ইন্টাৰনেশ্যনেল ডেস্ক, 21 ডিচেম্বৰ : শেহতীয়াকৈ ভাৰত আৰু কানাডাৰ মাজৰ তিক্ততাপূৰ্ণ সম্পৰ্কটো যেন কিছু শাম কটাৰ দিশে গতি কৰিছে ৷ উল্লেখ্য যে, 18 ছেপ্টেম্বৰত খালিস্তানি বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জৰৰ হত্যাত ভাৰতীয় এজেণ্ট জড়িত থকাৰ সম্ভাৱনা আছে বুলি কানাডাৰ প্ৰধানমন্ত্ৰী ট্ৰুডোৱে অভিযোগ উত্থাপন কৰিছিল ৷ তাৰ পিছতে ভাৰত-কানাডাৰ সৌহার্দ্যপূর্ণ সম্পৰ্কত ফাঁট মেলিছিল ৷
কাৰণ কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অভিযোগক খণ্ডন কৰি ভাৰতৰ তৰফৰ পৰা কোৱা হৈছিল যে, প্ৰধানমন্ত্ৰী ট্ৰুডোৰ অভিযোগ অযুক্তিকৰ আৰু ভিত্তিহীন বুলি ৷ তেতিয়াৰ পৰাই ক্ৰমান্বয়ে অৱনতি ঘটা সম্পৰ্কটো যেন পুনৰ ইউ টাৰ্ণ লোৱাৰ সম্ভাৱনা আছে ৷ বুধবাৰে কানাডাৰ এক সংবাদমাধ্যত ট্ৰুডোৱে কয়, " আমেৰিকাৰ অভিযোগৰ পাছতে ভাৰত চৰকাৰ কিছু বিবুদ্ধিত পেৰিছে ৷ বুজাবুজিৰ মাজেৰে হে সকলো সমস্যা সমাধান কৰিব পাৰি ৷’’ তেওঁ এইটো উল্লেখ কৰে যে, " আমাৰ এই মুহূৰ্তত ভাৰতৰ সৈতে যুঁজ দিয়াৰ মানসিকতা নাই আৰু যুঁজিবও নিবিচাৰোঁ ৷ আমি বাণিজ্য চুক্তিৰ জৰিয়তে শান্তি শৃংখলাৰে কাম কৰিব বিচাৰোঁ । আমি ইণ্ডো-পেচিফিকত ব্যৱসায় কৰিব বিচাৰোঁ । কানাডাই মানুহৰ অধিকাৰ, মানুহৰ সুৰক্ষা আৰু আইনৰ শাসনৰ ওপৰত বিশ্বাস কৰো আৰু আমি সেয়াই কৰিম ।’’
উল্লেখ্য যে, আমেৰিকাৰ ভূমিত এজন শিখ বিচ্ছিন্নতাবাদী নেতাক হত্যাৰ চেষ্টাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ বাবে এজন ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে আমেৰিকাই অভিযোগ উত্থাপনৰ পিছতে উক্ত মন্তব্য কৰে কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
পিছে, কানাডাৰ প্ৰধানমন্ত্ৰী ট্ৰুডোৰ মন্তব্যক কি দৰে গ্ৰহণ কৰে ভাৰত চৰকাৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ৷
লগতে পঢ়ক : জো বাইডেনৰ বিৰুদ্ধে অভিযোগনামা তদন্তত অনুমোদন, "ভিত্তিহীন ৰাজনৈতিক ষ্টাণ্ট" আখ্যা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ