ETV Bharat / international

Hezbollah Israel War : ইজৰাইলৰ লক্ষ্যত ক্ষেপণাস্ত্ৰ নিক্ষেপ হিজবুল্লাহৰ

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 12:31 PM IST

চিয়া সন্ত্ৰাসবাদী গোট হিজবুল্লাহে ইজৰাইলৰ বিভিন্ন স্থানক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । আনহাতে, ইজৰাইলৰ গুলীচালনাত লেবাননৰ আটাৰোন গাঁৱত দুজন কৃষক আহত হৈছে ।

ইজৰাইলৰ লক্ষ্যত ক্ষেপণাস্ত্ৰ নিক্ষেপ হিজবুল্লাহৰ
Hezbollah Israel War

ইণ্টাৰনেচনেল ডেস্ক, ১৯ অক্টোবৰ : ইজৰাইলৰ বিভিন্ন লক্ষ্যত কেইবাটাও ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছে হিজবুল্লাহে । লেবাননৰ সন্ত্ৰাসবাদী গ্ৰুপ হিজবুল্লাহে এই কথা জনাইছে । এক বিবৃতিত চিয়া সন্ত্ৰাসবাদী গোটটোৱে বুধবাৰে কয় যে এই মিছাইলৰ দ্বাৰা ইজৰাইলৰ তিনিটা স্থানক লক্ষ্য কৰি লোৱা হৈছিল । ইয়াৰ ভিতৰত আছে ইজৰাইলী সৈন্যৰ এটা কেন্দ্ৰ আৰু উত্তৰ ইজৰাইলৰ আল-মানাৰাৰ দক্ষিণে এটা নিৰীক্ষণ আৰু পুনৰীক্ষণ প্ৰণালী । আক্ৰমণটোত বহু লোক আহত হয় । আনহাতে, এজন হিজবুল্লাহ সদস্যৰ মৃত্যু নিশ্চিত কৰা বুলি চৰকাৰী ছিনহুৱা সংবাদ সংস্থাই জনাইছে ।

ইফালে দক্ষিণ লেবাননত চিকিৎসা সূত্ৰই ছিনহুৱাক কয় যে ইজৰাইলৰ গুলীচালনাত দক্ষিণ লেবাননৰ আটাৰোন গাঁৱত দুজন লেবাননৰ কৃষক আহত হৈছে । ইয়াৰ উপৰি লেবাননৰ সামৰিক সূত্ৰই কয় যে ইজৰাইলী সামৰিক বাহিনীয়ে দক্ষিণ লেবাননত গোলাবর্ষণ বৃদ্ধি কৰিছে, যাৰ ফলত আটাৰোনৰ চাৰিওফালৰ অঞ্চলত ১৪ টা ঘৰ ক্ষতিগ্ৰস্ত হয় । ইজৰাইলৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এই আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফ) আৰ্টিলাৰী ফায়াৰৰ দ্বাৰা প্ৰতিশোধ লয় । কিন্তু ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই ।

উল্লেখ্য যে ৮ অক্টোবৰত ইজৰাইলৰ বিৰুদ্ধে হামাছৰ আক্ৰমণৰ সমৰ্থনত হিজবুল্লাহে ইজৰাইলৰ সামৰিক স্থানসমূহক লক্ষ্য কৰি কেইবাটাও ৰকেট নিক্ষেপ কৰে । ইায়ৰ পিছতে লেবানন-ইজৰাইল সীমান্তত উত্তেজনা আৰম্ভ হয় । ইফালে বুধবাৰে লেবাননত ৰাষ্ট্ৰসংঘৰ অন্তৰ্ৱৰ্তীকালীন বাহিনীৰ (ইউএনআইএফআইএল) শান্তিৰক্ষী বাহিনীয়ে সীমান্ত অঞ্চলৰ পৰা শান্তিৰক্ষীসকলক স্থানান্তৰ কৰাৰ পৰামৰ্শ দিয়াৰ কথা নাকচ কৰে ।

লেবাননৰ ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ দ্বাৰা ইউএনআইএফআইএলৰ মুখপাত্ৰ এণ্ড্ৰিয়া টেনাণ্টিৰ উদ্ধৃতিৰে কোৱা হৈছে, "ইউএনআইএফআইএল সৈন্য এতিয়াও তেওঁলোকৰ স্থিতিতে আছে আৰু সেই ঠাই এৰি যোৱাৰ কোনো পৰিকল্পনা নাই ।"

লগতে পঢ়ক :Hamas-Israel War: ইজৰাইল-হামাছৰ যুদ্ধত 18 জন সাংবাদিকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.