ETV Bharat / international

Israel attacks Syria airports : ছিৰিয়াৰ গুৰুত্বপূৰ্ণ বিমানবন্দৰত ইজৰাইলৰ আক্ৰমণ

author img

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 2:19 PM IST

ছিৰিয়াৰ দামাস্কাছ আৰু আলেপ্পোত ইজৰাইলৰ বিমানবন্দৰত আক্ৰমণ । বিমানবন্দৰত বিস্তৰ ক্ষতি । ছিৰিয়া কৰ্তৃপক্ষই দাবী কৰা মতে আক্ৰমণত এগৰাকী শ্ৰমিক নিহত হোৱাৰ লগতে আন এগৰাকী আহত হৈছে ।

Israel attacks Syria airports
ছিৰিয়াৰ গুৰুত্বপূৰ্ণ বিমানবন্দৰত ইজৰাইলৰ আক্ৰমণ

ইণ্টাৰনেশ্যনেল ডেস্ক,২২ অক্টোবৰ : ইজৰাইল আৰু হামাছৰ যুদ্ধক লৈ বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে ইজৰাইলী সেনাই ছিৰিয়াৰ দামাস্কাছ আৰু আলেপ্পোত আক্ৰমণ কৰে । ইজৰাইলৰ বোমা নিক্ষেপৰ পাছতে বিমানবন্দৰকেইটাৰ বিস্তৰ ক্ষতি হয় । অৱশ্যে এই আক্ৰমণত কোনো লোক হতাহত হৈছে নে নাই সেই বিষয়ে জানিব পৰা হোৱা নাই ।

ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফ) অভিযোগ কৰিছে যে ছিৰিয়াই ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতি সমৰ্থন আগবঢ়াই আহিছে । আইডিএফৰ সূত্ৰৰ মতে দেওবাৰে পুৱা গুলীচালনা সংঘটিত হৈছিল । ইফালে, ছিৰিয়াৰ চৰকাৰী সংবাদ সংস্থাৰ মতে ইজৰাইলে পুৱা আলেপ্পো আৰু দামাস্কাছ বিমানবন্দৰত বিমান আক্ৰমণ কৰে । যাৰ ফলত বিমানবন্দৰৰ ৰানৱে ক্ষতিগ্ৰস্ত হয় । ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টে কয় যে যদি দেশৰ বাহিৰৰ পৰা আক্ৰমণ হৈ থাকে তেন্তে ইজৰাইলে শক্তিশালী স্থিতি ল'ব । গেলেণ্টে হিজবুল্লাহ আৰু ছিৰিয়াক এনে পৰিস্থিতিত পৰিণামৰ বাবে সতৰ্ক কৰি দিয়ে ।

ইজৰাইলৰ আক্ৰমণৰ পাছতে ৰাজধানী দামাস্কাছ আৰু উত্তৰৰ আলেপ্পো চহৰৰ চৰকাৰৰ নিয়ন্ত্ৰিত বিমানবন্দৰসমূহত বিমানৰ চলাচল বন্ধ হৈ পৰিছে । ছিৰিয়াৰ চৰকাৰী সংবাদ সংস্থাত প্ৰকাশ পোৱা খবৰ অনুসৰি সামৰিক সূত্ৰই জনাইছে যে ইজৰাইলী শত্ৰুৰ বিমান আক্ৰমণৰ ফলত দামাস্কাছ বিমানবন্দৰত এগৰাকী সাধাৰণ শ্ৰমিকৰ মৃত্যু হয় আৰু আন এজন আহত হয় । আনহাতে বিমানবন্দৰৰ ৰানৱেৰ ক্ষতিয়ে বিমান সেৱাত বাধা দিছে । ইফালে দেশখনৰ পৰিবহণ মন্ত্ৰালয়ে কোৱা মতে বিমানসমূহ লাটাকিয়া বিমানবন্দৰলৈ স্থানান্তৰ কৰা হৈছে । সামৰিক সূত্ৰৰ মতে এই আক্ৰমণ লাটাকিয়াৰ পশ্চিমে ভূমধ্যসাগৰৰ দিশৰ পৰা আৰু অধিকৃত ছিৰিয়ান গোলানৰ দিশৰ পৰা কৰা হৈছিল ।

ইফালে ইজৰাইল আৰু হামাছৰ সংঘৰ্ষত ইন্ধন যোগাবলৈ সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহে ইজৰাইলক সকীয়নি প্ৰদান কৰিছে । গাজা ষ্ট্ৰিপত স্থল আক্ৰমণ হ'লে হিজবুল্লাহে ইজৰাইলক প্ৰত্যুত্তৰ দিয়াৰো হুংকাৰ দিছে ।

লগতে পঢ়ক :Hezbollah on Israel Hamas war : ইজৰাইলক সকীয়নি সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.