ETV Bharat / international

Afghanistan earthquake : আফগানিস্তানত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 8:26 AM IST

Updated : Oct 11, 2023, 9:53 AM IST

আফগানিস্থানত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত ৷ ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৬.৩ । ইয়াৰ পূৰ্বে শনিবাৰে এটা প্ৰৱল ভূমিকম্পই জোঁকাৰি গৈছিল আফগানিস্তানক ।

Afghanistan earthquake
আফগানিস্তানত পুনৰ ভূমিকম্পৰ জোকাৰণি

ইন্টাৰনেশ্যনেল ডেস্ক, ১১ অক্টোবৰ: বুধবাৰে পুৱা পুনৰ এক শক্তিশালী ভূমিকম্পই জোকাৰি যায় উত্তৰ-পশ্চিম আফগানিস্তানক ৷ জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ’ছায়েন্সেছৰ (জিএফজেড) তথ্য মতে, ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৬.৩ । হেৰাট প্ৰদেশৰ ৰাজধানীৰ বাহিৰত প্ৰায় ২৮ কিলোমিটাৰ দূৰত্বত এই ভূমিকম্পটো সংঘটিত হৈছিল ৷ গৱেষণা কেন্দ্ৰটোৱে প্ৰকাশ কৰা অনুসৰি ভূমিকম্পৰ গভীৰতা আছিল ১০.০ কিলোমিটাৰ । ভূমিকম্প কেন্দ্ৰবিন্দু আছিল প্ৰাদেশিক ৰাজধানীৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ (২৫ মাইল) উত্তৰ-পশ্চিমত ।

আজি পুৱা প্ৰায় ০৬:১১ বজাত (IST) বজাত এই ভূমিকম্পটো অনুভূত হয় ৷ বৰ্তমানলৈ ভূমিকম্পত কোনো লোক হতাহত হোৱা তথা ক্ষয়ক্ষতিৰ কথা জানিব পৰা হোৱা নাই ৷ উল্লেখ্য যে, আফগানিস্তানত এইটো সপ্তাহটোৰ দ্বিতীয় ভূমিকম্প । ইয়াৰ পূৰ্বে শনিবাৰে এটা প্ৰৱল ভূমিকম্পই জোঁকাৰি গৈছিল আফগানিস্তানক । এই ভূমিকম্পত নিহতৰ সংখ্যাই ২,০০০ অতিক্ৰম কৰিছে । যোৱা দুটা দশকৰ ভিতৰত এইটো দেশখনত হোৱা আটাইতকৈ ভয়ংকৰ ভূমিকম্প হিচাপে চিহ্নিত হৈছে ।

উক্ত ভূমিকম্পৰ ফলত মৃত্যুৰ সংখ্যা মূল তথ্যতকৈ বহু বেছি হ’ব বুলি আশংকা কৰা হৈছে ৷ তালিবান নেতৃত্বাধীন আফগানিস্তানৰ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰালয়ে জনোৱা মতে, হেৰাটৰ ২০খন গাঁৱৰ ১৯৮৩টা ঘৰ ধ্বংস হৈছে । হেৰাটৰ ভূমিকম্পৰ ফলত মৃত্যু হোৱা আৰু আহত হোৱা লোকৰ সংখ্যা এতিয়াও প্ৰকাশ কৰা নাই তালিবানে ।

যাৰ বাবে আজি ভূমিকম্পটো অনুভূত হোৱাৰ পাচত জনসাধাৰণৰ মাজত যথেষ্ট আতংকৰ সৃষ্টি হৈছে । ভূমিকম্প অনূভূত হোৱাৰ লগে লগে সকলো ৰাজপথলৈ ওলাই আহে আৰু তেওঁলোকক আতংকিত দেখা গৈছিল ৷

লগতে পঢ়ক: Afghanistan earthquake : আফগানিস্তানত শক্তিশালী ভূমিকম্প, ২০০০ৰো অধিক লোকৰ মৃত্যু

Last Updated : Oct 11, 2023, 9:53 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.