ইণ্টাৰনেশ্যনেল ডেস্ক, 8 আগষ্ট : ভাৰতীয়-আমেৰিকান কংগ্ৰেছী শ্ৰী থানেদাৰৰ নেতৃত্বত আমেৰিকাৰ সাংসদৰ এটা দলে ভাৰতৰ স্বাধীনতা দিৱসক বিশ্বৰ দুখন বৃহত্তম গণতন্ত্ৰৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰতিনিধি সদনত প্ৰস্তাৱ উত্থাপন কৰিছে । আমেৰিকা আৰু ভাৰতৰ মাজত শক্তিশালী অংশীদাৰিত্বই বিশ্বৰ গণতন্ত্ৰক এক বিশেষ নেতৃত্ব প্ৰদান কৰি আগুৱাই লৈ যাব আৰু সমগ্ৰ বিশ্বৰ বাবে শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ পোষকতা কৰিব বুলি আশাৰে এই প্ৰস্তাৱ কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷
থানেদাৰে প্ৰৱৰ্তন কৰা আৰু কংগ্ৰেছী বাড্ডি কাৰ্টাৰ আৰু ব্ৰেড শৰ্মনৰ সহযোগত পৃষ্ঠপোষকতা কৰা এই প্ৰস্তাৱত 15 আগষ্ট, ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা বিশ্বৰ দুখন বৃহত্তম গণতন্ত্ৰ উদযাপনৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে ঘোষণা কৰিব বিচৰা হৈছে । 22 জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়ত আমেৰিকা আৰু ভাৰতক উমৈহতীয়া স্বাৰ্থ আৰু বিশ্বাসেৰে লৈ স্বাধীনতা, গণতন্ত্ৰ, বহুত্ববাদ, আইনৰ শাসন মানৱ অধিকাৰৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ কথা প্ৰস্তাৱটোত কোৱা হৈছে ।
ভাৰতীয় ঐতিহ্য থকা আমেৰিকানসকলে চৰকাৰী বিষয়া, সামৰিক কৰ্মী, আৰু আইন প্ৰয়োগকাৰী বিষয়া হিচাপে আমেৰিকাত ৰাজহুৱা জীৱন কটায় আছে ৷ যিয়ে আমেৰিকাৰ সংবিধানৰ নীতিসমূহ কঠোৰভাৱে পালন কৰে আৰু জাতিটোৰ সমৃদ্ধিশালী বৈচিত্ৰ্যত অৰিহণা যোগায় আহিছে । ভাৰতীয় জনসাধাৰণৰ সৈতে উদযাপন কৰাটো উচিত আৰু বাঞ্ছনীয়, আৰু যিবোৰ গণতান্ত্ৰিক নীতিৰ ওপৰত দুয়োটা জাতিৰ জন্ম হৈছিল, সেইবোৰক পুনৰ দৃঢ় কৰাটোৱেই উচিত আৰু বাঞ্ছনীয় বুলিও কোৱা হৈছে বুলিও প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে ।
লগতে পঢ়ক : Brics Summit 2023: মোদীৰ বিৰুদ্ধে ওলোৱা উৰাবাতৰিত আশ্চৰ্য প্ৰকাশ দক্ষিণ আফ্ৰিকাৰ