ইণ্টাৰনেশ্যনেল ডেস্ক ,21 নৱেম্বৰ: দেওবাৰে উত্তৰ-মধ্য গুৱানাজুয়াটো ৰাজ্যৰ এখ থানাত বন্দুকধাৰীয়ে গুলীচালনা কৰে (Opened fire in Guanajuato) ৷ সমান্তৰালভাৱে আৰক্ষীয়ে গুলীচালনা কৰাত কেইবাজনো লোকৰ মৃত্যু হয় (Gunmen attack Mexico police station) । চেলায়া চহৰৰ আৰক্ষীয়ে জনোৱা মতে, কেইবাজনো আক্ৰমণকাৰী নিহত হৈছে যদিও সঠিক সংখ্যা বৰ্তমানলৈ গম পোৱা হোৱা নাই বুলি উল্লেখ কৰে । মহানগৰীৰ উপকণ্ঠ অঞ্চলৰ এখন চহৰত সংঘটিত হয় এই আক্ৰমণ ।
চেলায়াৰ আৰক্ষী অধীক্ষক জেছ ৰিভেৰাই কয় যে, তিনিজন আৰক্ষী বিষয়া আহত হৈছে যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই বুলি জানিবলৈ দিয়ে (Celaya police chief Jess Rivera)৷ মেক্সিকোৰ ৩২খন ৰাজ্যৰ ভিতৰত সৰ্বাধিক হত্যাকাণ্ড সংঘটিত হোৱা ৰাজ্যখনেই হৈছে গুয়ানাজুয়াটো (Guanajuato has highest number of homicides)।
উল্লেখ্য যে, ৰাজ্যখনত বছৰ বছৰ ধৰি জালিস্কো কাৰ্টেল, ইয়াৰ প্ৰধান প্ৰতিদ্বন্দ্বী চিনালোয়া কাৰ্টেলৰ সমৰ্থনত স্থানীয় গেংসমূহৰ মাজত অপৰাধমূলক কাৰ্য-কলাপ বৃদ্ধি পাবলৈ ধৰিছে ।
লগতে পঢ়ক: Google Doodle: কোন আছিল মেৰী থাৰ্পৰ ? যাৰ ওপৰত গুগলে প্ৰৱৰ্তন কৰিলে নতুন গুগল ডুডল