ETV Bharat / international

প্ৰাগ বিশ্ববিদ্যালয়ত ছাত্ৰৰ গুলীচালনা, 14 গৰাকী নিহত - 14 গৰাকী নিহত

Prague University Mass Shooting: কিহৰ প্ৰতিশোধ ল’লে ছাত্ৰই ? চেক গণৰাজ্যৰ ৰাজধানী প্ৰাগৰ প্ৰাগ বিশ্ব বিদ্যালয়ত এজন শিক্ষাৰ্থীয়ে গণহত্যাৰ ঘটনা সংঘটিত কৰে ৷ ইয়াৰ পূৰ্বে নিজ ঘৰত পিতৃক হত্যা কৰিছিল ছাত্ৰজনে ৷ পঢ়ক সবিশেষ...

Gunman opens fire in a Prague university
প্ৰাগ বিশ্ববিদ্যালয়ত ছাত্ৰৰ গুলীচালনা
author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 10:44 AM IST

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 22 ডিচেম্বৰ : চেক গণৰাজ্যৰ ৰাজধানী প্ৰাগৰ প্ৰাগ বিশ্ববিদ্যালয়ত ভয়ংকৰ ঘটনা ৷ বৃহস্পতিবাৰে বিশ্ববিদ্যালয়ৰ ভিতৰত এজন শিক্ষাৰ্থীয়ে নিৰ্বিচাৰে গুলীচালনা কৰে ৷ এই ঘটনাৰ ফলত কমেও 14 জন লোক নিহত হোৱাৰ লগতে প্ৰায় 25 গৰাকী লোক আহত হয় ৷

প্ৰাগ আৰক্ষী প্ৰধান মাৰ্টিন ভণ্ড্ৰাছেকে কয় যে, চাৰ্লছ বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ ভৱনত সংঘটিত হৈছিল এই গুলীচালনাৰ ঘটনা ৷ গুলীচলনা কৰা শ্বুটাৰজন এগৰাকী ছাত্ৰ আছিল ৷ ইতিমধ্যে শ্বুটাৰজনৰো মৃত্যু হৈছে ৷ এতিয়ালৈকে শ্বুটাৰজনৰ নাম প্ৰকাশ কৰা হোৱা নাই ৷ শ্বুটাৰজনৰ অনুজ্ঞাপত্ৰ থকা কেইবাটাও বন্দুক আছিল ৷

ভণ্ড্ৰাছেকে লগতে জনায় যে, এই গুলীচালনাৰ ঘটনাত 14 জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 25 জন আহত হয় ৷ কৰ্তৃপক্ষই লগতে জানিবলৈ দিয়া অনুসৰি অনাগত সময়ত মৃতকৰ সংখ্যা বৃদ্ধি হ’ব পাৰে ৷

চেক অভ্যন্তৰীণ মন্ত্ৰী ভিট ৰাকুচানে কৈছিল যে, প্ৰাথমিক অনুসন্ধানত ছাত্ৰগৰাকী কোনো উগ্ৰপন্থী তথা অন্য গোটৰ লগত জড়িত থকাৰ তথ্য লাভ কৰা হোৱা নাই ৷ এই শোকাৱহ ঘটনাত প্ৰাণ হেৰুৱাসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আত্মাৰ সদগতিৰ কামনা কৰিছে ৷

ভণ্ড্ৰাছেকে উল্লেখ কৰে যে, এই ঘটনাৰ পূৰ্বে প্ৰাগৰ সমীপৰ হোষ্টেনীৰ নিজ বাসগৃহত নিজ পিতৃক হত্যা কৰি আহিছিল ছাত্ৰজনে ৷ তাৰ পিচতে শ্বুটাৰজনে নিজকে হত্যা কৰাৰ পৰিকল্পনাও কৰিছিল।

এই ঘটনাৰ পিচতে আৰক্ষীৰ এটা দলে শ্বুটাৰ ছাত্ৰজনৰ ঘৰত তালাচী চলাই এজন ব্যক্তি আৰু তেওঁৰ 2 মাহৰ কন্যাক যোৱা 15 ডিচেম্বৰতেই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰে ৷ শ্বুটাৰজনৰ পূৰ্বতে কোনো ধৰণৰ অপৰাধজনিত ঘটনাত জড়িত থকাৰ তথ্য লাভ কৰা নাই ৷ শ্বুটাৰ ছাত্ৰজন এজন মেধাৱী শিক্ষাৰ্থী আছিল ৷

চাৰ্লছ বিশ্ববিদ্যালয়ৰ এক বিবৃতিত কয়, "আমি আমাৰ বিশ্ববিদ্যালয়ৰ হৈ প্ৰাণ হেৰুওৱা সকলৰ পৰিয়ালৰ হকে শোক প্ৰকাশ কৰিছো, সকলো শোকসন্তপ্ত লোকৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো ৷" ইফালে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক থকাৰ ইংগিত লাভ কৰা নাই আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ এয়া এক ভয়ংকৰ অপৰাধৰ ঘটনা ৷ এনে ঘটনা চেক গণৰাজ্যই পূৰ্বতে কেতিয়াও সংঘটিত হোৱা নাই ৷

লগতে পঢ়ক: ইজৰাইল-হামাছৰ মাজত চলা যুদ্ধৰ অৱসান নিবিচাৰে নেকি আমেৰিকাই !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.