ETV Bharat / international

Helicopter Missing Near Mount Everest : নেপালৰ এভাৰেষ্টৰ ওচৰত ৬ যাত্ৰীৰে সন্ধানহীন হেলিকপ্টাৰ - Helicopter with 6 on board missing in Nepal

মঙলবাৰে পুৱা মানাং এয়াৰ হেলিকপ্টাৰখন নেপালৰ মাউণ্ট এভাৰেষ্টৰ পাদদেশত সন্ধানহীন হোৱা বুলি জনোৱা হৈছে । হেলিকপ্টাৰখনত মুঠ ছয়জন লোক আছিল ।

Helicopter Missing Near Mount Everest
Helicopter Missing Near Mount Everest
author img

By

Published : Jul 11, 2023, 2:58 PM IST

নিউজ ডেস্ক, ১১ জুলাই : সঘনাই বিমান তথা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ থকা নেপালত এইবাৰ আন এখন হেলিকপ্টাৰ সন্ধানহীন হৈছে । মঙলবাৰে পুৱা ৯.৪৫ বজাত নেপালত মানাং এয়াৰৰ এখন হেলিকপ্টাৰ সন্ধানহীন হয় । জানিব পৰা মতে, সন্ধানহীন হোৱা হেলিকপ্টাৰখনত ছয়জন লোক আছিল । উৰণৰ ১৫ মিনিট পিছতে হেলিকপ্টাৰখনে নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ হেৰুৱাই পেলায় ।

  • #UPDATE | "...Total persons on board: 6 (5 passengers + 1 captain). Altitude Air helicopter departed from Kathmandu for search and rescue," tweets Civil Aviation Authority of Nepal pic.twitter.com/8JuCxexo9F

    — ANI (@ANI) July 11, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মঙলবাৰে পুৱা মানাং এয়াৰ হেলিকপ্টাৰখন নেপালৰ মাউণ্ট এভাৰেষ্টৰ পাদদেশত সন্ধানহীন হোৱা বুলি জনোৱা হৈছে । ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জেনেৰেল মেনেজাৰ প্ৰতাপ বাবু তিৱাৰীয়ে জনোৱা মতে, হেলিকপ্টাৰখনৰ কল ছাইন হৈছে 9এন-এএমভি। তেওঁ কয় যে উৰণৰ ঠিক ১৫ মিনিট পিছতে হেলিকপ্টাৰখনৰ সৈতে সম্পৰ্ক হেৰাই যায় ।

আনহাতে, নেপালৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ তথ্য বিষয়া জ্ঞানেন্দ্ৰ ভুলে কাঠমাণ্ডু পোষ্ট বাতৰিকাকতৰ উদ্ধৃতি দি কয় যে হেলিকপ্টাৰখনে লুখুম্বুৰ চুৰ্কিৰ পৰা ৰাজধানী কাঠমাণ্ডুলৈ পুৱা ৯.৪৫ বজাত উৰা মাৰিছিল । প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, হেলিকপ্টাৰখনত মুঠ ছয়জন লোক আছিল । ইফালে হিমালয়ান টাইমছ বাতৰিকাকতখনে এটা সূত্ৰৰ উদ্ধৃতি দি কয় যে হেলিকপ্টাৰখন জ্যেষ্ঠ কেপ্টেইন চেট গুৰুঙে চলাই আছিল ।

নেপালৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই টুইট কৰি কৈছে যে হেলিকপ্টাৰখনত কেপ্টেইনসহিতে মুঠ ৬ জন যাত্ৰী আছে । ইতিমধ্যে এখন অল্টিটিউড এয়াৰ হেলিকপ্টাৰে সন্ধানহীন হোৱা হেলিকপ্টাৰখনৰ সন্ধান আৰু উদ্ধাৰৰ বাবে কাঠমাণ্ডু এৰিছে ।

উল্লেখ্য যে ২০২৩ চনৰ জানুৱাৰী মাহত নেপালত এক ভয়ানক বিমান দুৰ্ঘটনা সংঘটিত হৈছিল । এই দুৰ্ঘটনাত ৬৯ জন লোকৰ মৃত্যু হয় । বিমানখন কাঠমাণ্ডুৰ পৰা পোখৰালৈ গৈ আছিল । বিমানখন পোখৰা বিমানবন্দৰত অৱতৰণ কৰাৰ ১০ ছেকেণ্ড পূৰ্বে দুৰ্ঘটনাটো সংঘটিত হৈছিল । দুৰ্ঘটনাটোত বিমানখন পোখৰা উপত্যকাৰ পৰা চেতি নদীৰ খাৱৈত পৰি যায় । দুৰ্ঘটনাটোত মৃত্যু হোৱা ৬৯ জন যাত্ৰীৰ ভিতৰত নেপালৰ লোকশিল্পী নীৰা ছানিয়ালকো এগৰাকী আছিল বুলি প্ৰকাশ কৰা হয় ।

লগতে পঢ়ক :Pakistan rain havoc: ৰুষ্ট প্ৰকৃতি ! ধাৰাসাৰ বৰষুণত পাকিস্তানত মৃত্যু 86, আহত 151

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.