ETV Bharat / international

Musk slam Canada PM : বিশ্বজুৰি সমালোচিত কানাডাৰ প্ৰধানমন্ত্ৰীৰ পদক্ষেপক লৈ অসন্তুষ্ট ইলন মাস্ক - India Canada relation

কানাডা চৰকাৰৰ দমনমূলক অনলাইন চেন্সৰশ্বীপ নীতিৰ বাবে অসন্তুষ্ট হৈছে এক্সৰ মুৰব্বী ইলন মাস্ক । প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে দেশত বাক স্বাধীনতাৰ অধিকাৰত হস্তক্ষেপ কৰাৰ অভিযোগ কৰিছে মাস্কৰ ।

Musk slam Canada PM
বিশ্বজুৰি সমালোচিত কানাডাৰ প্ৰধানমন্ত্ৰীৰ পদক্ষেপক লৈ অসন্তুষ্ট এলন মাস্ক
author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 10:17 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২ অক্টোবৰ : খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাত ভাৰত জড়িত থকাৰ অভিযোগ কৰিছিল কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে । ভাৰতৰ বিৰুদ্ধে মুকলিকৈ অভিযোগ কৰাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে । ভাৰতে এই অভিযোগ অস্বীকাৰ কৰাৰ লগতে তথ্য প্ৰমাণ দিবলৈ প্ৰত্যাহ্বান জনাইছে । ভাৰতৰ লগতে বিভিন্ন পক্ষইও কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীক সমালোচনা কৰা দেখা গৈছে ।

এইবাৰ স্পেচএক্সৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কেও কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো চৰকাৰক আক্ৰমণ কৰে । অনলাইন ষ্ট্ৰীমিং সেৱাসমূহৰ বাবে 'নিয়ামক নিয়ন্ত্ৰণ'ৰ বাবে চৰকাৰৰ ওচৰত আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰাৰ পাছতে কানাডা চৰকাৰক সমালোচনা কৰে এক্সৰ মুৰব্বী মাস্কে ।

মাস্কে সাংবাদিক তথা লেখক গ্লেন গ্ৰীণৱাল্ডৰ এটা পোষ্টৰ সঁহাৰি দি মন্তব্য প্ৰকাশ কৰে । গ্ৰীণৱাল্ডে এক্সত পোষ্ট কৰি কয়, "বিশ্বৰ আটাইতকৈ দমনমূলক অনলাইন চেন্সৰশ্বীপ নীতিৰ সৈতে সজ্জিত কানাডিয়ান চৰকাৰে ঘোষণা কৰিছে যে সকলো "পডকাষ্ট আগবঢ়োৱা অনলাইন ষ্ট্ৰীমিং সেৱাসমূহে" নিয়ামক নিয়ন্ত্ৰণৰ অনুমতি দিবলৈ চৰকাৰৰ ওচৰত আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰিব লাগিব ।"

এই পোষ্টটোৰ কমেণ্টত মাস্কে কয়, "ট্ৰুডোৱে কানাডাত কণ্ঠ ৰুদ্ধ কৰিবলৈ চেষ্টা কৰি আছে । এয়া লজ্জাজনক বুলি তেওঁ সমালোচনা কৰে । লক্ষণীয়ভাৱে, ট্ৰুডো চৰকাৰে বাক-স্বাধীনতাৰ বিৰুদ্ধে কাম কৰাৰ অভিযোগ এয়া প্ৰথম নহয় ।

২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ট্ৰুডোৱে জৰুৰীকালীন ক্ষমতাৰ আহ্বান জনাইছিল । প্ৰতিষেধক গ্ৰহণৰ বিৰোধিতাৰে কৰা ট্ৰাক চালকৰ প্ৰতিবাদৰ প্ৰতিক্ৰিয়া স্বৰূপে দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ট্ৰুডোৰ চৰকাৰে অধিক জৰুৰীকালীন ক্ষমতাৰ আহ্বান জনাইছিল । ইফালে, খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যাত ভাৰতৰ ভূমিকাৰ অভিযোগ উত্থাপন কৰাৰ পাছত কানাডাৰ প্ৰধানমন্ত্ৰীয়ে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে । অৱশ্যে, ভাৰতে দাবীবোৰ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে আৰু ইয়াক অযৌক্তিক বুলি অভিহিত কৰিছে ।

লক্ষণীয়ভাৱে, হৰদীপ সিং নিজ্জাৰৰ হত্যা সন্দৰ্ভত কানাডাই এতিয়াও কোনো ৰাজহুৱা প্ৰমাণ প্ৰদান কৰা নাই । অৱশ্যে কানাডাৰ প্ৰধানমন্ত্ৰী ট্ৰুডোৰ গুৰুতৰ অভিযোগৰ পাছতে ভাৰতে কানাডাত ভিছা সেৱা স্থগিত ৰাখিছে ।

লগতে পঢ়ক :Khalistani Stopped Indian Ambassador: ভাৰতীয় ৰাষ্ট্ৰদূতক কৰা আচৰণক ’বিশৃংখল আচৰণ’ অভিহিত গুৰুদ্বাৰ সমিতিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.