ETV Bharat / international

Zelenskyy on Russian Attack : ৰাছিয়াই শীঘ্ৰেই প্ৰতিক্ৰিয়ামূলক পদক্ষেপ গ্ৰহণ কৰিব; জেলেনস্কি

author img

By

Published : May 14, 2023, 3:18 PM IST

জেলেনস্কিয়ে কয় যে ইউক্ৰেইন বাহিনীয়ে অতি গুৰুত্বসহকাৰে প্ৰস্তুতি চলাই আছে । "নিশ্চিতভাৱে অতি গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব । মই আপোনালোকক কেতিয়া হ'ব ক'ব নোৱাৰো, কিন্তু আপোনালোকে নিশ্চিতভাৱে সেয়া দেখিব আৰু ৰাছিয়াই অতি গুৰুতৰভাৱে ইয়াৰ অনুভৱ কৰিব ।" তেওঁ কয় (Ukraine counter offensive soon against Russia) ।

Zelenskyy on Russian Attack
Zelenskyy on Russian Attack

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৪ মে' : ৰাছিয়ান বাহিনীৰ বিৰুদ্ধে সামৰিক প্ৰতিক্ৰিয়াৰ প্ৰথম গুৰুত্বপূৰ্ণ পদক্ষেপ শীঘ্ৰেই লোৱা হ'ব (Zelenskyy threatend Russia) । এই কথা প্ৰকাশ কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কয় যে তেওঁ নিজৰ দেশক অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰা ইউৰোপীয় অংশীদাৰসকলৰ সৈতে সাক্ষাৎ কৰিছে । চিএনএনৰ প্ৰতিবেদনত এই কথা প্ৰকাশ (Ukrainian President Volodymyr Zelenskyy) ।

ইটালীৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনিৰ সৈতে অনুষ্ঠিত বৈঠকৰ পিচত ৰোমত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জেলেনস্কিয়ে কয় যে ইউক্ৰেইনৰ বাহিনীয়ে 'অতি গুৰুত্বসহকাৰে প্ৰস্তুতি চলাই আছে' । "নিশ্চিতভাৱে অতি গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব (Ukraine counter offensive soon gainst Russia) । মই আপোনালোকক কেতিয়া হ'ব ক'ব নোৱাৰো, কিন্তু আপোনালোকে নিশ্চিতভাৱে সেয়া দেখিব আৰু ৰাছিয়াই অতি গুৰুতৰভাৱে ইয়াৰ অনুভৱ কৰিব ।" তেওঁ কয় । জেলেনস্কিয়ে লগতে কয়, "আমি বিজয়ত বিশ্বাস কৰোঁ আৰু বিশ্বাস কৰোঁ যে প্ৰথম গুৰুত্বপূৰ্ণ পদক্ষেপ শীঘ্ৰেই লোৱা হ'ব (Ukrain Russia war) ।"

উল্লেখ্য, বিগত সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিমীয়া সামৰিক বিষয়াসকলে চিএনএনৰ আগত প্ৰকাশ কৰিছিল যে ইউক্ৰেইনৰ বাহিনীয়ে প্ৰতিক্ৰিয়া প্ৰকাশৰ পূৰ্বে অভিযানক 'আকাৰ' দিবলৈ আৰম্ভ কৰিছে । সেনাবাহিনীৰ বাবে যুদ্ধক্ষেত্ৰ প্ৰস্তুত কৰা, অস্ত্ৰ ভাণ্ডাৰ, কমাণ্ড পোষ্ট, আৰ্টিলাৰী প্ৰণালীৰ দৰে লক্ষ্যত আক্ৰমণ কৰা বিষয়বোৰ অন্তৰ্ভুক্ত আছে । যুটীয়া কাৰ্যকলাপৰ পূৰ্বে কৰা এইটো এক গুৰুত্বপূৰ্ণ ষ্টেণ্ডাৰ্ড কৌশল বুলি চিএনএনৰ প্ৰতিবেদনত প্ৰকাশ ।

শনিবাৰে জেলেনস্কিৰ সৈতে এক দীঘলীয়া আৰু ফলপ্ৰসূ আলোচনাৰ পিচত ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনিয়ে ইউক্ৰেইনৰ প্ৰতি নিৰন্তৰ সমৰ্থন জনোৱাৰ প্ৰতিশ্ৰুতি দিয়ে । লগতে কয় যে ৰোমে নাটোত যোগদান কৰাৰ বাবে কিয়েভৰ ভৱিষ্যতৰ যিকোনো আবেদনক সমৰ্থন কৰিব । "আমি নাটোৰ সৈতে ইউক্ৰেইনৰ অংশীদাৰিত্বক আৰু অধিক তীব্ৰতা প্ৰদান কৰিবলৈ সাজু । আমি জুলাইৰ সন্মিলনত ভিলনিয়াছত আলোচনা কৰিম । তাত সম্ভৱত এইটো মুখ্য বিষয় হ'ব ।" মেলোনীয়ে লগতে কয় ।

ইয়াৰ পূৰ্বে জেলেনস্কিয়ে পোপ ফ্ৰান্সিছকো লগ কৰে । উল্লেখ্য যে ফ্ৰান্সিছে ইউক্ৰেইনত সংঘটিত হিংসা বন্ধ কৰাৰ বাবে মুকলি আহ্বান জনাইছিল । জেলেনস্কি আৰু ফ্ৰান্সিছে শনিবাৰে ভেটিকানত তেওঁলোকৰ বৈঠকৰ সময়ত ইউক্ৰেইনৰ মানৱীয় আৰু ৰাজনৈতিক সংকটৰ বিষয়ে আলোচনা কৰে । ভেটিকান প্ৰেছ কাৰ্যালয়ৰ এক বিবৃতি অনুসৰি, পোপে এই ক্ষেত্ৰত নিৰন্তৰভাৱে প্ৰাৰ্থনা কৰি আহিছে ।

লগতে পঢ়ক :PTI protest in Pakistan : পিটিআইক ৰাজনৈতিক সন্ত্ৰাসবাদী আখ্যা বিলাৱাল ভুট্টো জাৰ্দাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.