ETV Bharat / international

Kuwait Administration:ছ’চিয়েল মিডিয়াত ইজৰাইলৰ সমৰ্থনত পোষ্ট দিয়া দুগৰাকী কেৰালা নাৰ্ছক বিতাড়ন কুৱেইটৰ

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 8:50 AM IST

ভাৰতীয় দূতাবাসৰ বিষয়াসকলে দুয়োগৰাকী নাৰ্ছকে কেৰালালৈ ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিব; নতুন দিল্লীত এই মন্তব্য কৰে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে ।

Kuwait Administration
দুগৰাকী কেৰালা নাৰ্ছক কামৰ পৰা বিতাড়ন কুৱেইটৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 1 নৱেম্বৰ : কেৰালাৰ দুইগৰাকী নাৰ্ছে ইজৰাইললৈ সমৰ্থন আগবঢ়াই নিজৰ স্থিতি প্ৰকাশ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কুৱেইট প্ৰশাসনে দুয়োগৰাকীক দেশৰ পৰা বিতাড়নৰ নিৰ্দেশ জাৰি কৰিছে । দুয়োগৰাকী নাৰ্ছে সামাজিক মাধ্যমত ইজৰাইলৰ সমৰ্থনত পোষ্ট কৰিছিল যাৰ ফলত তেওঁলোকক কুৱেইটৰ পৰা বিতাড়ন কৰা হৈছে । ইয়াৰে এগৰাকী নাৰ্ছক অনুশাসনমূলক ব্যৱস্থাৰ অংশ হিচাপে কুৱেইটৰ পৰা বিতাড়িত কৰা হৈছে ।

ইজৰাইলৰ সৈতে সংহতি প্ৰকাশ কৰি হোৱাটছএপত নিজৰ স্থিতি আপলোড কৰাৰ পিচতে কুৱেইট কৰ্তৃপক্ষই দেশখনৰ পৰা আন এগৰাকী নাৰ্ছক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । নতুন দিল্লীত এই কথা নিশ্চিত কৰাৰ সময়ত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে সংবাদমেলত কয় যে, দ্বিতীয়গৰাকী নাৰ্ছক বিতাড়নৰ নিৰ্দেশ জাৰি কৰা বুলি বৈদেশিক মন্ত্ৰালয়ে তথ্য লাভ কৰিছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতীয় দূতাবাসৰ বিষয়াসকলে দুয়োগৰাকী নাৰ্ছকে কেৰালালৈ ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিব ।

বহিঃৰাজ্যত বাস কৰা লোকসকলে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ সময়ত ল’বলগীয়া সাৱধানতা সন্দৰ্ভতো বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নিৰ্দেশনা জাৰি কৰিব বুলি মুৰলীধৰণে স্পষ্ট কৰি দিয়ে । খবৰ অনুসৰি দুয়োগৰাকী নাৰ্ছ আল চাবাহ হাস্পতালৰ কৰ্মচাৰী আছিল । তেওঁলোকে গাজাৰ ওপৰত ইজৰাইলৰ প্ৰতি আক্ৰমণৰ ন্যায্যতা প্ৰদান কৰি হোৱাটছএপৰ ষ্টেটাছ শ্বেয়াৰ কৰিছিল । ইজৰাইলৰ পতাকাৰ সৈতে তেওঁলোকে এই ষ্টেটাছ শ্বেয়াৰ কৰিছিল ।

কুৱেইট হৈছে এনে এখন আৰৱ ৰাষ্ট্ৰ যিয়ে ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষত ইজৰাইলৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰি থিয় দিছে । কুৱেইটে পোষকতা কৰে যে সমগ্ৰ আৰৱ সম্প্ৰদায়ে পেলেষ্টাইনৰ সৈতে সংহতিৰে থিয় দিব লাগে ।

লগতে পঢ়ক : Netanyahu on destroying Hamas : হামাছক ধ্বংসৰ প্ৰতিশ্ৰুতি ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.