ETV Bharat / international

What is Hamas : সম্প্ৰতি চৰ্চাত থকা হামাছৰ ইতিহাস কি...?

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 11:20 AM IST

ইজৰাইলক ধ্বংসৰ ভাবুকি দিয়া হামাছ ১৯৮৭ চনত গঠন হৈছিল । হামাছে বহু আত্মঘাতী বোমাৰ জৰিয়তে সাধাৰণ লোক আৰু ইজৰাইলী সেনাৰ ওপৰত আক্ৰমণ কৰি আহিছে ।

What is Hamas
সম্প্ৰতি চৰ্চাত থকা হামাছ কি

ইণ্টাৰনেশ্যনেল ডেস্ক,১০ অক্টোবৰ : ২০০৭ চনৰ পৰা গাজা ষ্ট্ৰিপ শাসন কৰি থকা হামাছে শেহতীয়াকৈ ইজৰাইলত ভয়ংকৰ আক্ৰমণ কৰিছে । যাৰ ফলত শ শ লোক নিহত হৈছে আৰু বহু লোকক বন্দী কৰা হৈছে । এই আক্ৰমণে ইজৰাইল আৰু তেওঁলোকৰ মিত্ৰশক্তিক হতবাক কৰি তুলিছে ।

হামাছ কি ?

গাজাত বাস কৰা পেলেস্তাইন শৰণাৰ্থী শ্বেখ আহমেদ য়াছিনে প্ৰথম ইন্তিফাদা বা বিদ্ৰোহৰ সময়ত হামাছক ১৯৮৭ চনত গঠন কৰিছিল । ইজৰাইলৰ দখলৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদৰ অংশ হিচাপে ইয়াক গঠন কৰা হৈছিল । হামাছ হৈছে ইছলামিক প্ৰতিৰোধ আন্দোলনৰ আৰবী সংক্ষিপ্ত ৰূপ আৰু ১৯২০ ৰ দশকত ইজিপ্তত প্ৰতিষ্ঠা হোৱা চুন্নী বিশ্বৰ অন্যতম বিশিষ্ট গোট মুছলিম ব্ৰাদাৰহুডৰ সৈতে গোটটোৰ শিপা আৰু প্ৰাৰম্ভিক সম্পৰ্কৰ স্বীকৃতি । হামাছে ইজৰাইলক ধ্বংস কৰাৰ ভাবুকি দিছে আৰু বহুতো আত্মঘাতী বোমা বিস্ফোৰণ আৰু সাধাৰণ লোক আৰু ইজৰাইলী সৈন্যৰ ওপৰত মাৰাত্মক আক্ৰমণ কৰি আহিছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগে ১৯৯৭ চনত হামাছক এটা সন্ত্ৰাসবাদী গোট হিচাপে ঘোষণা কৰিছিল । ইউৰোপীয় ইউনিয়ন আৰু অন্যান্য পশ্চিমীয়া দেশসমূহেও ইয়াক এক সন্ত্ৰাসবাদী সংগঠন বুলি গণ্য কৰে । হামাছে ২০০৬ চনৰ সংসদীয় নিৰ্বাচনত জয়লাভ কৰে আৰু ২০০৭ চনত আন্তৰ্জাতিকভাৱে স্বীকৃত পেলেষ্টাইন কৰ্তৃপক্ষৰ পৰা গাজা ষ্ট্ৰিপৰ নিয়ন্ত্ৰণ হিংসাত্মকভাৱে দখল কৰে । প্ৰতিদ্বন্দী ফাতাহ আন্দোলনৰ আধিপত্য থকা পেলেষ্টাইন কৰ্তৃপক্ষই ইজৰাইল অধিকৃত পশ্চিম তীৰৰ অৰ্ধ-স্বায়ত্ত শাসিত অঞ্চলসমূহ পৰিচালনা কৰে ।

ইজৰাইলে গাজাৰ ওপৰত অৱৰোধ কৰাৰ সৈতে হামাছ অধিগ্ৰহণৰ প্ৰতি সঁহাৰি জনাই সংগঠনটোক অস্ত্ৰ বিকশিত কৰাত বাধা দিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছিল । এই অৱৰোধৰ ফলত গাজাৰ অৰ্থনীতি ধ্বংস হৈছে আৰু পেলেস্তাইনসকলে ইজৰাইলক সামূহিক শাস্তিৰ অভিযোগ উত্থাপন কৰিছে । বিগত বছৰবোৰত, হামাছে কাটাৰ আৰু তুৰ্কীৰ দৰে আৰৱ দেশসমূহৰ পৰাও সমৰ্থন লাভ কৰিছিল । শেহতীয়াকৈ, ইৰাণ আৰু ইয়াৰ মিত্ৰশক্তিয়ে সহযোগ কৰিছে হামাছক ।

হামাছৰ প্ৰতিষ্ঠাপক তথা আধ্যাত্মিক নেতা য়াছিন এগৰাকী পক্ষাঘাতগ্ৰস্ত ব্যক্তি যিয়ে হুইলচেয়াৰ ব্যৱহাৰ কৰিছিল । তেওঁ ইজৰাইলৰ কাৰাগাৰত বহু বছৰ অতিবাহিত কৰিছিল আৰু হামাছৰ সামৰিক শাখা স্থাপনৰ তদাৰক কৰিছিল । হামাছে ১৯৯৩ চনত প্ৰথম আত্মঘাতী আক্ৰমণ কৰিছিল । ইজৰাইলী বাহিনীয়ে বহু বছৰ ধৰি হামাছ নেতাসকলক লক্ষ্য কৰি আহিছে আৰু ফলস্বৰূপে ২০০৪ চনত ইয়াছিন নিহত হৈছিল ।

পূৰ্বতে ইজৰাইলত হত্যাৰ চেষ্টাৰ পৰা ৰক্ষা পৰা হামাছৰ এগৰাকী নিৰ্বাসিত সদস্য খালেদ মাছাল পাছত গোটটোৰ নেতা হৈছিল । গাজাৰ য়েহিয়া ছিনৱাৰ আৰু নিৰ্বাসিত অৱস্থাত বাস কৰা ইছমাইল হানিয়েহ হৈছে হামাছৰ বৰ্তমানৰ নেতা । তেওঁলোকে দলটোৰ নেতৃত্বক ইৰাণ আৰু লেবাননৰ হিজবুল্লাহকে ধৰি ইয়াৰ মিত্ৰশক্তিৰ সৈতে পুনৰ সম্পৰ্ক স্থাপন কৰে । তেতিয়াৰ পৰা দলটোৰ বহুতো নেতা বেইৰুটলৈ স্থানান্তৰিত হয় ।

হামাছে সদায় অধিকৃত পেলেস্তাইন অঞ্চলসমূহ মুকলি কৰাৰ উপায় হিচাপে হিংসাক সমৰ্থন কৰি আহিছে আৰু ইজৰাইলক ধ্বংস কৰিবলৈ ভাবুকি দি আহিছে । গাজাৰ পৰা ইজিপ্তলৈ অস্ত্ৰ সৰবৰাহৰ বাবে হামাছে সুৰংগৰ এক নেটৱৰ্ক স্থাপন কৰে । শেহতীয়া বছৰবোৰত, হামাছে ইজৰাইল আক্ৰমণ কৰাতকৈ গাজা পৰিচালনাত অধিক মনোনিৱেশ কৰা দেখা গৈছিল ।

শেহতীয়া বছৰবোৰত, ইজৰাইলে আৰৱ দেশসমূহৰ সৈতে শান্তি চুক্তি কৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰই শেহতীয়াকৈ ইজৰাইল আৰু চৌদি আৰৱৰ মাজত এক চুক্তি স্বাক্ষৰ কৰিবলৈ চেষ্টা কৰি আছে । ইফালে, ইজৰাইলৰ নতুন অতি সোঁপন্থী চৰকাৰে পেলেষ্টাইনী বিৰোধিতা স্বত্বেও পশ্চিম তীৰত ইজৰাইলৰ বসতি স্থাপনৰ বাবে কাম কৰি আছিল ।

হামাছৰ নেতাসকলে কয় যে পশ্চিম তীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ইজৰাইলৰ অভিযান, বসতি নিৰ্মাণ অব্যাহত ৰাখিছে । ইজৰাইলৰ কাৰাগাৰত হাজাৰ হাজাৰ লোকক অবৈধভাৱে বন্দী কৰা হৈছে বুলিও তেওঁলোকে অভিযোগ কৰে । নেতাসকলে কয় যে তেওঁলোকৰ ৪০,০০০ যোদ্ধাই এই আক্ৰমণত অংশগ্ৰহণ কৰিছে । ইজৰাইলে দাবী কৰা মতে হামাছৰ প্ৰায় ৩০,০০০ যুঁজাৰু আৰু ৰকেটৰ অস্ত্ৰাগাৰ আছে । লগতে হামাছৰ মানৱবিহীন ড্ৰোণো আছে বুলি ইজৰাইলে দাবী কৰে ।

লগতে পঢ়ক :Hamas Attack on Israel : হামাছৰ ভয়ানক গণহত্যা; সংগীত উৎসৱত ২৬০ ইজৰাইলীক গুলীয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.