দুৰ্ঘটনাত নিহত ৭৬ গৰাকী লোক
author img

By

Published : Oct 10, 2022, 6:37 AM IST

Updated : Oct 10, 2022, 8:31 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 10 অক্টোবৰ: নাইজেৰিয়াৰ আনামব্ৰাত শোকাৱহ ঘটনা ৷ নাইজেৰিয়াৰ আনামব্ৰাৰ অকবাৰু অঞ্চলত দেওবাৰে হঠাৎ ফেনে ফুটুকাৰে বাঢ়ি আহে নদীৰ পানী ৷ ফলত ৮৫ গৰাকী যাত্ৰী কঢ়িয়াই অনা এখন নাও বানত উটি যোৱাৰ ফলত কমেও ৭৬ গৰাকী লোকৰ মৃত্যু হয় (Nigeria boat accident)। ইতিমধ্যে নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি মহম্মদু বুহাৰীয়ে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে (Muhammadu Buhari expressed sadness over boat accident)।

নাইজেৰিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে টুইটাৰ যোগে জনোৱা মতে, ৰাজ্যখনৰ অগবাৰু অঞ্চলত হঠাৎ বৃদ্ধি পোৱা পানীৰ ফলত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় ৷ যাৰ বাবে ৮৫ গৰাকী যাত্ৰী কঢ়িয়াই অনা এখন নাও উটি যোৱাৰ ফলত ৭৬ গৰাকী লোকৰ মৃত্যু হয় ।

ইফালে এই দুৰ্ঘটনাৰ পিছতে নাইজেৰিয়া চৰকাৰে ক্ষিপ্ৰতৰে চলাই গৈছে উদ্ধাৰ অভিযান । নাইজেৰিয়াৰ আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষ @WaterwaysNG আৰু ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাপনা সংস্থা @nemanigeria এ ক্ষিপ্ৰতৰে উদ্ধাৰ অভিযান অব্যাহত ৰখা বুলি উল্লেখ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে । আনহাতে সংশ্লিষ্ট সংস্থাসমূহক এই নাওখনৰ সুৰক্ষা ব্যৱস্থা পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে ৰাষ্ট্ৰপতি মহম্মদু বুহাৰীয়ে ।

ৰাষ্ট্ৰপতিগৰাকীয়ে নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ জ্ঞাপন কৰে সমবেদনা ৷

লগতে পঢ়ক: ভেনিজুৱেলাত শোকাৱহ ঘটনা: বান আৰু ভূমিস্খলনত ২২ জনৰ মৃত্যু

Last Updated : Oct 10, 2022, 8:31 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.