ETV Bharat / international

মধ্যপ্ৰাচ্যত সন্ত্ৰাসবাদক সমৰ্থনৰ বাবে ইৰাণলৈ পুঁজি যোগান বন্ধ কৰিব আমেৰিকাই - US House No Funds for Iranian Terrorism Act

মধ্যপ্ৰাচ্যত ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদক পুঁজি যোগান ধৰা বুলি বাইডেন প্ৰশাসনৰ বিৰুদ্ধে উঠা অভিযোগৰ মাজতে আমেৰিকাৰ সদনে ইৰাণী সন্ত্ৰাসবাদৰ বাবে কোনো পুঁজি যোগান নধৰাৰ আইন গৃহীত কৰে । এই পদক্ষেপে ইৰাণক শেহতীয়াকৈ বন্দী বিনিময় চুক্তিত আমেৰিকাই হস্তান্তৰ কৰা ৬ বিলিয়ন ডলাৰ লাভ কৰাত বাধা দিব । আগষ্টৰ বন্দী বিনিময় চুক্তিৰ অংশ হিচাপে বিলিয়ন ডলাৰৰ জমা হৈ থকা ইৰাণী সম্পত্তি দক্ষিণ কোৰিয়াৰ বেংকৰ পৰা কাটাৰলৈ হস্তান্তৰ কৰা হৈছে ।

মধ্যপ্ৰাচ্যত সন্ত্ৰাসবাদক সমৰ্থনৰ বাবে ইৰাণলৈ পুঁজি যোগান বন্ধ কৰিব আমেৰিকাই

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 11:27 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১ ডিচেম্বৰ : আমেৰিকাৰ সদনে বৃহস্পতিবাৰে এক দ্বিদলীয় পদক্ষেপ গৃহীত কৰে । ইয়াৰ দ্বাৰা ইৰাণক শেহতীয়াকৈ বন্দী বিনিময় চুক্তিত আমেৰিকাৰ দ্বাৰা হস্তান্তৰ কৰা ৬ বিলিয়ন ডলাৰ লাভ কৰাত বাধা দিব । বিগত মাহত হামাছে ইজৰাইলৰ ওপৰত চলোৱা মাৰাত্মক আক্ৰমণত ৰাষ্ট্ৰখনৰ ওপৰত আৰোপ কৰা ভূমিকাৰ প্ৰতিক্ৰিয়াস্বৰূপে এই পদক্ষেপ আগবঢ়াইছে ।

ইৰাণৰ সন্ত্ৰাসবাদৰ বাবে কোনো পুঁজি যোগান নধৰা আইন শীৰ্ষক এই পদক্ষেপটো ৩০৭-১১৯ ভোটত গৃহীত হয় । কিয়নো ৰিপাব্লিকানসকলে মধ্যপ্ৰাচ্যত ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদক পুঁজি যোগান ধৰাত তেওঁলোকৰ সহযোগ থকা বুলি কোৱাৰ বাবে বাইডেন প্ৰশাসনক জবাবদিহি কৰিব বিচাৰিছিল । সদনৰ বৈদেশিক বিষয়ৰ সমিতিৰ ৰিপাব্লিকান অধ্যক্ষ প্ৰতিনিধি মাইকেল মেকক'লে এক বিতৰ্কৰ সময়ত কয় যে অঞ্চলটোত এনে অস্থিৰতাৰ সময়ত ৬ বিলিয়ন ডলাৰতকৈ অধিক পুঁজি যোগান ধৰাৰ অৰ্থ হৈছে ইৰাণৰ পৃষ্ঠপোষকতাত চলা সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাবলৈ অনুমতি দিয়া ।

আনহাতে, আমেৰিকান বিষয়াসকলে এই সমালোচনাক প্ৰত্যাখ্যান কৰি উল্লেখ কৰে যে ইৰাণক এতিয়াও এটা ডলাৰো উপলব্ধ কৰোৱা হোৱা নাই । লগতে এই কথা দৃঢ়তাৰে কয় যে যেতিয়া এই পুঁজি প্ৰদান কৰা হ'ব, তেতিয়া ইয়াক কেৱল মানৱীয় প্ৰয়োজনীয়তাৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব ।

উল্লেখ্য যে আমেৰিকা আৰু ইৰাণে আগষ্ট মাহত অস্থায়ী চুক্তিত উপনীত হৈছিল । এই চুক্তি মতে তেহৰাণত বন্দী হৈ থকা পাঁচগৰাকী আমেৰিকানক মুকলি কৰি দিয়াৰ বিপৰীতে আমেৰিকাত বন্দী হৈ থকা কেইবাজনো ইৰাণীয়ানক মুকলি কৰি দিছিল । ইয়াৰ বিনিময়ত জমা হৈ থকা ইৰাণী সম্পত্তি কোৰিয়াৰ বেংকৰ পৰা কাটাৰলৈ হস্তান্তৰ কৰা হৈছিল । কিন্তু ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ কেইদিনমান পিছতে আমেৰিকা আৰু কাটাৰে এই কথাত সন্মত হয় যে এই সময়ছোৱাত ইৰাণে এই ধন লাভ কৰিব নোৱাৰিব । বিষয়াসকলে এই পুঁজি যোগান ধৰাটো পুনৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল ।

লগতে পঢ়ক :ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি সম্প্ৰসাৰণ, পুনৰ হামাছে মুকলি কৰিলে ৬ ইজৰাইলীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.