ETV Bharat / international

আজি জাৰ্মান এয়াৰ লাইনছৰ ৮০০ বিমান বাতিল - demanding increase basic wages

জাৰ্মান এয়াৰলাইন গ্ৰুপ লুফথানছাই শুকুৰবাৰে ইয়াৰ মুখ্য জাৰ্মান কেন্দ্ৰ মিউনিখ আৰু ফ্ৰাংকফুর্টলৈ অহা-যোৱা কৰা প্ৰায় সকলো বিমান বাতিল কৰিছে (German airline group Lufthansa cancelling 800 flights) । পাইলটসকলে ধৰ্মঘটৰ আহ্বান জনোৱাৰ পিছত এই সিদ্ধান্ত লোৱা বুলি জনোৱা হৈছে (German airline pilots strike) ।

German airline
German airline
author img

By

Published : Sep 2, 2022, 10:41 AM IST

নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ : জাৰ্মান এয়াৰলাইন গ্ৰুপ লুফথানছাই শুকুৰবাৰে ইয়াৰ মুখ্য জাৰ্মান কেন্দ্ৰ মিউনিখ আৰু ফ্ৰাংকফুর্টলৈ অহা-যোৱা কৰা প্ৰায় সকলো বিমান বাতিল কৰিছে (German airline group Lufthansa cancelling flights) । পাইলটসকলে ধৰ্মঘটৰ আহ্বান জনোৱাৰ পিছত এই সিদ্ধান্ত লোৱা বুলি জনোৱা হৈছে (German airline pilots strike) । এই সন্দৰ্ভত বৃহস্পতিবাৰে লুফথানছাই এক বিবৃতিত কয় যে এয়াৰলাইনছটোৱে ২ ছেপ্টেম্বৰত ৮০০ খন বিমান বাতিল কৰিব (German Airline cancel 800 flights) । যাৰ ফলত ১,৩০,০০০ যাত্ৰী প্ৰভাৱিত হ'ব ।

উল্লেখ্য, জাৰ্মান এয়াৰলাইনছৰ সৈতে দৰমহা বৃদ্ধি সম্পৰ্কীয় আলোচনা ব্যৰ্থ হোৱাৰ পিছত পাইলটসকলে ঔদ্যোগিক কাৰ্যকলাপ প্ৰভাৱিত কৰিবলৈয়ে লুফথানচা যাত্ৰীবাহী বিমান সেৱা আৰু লুফথানচা কাৰ্গো সেৱাত ধৰ্মঘটৰ সিদ্ধান্ত লয় । উক্ত ধৰ্মঘট শুকুৰবাৰে পুৱা 1 বজাৰ পৰা আৰম্ভ হৈ নিশা ১১.৫৯ বজাত সমাপ্ত হ'ব । আনহাতে, বিমান সোৱা ব্যাহত হোৱাৰ ফলত শনিবাৰে আৰু দেওবাৰে ব্যক্তিগত সেৱা বাতিল বা বিলম্ব হ'ব পাৰে বুলি লুফথানছাই কয় ।

আনহাতে, এয়াৰলাইনছ গ্ৰুপটোৱে ইউনিয়নৰ সিদ্ধান্তত দুখ প্ৰকাশ কৰি কয় যে ই এটা অতি ভাল প্ৰস্তাৱ আগবঢ়াইছে যিয়ে পাইলটসকলৰ বেছিক মজুৰি মাহে 900 ইউৰো (902 ডলাৰ) বৃদ্ধি কৰিব (demanding increase basic wages) । উল্লেখ্য, পাইলট ইউনিয়ন ককপিটে বছৰটোৰ শেষলৈ 5.5 শতাংশ মজুৰি বৃদ্ধি, মুদ্ৰাস্ফীতিৰ বাবে স্বয়ংক্ৰিয় ক্ষতিপূৰণ আৰু ইয়াৰ দৰমহা গ্ৰিডৰ সমন্বয় বিচাৰিছে ।

লুফথানছাই কয় যে ইউনিয়নে বিচৰা সমগ্ৰ পেকেজটোৱে পাইলট কৰ্মচাৰীৰ ব্যয় ৪০ শতাংশ বা ৯০০ নিযুত ইউৰো বৃদ্ধি কৰিব । ইউনিয়নে যুক্তি দিয়ে যে শ্ৰমিক বিবাদ প্ৰতিহত কৰিবলৈ এয়াৰলাইনছটোৱে এক গুৰুত্বপূৰ্ণ উন্নত প্ৰস্তাৱ উপস্থাপন কৰিব লাগিব ।

"বৰ্তমান, আমি বহুত দূৰৈত আছোঁ । প্ৰকৃত মজুৰি হেৰুওৱাৰ ক্ষতিপূৰণ দিয়াৰ উপৰি আমাক এতিয়া সকলো বৃত্তিগত গ্ৰুপত ক্ষতিপূৰণ গাঁথনিৰ বাবে এক বহনক্ষম সমাধানৰ প্ৰয়োজন ।" ককপিটৰ মধ্যস্থতাকাৰী মাৰ্চেল গ্ৰেলছে কয় ।

উল্লেখ্য, মুদ্ৰাস্ফীতি বৃদ্ধিৰ (inflation soaring in Europe) ফলত সমগ্ৰ ইউৰোপত অনাগত মাহবোৰত সামূহিক দৰমহাৰ দৰদামে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰা হৈছে । ফেডাৰেল পৰিসংখ্যা সংস্থা ডেষ্টাটিছে মঙলবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, জাৰ্মান উপভোক্তা মূল্য আগষ্টলৈ বছৰটোত 7.9 শতাংশ বৃদ্ধি পাইছে ।

লগতে পঢ়ক :আমাজনৰ উলংগ জনজাতিৰ অন্তিমজন সদস্যৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.