ETV Bharat / international

Indonesian Boat Accident : ইণ্ডোনেছিয়াত নৌকা দুৰ্ঘটনাত নিহত ১৫, সন্ধানহীন ১৯

author img

By

Published : Jul 24, 2023, 5:56 PM IST

দক্ষিণ-পূব চুলাৱেচি প্ৰদেশৰ বুটন চেণ্ট্ৰেল ৰিজেন্সিৰ লাণ্টো গাঁৱৰ এখন ইণ্ডোনেছিয়ান নাও ইণ্ডোনেছিয়াৰ চুলাৱেচি দ্বীপৰ ওচৰত ডুব যায় । এই দুৰ্ঘটনাত কমেও ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ১৯ জন সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে ।

Indonesian Boat Accident
Indonesian Boat Accident

ইণ্টাৰনেচনেল ডেস্ক, ২৪ জুলাই : ইণ্ডোনেছিয়াৰ চুলাৱেচি দ্বীপৰ ওচৰত এখন যাত্ৰীভৰ্তি নাও ডুব যায় । যাৰ ফলত কমেও ১৫ জন লোক নিহত হয় আৰু ১৯ জন লোক সন্ধানহীন হৈ পৰে । নাও দুৰ্ঘটনাৰ উদ্ধাৰকাৰী দলৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে । বুটনৰ অনুসন্ধান আৰু উদ্ধাৰকাৰী সংস্থাৰ মুৰব্বী মুহাম্মাদ আৰাফাই কয়, "নাওখন দক্ষিণ-পূব চুলাৱেচি প্ৰদেশৰ বুটন চেণ্ট্ৰেল ৰিজেন্সিৰ লাণ্টো গাঁৱৰ পৰা ওচৰৰ লাগি গাঁৱলৈ যাত্ৰা কৰিছিল । তাৰ পিছত সোমবাৰে মাজনিশা নাওখন ডুব যায় ।"

"কাঠৰ নাওখনত মুঠ ৪০ জন লোক আছিল । কিন্তু নাওখনৰ বহন ক্ষমতা মাত্ৰ ২০ জন লোকৰ বাবেহে আছিল আৰু নাওখন স্থানীয়ভাৱে নিৰ্মাণ কৰা হৈছিল । উদ্ধাৰকাৰীসকলে বৰ্তমানো সাগৰৰ মাজত সন্ধানহীন হৈ থকা আন ১৯ জন লোকৰ অনুসন্ধান অব্যাহত ৰাখিছে । আনহাতে ১৫ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে । লগতে আন ৬ জন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে । সন্ধানহীন লোকসকলৰ অনুসন্ধানৰ বাবে তিনিখন ৰবৰৰ নাও, দুখন মাছ ধৰা নাও আৰু ছয়জন ডুবাৰু মোতায়েন কৰা হৈছে ।" আৰাফাই লগতে কয় ।

উল্লেখ্য যে দেওবাৰে ৰিজেন্সিৰ নৱম বাৰ্ষিকী উদযাপন কৰিবলৈ হাজাৰ হাজাৰ বাসিন্দা তেওঁলোকৰ গাঁৱলৈ গৈছিল । তাৰে মাজৰ বহু লোক সাধাৰণ মাছধৰা বা টুলুঙা যাত্ৰীবাহী নাৱেৰে যাতায়াত কৰিছিল । অৱশ্যে যদিও ইণ্ডোনেছিয়া ১৭,০০০-তকৈও অধিক দ্বীপথকা এটা দ্বীপপুঞ্জ, কিন্তু তাৰ নাওবোৰৰ পৰিবহণ ব্যৱস্থা একেবাৰে সাধাৰণ প্ৰকাৰৰ । সুৰক্ষাৰ সঠিক ব্যৱস্থা নথকা আৰু নাৱত হোৱা অত্যধিক ভিৰৰ বাবেই এনে ধৰণৰ দুৰ্ঘটনা তাত সঘনাই সংঘটিত হৈ আহিছে ।

২০১৮ চনতো উত্তৰ সুমাত্ৰা প্ৰদেশৰ এটা হ্ৰদত প্ৰায় ২০০ জন যাত্ৰীৰ সৈতে এখন নাও ডুব গৈছিল । যাৰ ফলত ১৬৭ জন লোকৰ মৃত্যু হয় । আনহাতে, ১৯৯৯ চনৰ ফেব্ৰুৱাৰী মাহত দেশৰ ইতিহাসত আটাইতকৈ ডাঙৰ দুৰ্যোগবোৰৰ ভিতৰৰ এটা নাও দুৰ্ঘটনা ঘটিছিল । উক্ত দুৰ্ঘটনাত প্ৰায় ৩৩২ জন যাত্ৰী থকা এখন জনবহুল যাত্ৰীবাহী জাহাজ ডুব গৈছিল । উক্ত দুৰ্ঘটনাত মাত্ৰ ২০ জন লোকহে জীয়াই আছিল ।

লগতে পঢ়ক :Wildfires on Rhodes Island : গ্ৰীচৰ ৰোডছ দ্বীপত অব্যাহত আছে বনজুইৰ ৰুদ্ৰমূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.