ETV Bharat / international

Interesting Story: এইটো পথ পাৰ হ’বলৈ আপোনাক প্ৰয়োজন হ’ব পাছপোৰ্টৰ - Canusa Street rules

এটা বিশেষ পথ ৷ এই পথটো পাৰ হ’বলৈ পথচাৰীক প্ৰয়োজন হয় পাছপোৰ্টৰ ৷ আপুনি জানেনে এই পথটো ক'ত আছে ? আমেৰিকা যুক্তৰাজ্য-কানাডা সীমান্তৰ লোকসকলে দৈনিক পাছপোৰ্ট দেখুৱাই ইপাৰ সিপাৰ হয় এই পথটোৰ (You need a passport to cross the road) ৷

Interesting Story: You need a passport to cross the road there!
পথ পাৰ হ’বলৈ আপোনাক প্ৰয়োজন হ’ব পাছপোৰ্টৰ
author img

By

Published : Jan 19, 2023, 5:32 PM IST

ইণ্টানৰনেশ্যনেল ডেস্ক, 19 জানুৱাৰী: আমি সততে পথ পাৰ হওঁতে ছিগনেল ক্ৰছ কৰাৰ কথা শুনিছো ৷ কিন্তু আজি আমি আপোনালোকক এনে এটা পথৰ বিষয়ে ক’বলৈ ওলাইছো যিটো পথ পাৰ হ’বলৈ আপুনি দেখুৱাব লাগিব পাছপোৰ্ট ৷ পাছপোৰ্ট অবিহনে কোনো পথচাৰীয়ে পথটোৰ সিপাৰলৈ যাব নোৱাৰিব (You need a passport to cross the road)৷

আপুনি কেতিয়াবা একেটা পথতে থকা দুখন দেশৰ কথা শুনিছেনে ? এই দেশ দুখন হৈছে আমেৰিকা আৰু কানাডা (America Canada border)। আমেৰিকাৰ উত্তৰ সীমান্তৰ বেছিভাগ অঞ্চলেই কানাডাৰ সীমাত অৱস্থিত ৷ 9,000 কিলোমিটাৰ দীঘল এই সীমান্তক বিশ্বৰ সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় সীমান্ত বুলি জনাজাত ৷ এই দুয়োখন দেশৰ মাজত 100 তকৈও অধিক সীমান্ত অঞ্চল আছে ৷

ইয়াৰে 15 টা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰমন্ট ৰাজ্য আৰু কানাডাৰ কুইবেক প্ৰদেশৰ মাজত অৱস্থিত ৷ ইয়াৰ ভিতৰত আমেৰিকাৰ ডাৰ্বি লাইন চহৰ আৰু কানাডাৰ ষ্টেনস্টেড চহৰৰ মাজৰ সীমাই দুয়োখন দেশৰ মাজত আধা কিলোমিটাৰ পথ এচোৱা বিভক্ত কৰে (Canusa Street divides two countries )। ইয়াক কানুচা ষ্ট্ৰীট বুলি কোৱা হয় (Canusa Street rules)।

কেনেদৰে বিভক্ত হ’ল?

নিউ ফ্ৰান্স আৰু কানাডাৰ ফৰাচী ঔপনিৱেশসমূহ ব্ৰিটিছে দখল কৰিছিল। দুয়োখন ঔপনিৱেশিক ৰাজ্যৰ ৰাজ্যপালে তেওঁলোকৰ সীমা নিৰ্ধাৰণ কৰিবলৈ জৰীপকৰ্তা নিযুক্ত কৰাৰ সময়তেই 1771 ৰ পৰা 73 জন জৰীপকৰ্তাই 45 ডিগ্ৰী অক্ষাংশৰ এডাল ৰেখা সমান্তৰাৱলকৈ অংকন কৰিছিল ৷ কিন্তু সেইসময়খিনি জৰীপকৰ্তাকেইজনে সুৰাপান কৰি থকাৰ ফলত কিছু কিছু অংশত সীমাৰ হিচাপ ভুল হৈ 1.5 কিলোমিটাৰ অংকন কৰি দিয়া হৈছিল । 1783 চনত আমেৰিকান সংগ্ৰাম পিছত এই সীমান্তত যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল ৷

পৰৱৰ্তী সময়ত 1800 চনত কিছুলোকে এই জৰীপটো ভুল হোৱা বুলি জানিবলৈ দিয়ে ৷ প্ৰকতৃততে এই সীমান্তটো আমেৰিকাৰ দক্ষিণ অংশত হ'ব লাগিছিল ৷ ইয়াৰ পিছত 1842 চনত ব্ৰিটিছ ঔপনিৱেশিক ৰাজ্য আমেৰিকা আৰু কানাডাৰ মাজত বহুবাৰ সমস্যাৰ উদ্ভৱ হোৱাত সীমান্ত বিবাদ সমাপ্তি কৰাৰ সংকল্পবদ্ধ হয়।

1908 চনত, ইউকে আৰু আমেৰিকা যুক্তৰাজ্যই একেলগে আন্তৰ্জাতিক সীমা আয়োগ গঠন কৰে। ইয়াৰ জৰীপ আৰু ব্যৱস্থাপনাৰ দায়িত্ব অৰ্পণ কৰাৰ পিছত বিষয়াসকলে অন্য অঞ্চলবোৰৰ ভিতৰত সমান্তৰালভাৱে সীমা বিচাৰি উলিয়াব নোৱাৰিলে । ইতিমধ্যে কিছু স্থানীয় লোকে সীমান্তৰ বহু ঠাইত নিৰ্মাণ কাৰ্য হাতত লৈছিল। অৱশ্যে সীমা আয়োগে কঠোৰ পৰিশ্ৰম কৰি পথসমূহ চিনাক্ত কৰাৰ পিছতো কানুচা ষ্ট্ৰীট অস্পৃশ্য হৈ পৰিছিল ৷

কানুচা ষ্ট্ৰীতৰ লোকসকলে কেনেদেৰে বসবাস কৰে?

বুৰঞ্জীবিদ আৰু স্থানীয় লোকসকলে কয় যে আমেৰিকা আৰু কানাডাৰ লোকসকলে কেইবা দশক ধৰি শান্তিপূৰ্ণভাৱে এই অঞ্চলত বসবাস কৰি আহিছে ৷ এইসকল বাসিন্দাৰ বাবে ষ্টেনস্টেডৰ পৰা খোৱা পানী আৰু নৰ্দমা যোগানৰ দৰে সুবিধা ডাৰ্বি লাইনত উপলব্ধ হয় । দুয়োটা অঞ্চলতে অগ্নিনিৰ্বাপক বাহিনীয়েও সেৱা আগবঢ়ায়। শিশুসকলে বিদ্যালয়লৈ যাবলৈ সীমা অতিক্ৰম কৰিবলগা হয় ৷

ইয়াৰ লোকসকলে পথটো পাৰ হ’বলৈ তাত এটা বিন্দু আছে :

লোকসকলে প্ৰথমে সহজতে দুয়োখন দেশৰ মাজৰ পথ ইপাৰ সিপাৰ হৈছিল যদিও তেওঁলোকে কিছু নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল । সীমান্ত পাৰ হোৱা কাৰ্যালয়সমূহৰ পৰামৰ্শ লোৱাৰ পিছতহে পথ পাৰ হ'বলৈ চৰ্ত আৰোপ কৰা হৈছিল । এই পথটোৰ আশে পাশে থকা লোকসকলে চুবুৰীয়া লোকসকলক লগ কৰিবলৈ অনুমতি ল'ব লাগে ৷ চেকপইণ্টত সঠিক পাছপোৰ্ট দেখুওৱাৰ পিছতহে পথ পাৰ হ'বলৈ নিৰ্ধাৰিত কৰা হয় ৷ পথটোত বাহন ইপাৰ সিপাৰ হোৱাৰ ক্ষেত্ৰত বাহনখনৰ সৈতে সম্পৰ্কিত নথিপত্ৰও দাখিল কৰিব লাগে বুলি নিয়ম বান্ধি দিয়ে ৷

এই লোকসকলে নিষেধাজ্ঞা উপেক্ষা কৰি পথ পাৰ হ’লে জৰিমনা পৰিশোধ কৰিব লাগে । আমেৰিকাৰ লোকসকলে এই নিয়ম উলংঘা কৰিলে 5 হাজাৰ ডলাৰ জৰিমনা বিহাৰ লগতে দোষীয়ে দুবছৰ কাৰাবাস খাটিব লাগিব ৷ কানাডাৰ নিয়ম উলংঘা কৰিলে 1000 ডলাৰ জৰিমনা আৰোপ কৰা হয় ৷

2015 চনত এজন ব্যক্তিয়ে পিজ্জা কিনিবলৈ পথ পাৰ হোৱাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ অৱশ্যে এই অঞ্চলত বাস কৰা বেছিভাগ লোকে দুয়োখন দেশৰ দ্বৈত নাগৰিকত্ব লাভ কৰে ৷ গতিকে তেওঁলোকৰ বাবে এই ভ্ৰমণ অতি সহজে ভ্ৰমণ কৰে ৷

লগতে পঢ়ক: Fuel Efficient Aircraft Design : নাছা আৰু বয়িঙৰ যৌথ উদ্যোগত আহিব অধিক ইন্ধন দক্ষ বিমান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.