ইণ্টাৰনেশ্যনেল ডেস্ক,৯ অক্টোবৰ : ইজৰাইলৰ ওপৰত হামাছৰ ভয়ংকৰ আক্ৰমণক লৈ সমগ্ৰ বিশ্ব উদ্বিগ্ন হৈ পৰিছে । বিভিন্ন দেশে এই আক্ৰমণক গৰিহণা দিছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ ৰিপাব্লিকান দলৰ সম্ভাব্য প্ৰাৰ্থী নিকি হেলি আৰু বিবেক ৰামাস্বামীয়েও ইজৰাইলৰ প্ৰতি সমৰ্থন জনাইছে । দুয়োগৰাকী নেতাৰ লগতে অন্যান্য বিশিষ্ট ভাৰতীয়-আমেৰিকান নেতাসকলে ইজৰাইলৰ প্ৰতি সমৰ্থন দেখুৱাইছে ।
উল্লেখ্য যে পেলেস্তাইনী সন্ত্ৰাসবাদী গোট হামাছে শনিবাৰে দক্ষিণ ইজৰাইলত কেইবাটাও ৰকেট আক্ৰমণ কৰে । যাৰ ফলত কমেও ৭০০ গৰাকী লোক নিহত হয় আৰু ২,০০০ ৰো অধিক লোক আহত হয় ।
দেওবাৰে ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থী হেলীয়ে সংবাদ মাধ্যমক কয় যে হামাছ আৰু তেওঁলোকক সমৰ্থন কৰা ইৰাণ চৰকাৰে ইজৰাইল আৰু আমেৰিকাক ধ্বংস কৰাৰ শ্ল'গান দি আছে । তেওঁৰ মতে সকলোৱে এই কথা মনত ৰাখিব লাগিব । হেলীৰ মতে আমেৰিকা ইজৰাইলৰ সৈতে আছে কাৰণ হামাছ, হিজবুল্লাহ আৰু ইৰাণ পন্থীসকলে আমেৰিকাক ঘৃণা কৰে । তেওঁ আশা কৰা মতে সকলোৱে একত্ৰিত হৈ ইজৰাইলৰ সৈতে থিয় দিব কিয়নো তেওঁলোকক এই মুহূৰ্তত প্ৰকৃততে সহায়ৰ প্ৰয়োজন আছে । হেলীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক হামাছক আঁতৰাবলৈ আহ্বান জনায় ।
ইফালে ৰিপাব্লিকান ৰাষ্ট্ৰপতিৰ মনোনয়নৰ দৌৰত থকা ৰামাস্বামীয়ে কয় যে ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণে আমেৰিকা যুক্তৰাষ্ট্ৰক সীমা সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ শিক্ষা দিছে । তেওঁৰ মতে আমেৰিকাৰ সীমান্তও বিপদজনক অৱস্থাত আছে । দক্ষিণ সীমান্তৰ পৰিস্থিতি অতি বেয়া বুলিও তেওঁ অভিহিত কৰে । ইউএছ ইণ্ডিয়া ষ্ট্ৰেটেজিক এণ্ড পাৰ্টনাৰশ্বিপ ফ'ৰামৰ সভাপতি তথা মুখ্য কাৰ্যবাহী বিষয়া মুকেশ আঘিয়ে দেওবাৰে ইজৰাইলক সমৰ্থনৰ আশ্বাস দিয়ে ।
ভাৰতীয়-আমেৰিকানমূলৰ নেতা ভাৰত বৰাইও হামাছ আৰু হিজবুল্লাহক বিশ্বৰ আটাইতকৈ বৰ্বৰ সন্ত্ৰাসবাদী সংগঠন বুলি অভিহিত কৰে । ভাৰতীয়-আমেৰিকান কংগ্ৰেছ সদস্য ৰাজা কৃষ্ণমূৰ্তিয়েও কয় যে এই জঘন্য সন্ত্ৰাসবাদী আক্ৰমণৰ সন্মুখীন হোৱা ইজৰাইলৰ জনসাধাৰণৰ সৈতে আমেৰিকা আছে ।
লগতে পঢ়ক :Hamas attack on Israel : হামাছক গণহত্যাকাৰী ইছলামিক জেহাদী সন্ত্ৰাসবাদী আখ্যা ইজৰাইলৰ