ETV Bharat / international

Israeli Airstrike on Hamas : ধ্বংসস্তূপত পৰিণত গাজা; খাদ্য, পানী, সুৰক্ষা বিচাৰি হাহাকাৰ গাজাবাসীৰ - ongoing conflict between Israel and Palestinian

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত অব্যাহত আছে যুদ্ধ ৷ ইজৰাইলৰ বিমান আক্ৰমণত গাজাৰ 2.3 নিযুত নাগৰিকে খাদ্য, পানী আৰু সুৰক্ষাৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে ৷

Israeli Airstrike on Hamas
ধ্বংসস্তুপত পৰিণত গাজা; খাদ্য, পানী, সুৰক্ষা বিচাৰি হাহাকাৰ গাজাবাসী
author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 5:05 PM IST

নিউজ ডেস্ক, 15 অক্টোবৰ : গাজাৰ ওপৰত ইজৰাইলৰ বিমান আক্ৰমণ অব্যাহত আছে ৷ এই যুদ্ধই ইতিমধ্যে এসপ্তাহত ভৰি দিছে । ইজৰাইলৰ বিমান আক্ৰমণত গাজাৰ 2.3 নিযুত নাগৰিকে খাদ্য, পানী আৰু সুৰক্ষাৰ বাবে ভয়ংকৰ প্ৰত্যহ্বানৰ সন্মুখীন হৈছে ৷ হামাছৰ সন্ত্ৰাসবাদীয়ে ইজৰাইলৰ ওপৰত মাৰাত্মক আক্ৰমণ আৰম্ভ কৰাৰ পিচ দিনাই প্ৰত্যুত্তৰ দি ইজৰাইলে বিমানেৰে আক্ৰমণ কৰিছিল গাজাত ৷ এই আক্ৰমণত কেইবা হাজাৰ লোকে ইজৰাইলৰ আদেশানুসৰি উত্তৰ দিশে অগ্ৰসৰ হোৱাৰ বিপৰীতে অন্য কিছু লোক স্থানীয় হাস্পতালত আৱদ্ধ হৈ আছিল ৷

গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যুঁজ আৰম্ভ হোৱাৰ পিচত 2,329 জন পেলেষ্টাইনী নিহত হৈছে ৷ ইফালে ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি দেওবাৰলৈ ইজৰাইল আৰু হামাছৰ মাজত অব্যাহত থকা যুঁজত মৃতকৰ সংখ্যা তৃতীয় যুদ্ধত মৃত্যুৰ সংখ্যাৰ অতিক্ৰম কৰিছে ৷ 2014 চনৰ গ্ৰীষ্মকালত সংঘটিত হোৱা যুদ্ধত 1,462 জন সাধাৰণ লোকসহ 2,251 জন পেলেষ্টাইনী লোক নিহত হৈছিল ৷ সেই যুদ্ধ ছয় সপ্তাহ ধৰি চলিছিল ৷ সেই যুদ্ধত ইজৰাইলৰ 74 জন লোক নিহত হৈছিল, যাৰ ভিতৰত আছিল ছয়জন সাধাৰণ লোক ৷

ইফালে ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, গাজাৰ চিকিৎসালয়সমূহত দুদিনৰ ভিতৰত জৰুৰীকালীন জেনেৰেটৰ বাবে ইন্ধন শেষ হোৱাৰ সম্ভাৱনা আছে, সেয়ে হাজাৰ হাজাৰ ৰোগীৰ জীৱন বিপদত পেলাব পৰাৰ আশংকা কৰা হৈছে ৷

সামৰিক বাহিনীয়ে কয় যে, অনাগত দিনত হামাছ উগ্ৰপন্থীৰ বিৰুদ্ধে চলিবলগীয়া অভিযানৰ পূৰ্বে সাধাৰণ লোকসকলক গাজা চহৰৰ পৰা খালী কৰিবলৈ চেষ্টা কৰা হৈছে ৷ কিন্তু হামাছে লোকসকলক তেওঁলোকৰ নিজা নিজা ঘৰত থাকিবলৈ আহ্বান জনাইছিল ৷ উল্লেখ্য যে উত্তৰ গাজা আৰু গাজা চহৰৰ সাধাৰণ নাগৰিকসকলক এক আদেশ দি ইজৰাইলী সামৰিক বাহিনীয়ে প্ৰায় 1.1 নিযুত পেলেষ্টাইনীক 24 ঘণ্টাৰ সময় দিছে । গাজাৰ উত্তৰ সীমান্তৰ সমীপত কেইবা হাজাৰ ইজৰাইলী সেনা সমবেত হৈ আছে । ইজৰাইলী যুদ্ধ বিমানবোৰৰ আকাশমাৰ্গত গৰ্জন শুনিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক:Biden speaks with Netanyahu, Abbas: গাজাত আৱদ্ধ নাগৰিকক লৈ চিন্তিত আমেৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.