ETV Bharat / international

Hamas Attack on Israel : হামাছৰ ভয়ানক গণহত্যা; সংগীত উৎসৱত ২৬০ ইজৰাইলীক গুলীয়াই হত্যা

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 4:55 PM IST

ছ'চিয়েল মিডিয়াত প্ৰকাশিত এটা আচৰিত ভিডিঅ'ত দেখা গৈছে কেনেকৈ ইজৰাইলৰ ছুপাৰনোভা সংগীত উৎসৱৰ পিছত হামাছৰ বন্দুকধাৰীয়ে ২৬০ জন লোকক হত্যা কৰিছে । সংগীত মহোৎসৱত হোৱা এই আক্ৰমণ হামাছ যুঁজাৰুৱে ইজৰাইলৰ ওপৰত কৰা বৃহত্তৰ আক্ৰমণ ।

সংগীত উৎসৱত ২৬০ ইজৰাইলীক গুলীয়াই হত্যা
Hamas Attack on Israel

ইণ্টাৰনেচনেল ডেস্ক, ৯ অক্টোবৰ : নোভা সংগীত মহোৎসৱ হৈছে ইজৰাইলৰ জনজাতীয় লোকসকলৰ এক ডাঙৰ উৎসৱ । গাজা-ইজৰাইল সীমান্তৰ ওচৰৰ এক গ্ৰামাঞ্চলত এই উৎসৱ পালন কৰা হয় । তাত ওৰেনিশা নৃত্য-গীতৰ পাৰ্টী অনুষ্ঠিত হয় আৰু হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে ইহুদী বন্ধ উদযাপন কৰে ।

কিন্তু শনিবাৰে পুৱতি নিশা হামাছ উগ্ৰপন্থীয়ে মৰুভূমি অঞ্চলৰ এই উৎসৱত আক্ৰমণ কৰি প্ৰায় ২৬০ গৰাকী লোকক হত্যা কৰে । যাৰ ফলত এই অনুষ্ঠানটোত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । ইজৰাইলৰ এটা উদ্ধাৰকাৰী সংগঠন, বাতৰি প্ৰতিষ্ঠান আৰু ছ'চিয়েল মিডিয়াত প্ৰকাশিত তথ্য অনুসৰি, অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে আতংকিত হৈ গুলীবৰ্ষণৰ ঘটনাৰ পৰা নিজকে বচাবলৈ দৌৰি পলায়ন কৰিবলৈ আৰু লুকাবলৈ চেষ্টা কৰে ।

ইজৰাইলী উদ্ধাৰ সেৱা জাকাই জনোৱা অনুসৰি, সংগীত মহোৎসৱৰ পৰা প্ৰায় ২৬০ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে । আনহাতে, এই সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । উৎসৱৰ আয়োজকসকলে সামাজিক মাধ্যমত এক বিবৃতিত প্ৰকাশ কৰিছে যে তেওঁলোকে অনুষ্ঠানটোত উপস্থিত থকা সন্ধানহীন লোকসকলক বিচাৰি উলিওৱাত সহায় কৰিবলৈ সুৰক্ষা বাহিনীক সহায় কৰি আছে ।

উল্লেখ্য যে সংগীত মহোৎসৱত হোৱা এই আক্ৰমণটো হামাছ যুঁজাৰুসকলৰ ইজৰাইলৰ ওপৰত কৰা বৃহত্তৰ আক্ৰমণৰ এক অংশ, যিয়ে শনিবাৰে সুৰক্ষিত সীমান্তৰে অনুপ্ৰৱেশ কৰি সংঘটিত কৰে অভূতপূৰ্ব আকস্মিক আক্ৰমণ ।

আনহাতে, সংগীত মহোৎসৱৰ পৰা ছচিয়েল মিডিয়াত পোষ্ট কৰা এটা ভিডিঅ'ত এগৰাকী যুৱতীক মটৰচাইকেলত উঠাই এজন পুৰুষে অপহৰণ কৰা দেখা গৈছে । যুৱতীগৰাকীয়ে কান্দি কান্দি সহায় ভিক্ষা কৰা দেখা গৈছে । আনহাতে, আন এটা পৃথক ভিডিঅ'ত দেখা গৈছে বহু লোক আতংকিত হৈ উৎসৱস্থলীৰ পৰা এখন পথাৰৰ মাজেৰে দৌৰি পলায়ন কৰিছে । তেওঁলোকে গাড়ীত উঠিবলৈ চেষ্টা কৰিছে ।

উৎসৱৰ অংশগ্ৰহণকাৰী শ্ব'ম গুৱেটাই এনবিচি নিউজক জনোৱা মতে, তেওঁ ২০ জনীয়া এটা দলৰ সৈতে তাৰ পৰা পলায়ন কৰি প্ৰায় ছয় ঘণ্টা জোপোহাৰ মাজত লুকাই থাকে । আক্ৰমণটো সংঘটিত হোৱাৰ সময়ত মানুহক মনে মনে আৰু একে ঠাইতে থাকিবলৈ আহ্বান জনাইছিল ।

লগতে পঢ়ক :Hamas attack on Israel : হামাছক গণহত্যাকাৰী ইছলামিক জেহাদী সন্ত্ৰাসবাদী আখ্যা ইজৰাইলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.