ETV Bharat / international

Sudan conflict: অপাৰেশ্যন কাবেৰীৰ জৰিয়তে 14তম ভাৰতীয় দলক ছুডানৰ পৰা উদ্ধাৰ - ছুডানত আৱদ্ধ হৈ থকা 14 নম্বৰ ভাৰতীয়ৰ দলটো

ভাৰত পালেহি ছুডানত আৱদ্ধ হৈ থকা 14 নম্বৰ ভাৰতীয়ৰ দলটো ৷ অপাৰেচন কাবেৰীৰ অধীনত ভাৰত চৰকাৰে ছুডানৰ পৰা প্ৰায় 3000 ভাৰতীয় মূলৰ যাত্ৰীক উদ্ধাৰ কৰিবলৈ ইতিমধ্যে সাজু হৈছে (Operation Kaveri from Sudan) ৷

Sudan conflict
Sudan conflict
author img

By

Published : Apr 30, 2023, 8:10 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 30 এপ্ৰিল : অব্যাহত আছে অগ্নিগৰ্ভা ছুডানৰ পৰা ভাৰতীয়ক উদ্ধাৰ অভিযান ৷ ভাৰতীয় নৌসেনাৰ জাহাজ আই এন এছ টেগে শনিবাৰে অপাৰেচন কাবেৰীৰ অধীনত ছুডানত আৱদ্ধ হৈ থকা 288 জন ভাৰতীয়ক ছুডানৰ পৰা সফলতাৰে উলিয়াই আনিবলৈ সক্ষম হয় । সংকটকালীন অৱস্থাত থকা দেশখনৰ পৰা আই এন এছ সুমেধাৰ জৰিয়তে উদ্ধাৰ কৰা ভাৰতীয়ৰ এয়া 14 তম দল (Indian evacuation from Sudan) ।

সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত তীব্ৰ সংঘৰ্ষ অব্যাহত থকাৰ বাবে দেশখনত বিপদাপন্ন হৈ পৰিছে সাধাৰণ লোকৰ জীৱন আৰু সেই সময়তে যুদ্ধবিধস্ত দেশখনৰ পৰা 2400 ভাৰতীয় লোকক সফলতাৰে উদ্ধাৰ কৰা হৈছে । আই এন এছ সুমেধাই ছুডান বন্দৰৰ পৰা 300 যাত্ৰীক লগত লৈ জেদ্দালৈ ৰাওনা হৈছে বুলি শুকুৰবাৰে এটা টুইটযোগে জানিবলৈ পোৱা গৈছে । উল্লেখ্য যে, অপাৰেচন কাবেৰীৰ অধীনত ভাৰত চৰকাৰে ছুডানৰ পৰা প্ৰায় 3000 ভাৰতীয় মূলৰ যাত্ৰীক উদ্ধাৰ কৰিবলৈ সাজু হৈছে (paramilitary group and Sudanese army clash) ।

শনিবাৰে সন্ধিয়া অপাৰেচন কাবেৰীৰ অধীনত ছুডানৰ পৰা মুঠ 365 গৰাকী ভাৰতীয় নতুন দিল্লীত উপস্থিত হয় । অৱশ্যে অপাৰেচন কাবেৰীৰ অধীনত ভাৰতলৈ অধিক ভাৰতীয় উভতি আহে যদিও নতুন দিল্লীত মাত্ৰ 365 জন যাত্ৰী অৱতৰণ কৰিছে বুলি শনিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে টুইটযোগে উল্লেখ কৰে । আন এখন বিমান জেদ্দাৰ পৰা নতুন দিল্লীলৈ ইতিমধ্যে ভাৰতীয় লোকক লৈ ৰাওনা হৈছে বুলি জানিবলৈ পৰা গৈছে (India starts evacuation from Sudan) ।

শনিবাৰৰ পুৱা সংঘাতপূৰ্ণ ছুডানৰ পৰা 231 গৰাকী ভাৰতীয় যাত্ৰী কঢ়িয়াই অনা এখন বিমান নতুন দিল্লীত উপস্থিত হয় । ভাৰতীয় লোকসকলে 'ভাৰত মাতা কি জয়,' 'বন্দে মাতৰম' আদি শ্লোগান দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক অপাৰেচন কাবেৰীৰ অধীনত ছুডানৰ পৰা তেওঁলোকক সুকলমে উদ্ধাৰ কৰাৰ বাবে কৃতজ্ঞতা জনায় । উল্লেখ্য যে, অপাৰেচন কাবেৰীৰ অধীনত ছুডানৰ পৰা মুঠ 1191 জন যাত্ৰীক উদ্ধাৰ কৰা হৈছে ইয়াৰে 117 গৰাকী যাত্ৰী হালধীয়া জ্বৰৰ প্ৰতিষেধক গ্ৰহণ নকৰাৰ বাবে বৰ্তমান কোৱাৰেণ্টাইনত আছে বুলি জানিবলৈ পৰা গৈছে (Operation Kaveri from Sudan) ।

উল্লেখ্য কৰা প্ৰয়োজন যে, 72 ঘণ্টীয়া যুদ্ধবিৰতি থাকিলেও দেশখনত হিংসাত্মক পৰিস্থিতি অব্যাহত আছে ৷

লগতে পঢ়ক : Operation Kaveri : অপাৰেচন কাবেৰীত সহযোগিতা ইণ্ডিগ'ৰ; উদ্ধাৰ অভিযান অব্যাহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.