ETV Bharat / international

World Rose Day: বিশ্ব গোলাপ দিৱস আৰু ১২ বছৰীয়া মেলিণ্ডা ৰৌজৰ হৃদয়স্পৰ্শী কাহিনী - কৰ্কট ৰোগীৰ মনোবল বৃদ্ধি উদ্দেশ্যে

আজি বিশ্ব গোলাপ দিৱস ৷ প্ৰত্যেক বছৰে ২২ ছেপ্টেম্বৰৰ দিনটোত সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব গোলাপ দিৱস ৷ কৰ্কট ৰোগীৰ মনোবল বৃদ্ধি কৰাৰ হেতুকে উদযাপন কৰা হয় এই বিশেষ দিনটো ৷

World Rose Day
বিশ্ব গোলাপ দিৱস উদযাপন
author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 8:04 AM IST

Updated : Sep 22, 2023, 9:39 AM IST

নিউজ ডেস্ক, ২২ ছেপ্টেম্বৰ : বিশ্বজুৰি কৰ্কট ৰোগীৰ মনোবল উন্নীত কৰাৰ লক্ষ্যৰে প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্ব গোলাপ দিৱস উদযাপন কৰি অহা হৈছে ৷ এই দিনটো কেৱল কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজি থকা ব্যক্তিসকলক উৎসাহিত আৰু সমৰ্থন কৰাই নহয়, তেওঁলোকৰ জীৱনত আশা আৰু আনন্দৰ সঞ্চাৰ কৰাৰ বাবেও পালন কৰা হয় ৷ তেওঁলোকক সোঁৱৰাই দিয়া হয় যে দৃঢ়তা আৰু ইতিবাচকতাৰে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজত জয়লাভ কৰিব পাৰি ৷

ইতিহাস :-

বিশ্ব গোলাপ দিৱসৰ আৰম্ভণি কানাডাৰ ১২ বছৰীয়া কৰ্কট ৰোগী মেলিণ্ডা ৰৌজৰ হৃদয়স্পৰ্শী কাহিনীৰ পৰাই হৈছে ৷ সাহসী কিশোৰী মেলিণ্ডা ১৯৯৪ চনত তেজৰ কৰ্কট ৰোগৰ দুৰাৰোগ্য ৰূপ আস্কিনছ টিউমাৰত আক্ৰান্ত হৈছিল ৷ চিকিৎসকে ইতিমধ্যে ঘোষণা কৰিছিল যে তেওঁৰ জীয়াই থাকিবলৈ মাত্ৰ কেইসপ্তাহমান বাকী আছে ৷ কিন্তু মেলিণ্ডাই এই সংকটকো পৰাজয় কৰি প্ৰায় ছমাহ সময় আনন্দ আৰু সুখেৰে জীয়াই আছিল ৷ জীৱনৰ প্ৰতি তেওঁৰ দৃঢ়তা আৰু উৎসাহে কেৱল কৰ্কট ৰোগীকে নহয়, চৌপাশৰ সকলোকে অনুপ্ৰাণিত কৰিছিল ৷

চিকিৎসালয়ত থকা সময়ছোৱাত মেলিণ্ডাই কেৱল নিজকে ইতিবাচক কৰি ৰখাই নহয়, সহযোগী কৰ্কট ৰোগী আৰু তেওঁলোকৰ যত্ন লোৱা লোকসকলৰ বাবেও আনন্দ আৰু ইতিবাচকতা কঢ়িয়াই অনাত মনোনিৱেশ কৰিছিল ৷ আজৰি সময়ত তেওঁ প্ৰেৰণাদায়ক চিঠি, ই-মেইল, কবিতা লিখিছিল, সংগ্ৰামৰ মাজতে আশা আৰু উল্লাস বিয়পাইছিল ৷ জীৱনৰ প্ৰতি থকা মেলিণ্ডাৰ প্ৰেম আৰু সেই ছমাহত আনক সহায় কৰাৰ প্ৰতি থকা সমৰ্পিত মনে তেওঁক আদৰ্শলৈ ৰূপান্তৰিত কৰিছিল ৷ কাৰণ তেওঁ আন কৰ্কট ৰোগীৰ বাবে আনন্দ তথা আশাৰ ৰশ্মি হৈ পৰিছিল ৷

প্ৰায়ে প্ৰেম, সহানুভূতি আৰু শক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা গোলাপ ফুলে কৰ্কট ৰোগীৰ প্ৰয়োজনীয় সমৰ্থন আৰু মমতাক বুজায় ৷ বিশ্ব গোলাপ দিৱস পালনৰ দিনা কৰ্কট ৰোগী আৰু জীৱিতসকলক প্ৰায়ে গোলাপ ফুল উপহাৰ দিয়া হয়, তেওঁলোকে গ্ৰহণ কৰা কষ্টকৰ যাত্ৰাক স্বীকাৰ কৰা হয় ৷

বিশ্ব গোলাপ দিৱসৰ তাৎপৰ্য :-

কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজি থকাসকলক আশা আৰু শক্তি প্ৰদানৰ প্ৰচেষ্টাত বিশ্ব গোলাপ দিৱসৰ যথেষ্ট তাৎপৰ্য আছে ৷ এই দিনটো সহানুভূতি আৰু প্ৰেৰণাৰে পালন কৰা হয় ৷ প্ৰেম আৰু যত্নৰ জৰিয়তে প্ৰচাৰ কৰা হয় ৷ যাৰ লক্ষ্য হৈছে কৰ্কট ৰোগীয়ে যাতে তেওঁলোকৰ ৰোগৰ সৈতে ইতিবাচকভাৱে সন্মুখীন হ’ব পাৰে ৷ আন এক মহৎ উদ্দেশ্য হ’ল এই দুৰাৰোগ্য ৰোগত আক্ৰান্তসকলৰ প্ৰতি সহানুভূতিৰে ভৰা, কৰ্কট ৰোগৰ প্ৰতি সংবেদনশীল সমাজ গঢ়ি তোলা ৷

বিশ্ব গোলাপ দিৱসৰ এটা উল্লেখযোগ্য দিশ হ’ল কৰ্কট ৰোগৰ ওপৰত জয়লাভৰ কাহিনীবোৰ উদযাপন কৰা ৷ এইটো হৈছে জীৱনটোক প্ৰতিপাল কৰাৰ দিন আৰু কৰ্কটৰ বিৰুদ্ধে যুঁজ দিয়া বা যুঁজি থকা ব্যক্তিসকলৰ স্থিতিস্থাপকতাৰ শলাগ লোৱাৰ দিন ৷ কৰ্কট ৰোগীক আৱেগিক সমৰ্থন বৃদ্ধি কৰা দিন ৷

কৰ্কটৰ বিৰুদ্ধে যুঁজত আৱেগিক সমৰ্থন এক গুৰুত্বপূৰ্ণ কাৰক হিচাপে বিবেচনা কৰা হয় ৷ এই প্ৰত্যাহ্বানমূলক সময়ছোৱাত আমাৰ আপোনজনক প্ৰয়োজনীয় যত্নৰ সৈতে আৱেগিক সমৰ্থনৰ প্ৰয়োজন হয় ৷ কাৰণ ই তেওঁলোকক কৰ্কটৰ বিৰুদ্ধে যুঁজ দিবলৈ সহায় কৰাত গুৰুত্বপূৰ্ণ হৈ পৰে ৷ আমি সদায় আমাৰ আপোনজনক তেওঁলোকৰ সহায়ৰ বাবে পছন্দৰ বিষয়ে সুধিব লাগে, নিশ্চিত কৰিব লাগে যাতে তেওঁলোকে তেওঁলোকৰ যত্নত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে ৷

কৰ্কটৰ চিকিৎসাৰ পিছত ৰোগীসকলৰ মানসিক স্বাস্থ্যৰ কথা আমি প্ৰায়ে পাহৰি যোৱাৰ প্ৰৱণতা ৰাখো ৷ বৰঞ্চ আমি চিকিৎসা সমাপ্ত হোৱাৰ পিচতো তেওঁলোকে সন্মুখীন হোৱা আৱেগিক জটিলতাবোৰ বুজি সহায় কৰি থকা উচিত ৷ কৰ্কটৰ সৈতে যুঁজি থকা কোনোবা এজনক সমৰ্থন কৰাত ইতিবাচক দৃষ্টিভংগী বজাই ৰখা আৰু নিজৰ মানসিক সুস্থতাকো অগ্ৰাধিকাৰ দিয়াটো অতি প্ৰয়োজনীয় ৷

লগতে পঢ়ক : World Rhino Day 2023 : বিশ্ব গঁড় দিৱসৰ ইতিহাস আৰু তাৎপৰ্য

Last Updated : Sep 22, 2023, 9:39 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.