ETV Bharat / international

Ban on wearing abaya dress: শিক্ষানুষ্ঠানত শীঘ্ৰে নিষিদ্ধ ঘোষিত হ’ব ধৰ্মীয় পোচাক ’আবায়া’

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 10:19 AM IST

ফ্ৰান্সৰ ধৰ্মনিৰপেক্ষ মূল্যবোধ অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যৰে দেশখনত নিষিদ্ধ কৰা হ’ব আবায়া নামেৰে পৰিচিত ধৰ্মীয় পোছাক ৷ শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ দৰ্মৰ বিষয়টো আহিব নালাগে বুলি উল্লেখ কৰি শীঘ্ৰে দেশখনৰ শিক্ষানুষ্ঠানত আবায়া নিষিদ্ধ কৰা হ’ব বুলি ঘোষণা কৰে শিক্ষামন্ত্ৰী গেব্ৰিয়েল আটালে ৷

Religious dress in Frence educational institutions
শিক্ষানুষ্ঠানত শীঘ্ৰে নিষিদ্ধ ঘোষিত হ’ব ধৰ্মীয় পোচাক ’আবায়া’

ইণ্টাৰনেশ্যনেল ডেস্ক, 28 জুলাই: ফ্ৰান্সৰ শিক্ষানুষ্ঠানত নিষিদ্ধ কৰা হ’ব ইছলামিক বস্ত্ৰ নামেৰে পৰিচিত আবায়া ৷ শিক্ষামন্ত্ৰী গেব্ৰিয়েল আটালে দেওবাৰে ঘোষণা কৰে যে ফ্ৰান্সে আবায়া নামেৰে জনাজাত ইছলামিক কাপোৰখন বিদ্যালয়ত নিষিদ্ধ কৰিব ।

“ৰিপাব্লিক বিদ্যালয়খন মূল্যবোধক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল, ধৰ্মনিৰপেক্ষতাও ইয়াৰ ভিতৰত অন্যতম । শ্ৰেণীকোঠাত প্ৰৱেশৰ সময়ত শিক্ষাৰ্থীৰ ধৰ্মৰ বিষয়টো আহিব নালাগ ।’’ ফ্ৰান্সৰ এটা সংবাদ মাধ্যমৰ আগত আটালে এইদৰে কয় । তেওঁ কয়, ‘‘মই ঘোষণা কৰিছো যে (ছাত্ৰ-ছাত্ৰীসকলে) স্কুলত আৰু আবায়া পিন্ধিব নোৱাৰিব ।’’

উল্লেখ কৰা প্ৰয়োজন যে, আবায়া হৈছে সাধাৰণতে ইছলাম ধৰ্মালৱম্বী মহিলাসকলে পৰিধান কৰা সমগ্ৰ দেহা আৱৰি ৰখা এটা দীঘলীয়া পোছাক ৷ ইয়াক উত্তৰ আফ্ৰিকা আৰু মধ্যপ্ৰাচ্যৰ অন্যান্য সম্প্ৰদায়েও পিন্ধে । 2004 চনত ফ্ৰান্সে বিদ্যালয়ত ডাঙৰ ডাঙৰ ক্ৰছ, ইহুদী কিপ্পা আৰু ইছলামিক হেডস্কাৰ্ফকে ধৰি ধৰ্মীয় প্ৰতীক নিষিদ্ধ কৰিছিল । অৱশ্যে আবায়াক বিশেষভাৱে নিষিদ্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল ।

জুলাই মাহত শিক্ষামন্ত্ৰী হিচাপে নিযুক্তি পোৱা আট্টালে বিদ্যালয়সমূহৰ বাবে নতুন “নিৰ্দিষ্ট দেশব্যাপী নিয়ম” জাৰি কৰাৰ পূৰ্বে অনাগত সপ্তাহত আলোচনাৰ নেতৃত্ব দিব বুলি ঘোষণা কৰিছে । ফৰাচী বিদ্যালয়ত ইছলামিক কাপোৰ পিন্ধা ছোৱালীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাতৰি পোৱাৰ পিছতে আবায়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে ৷ এই ধাৰাক কিছুমানে দেশখনৰ ধৰ্মনিৰপেক্ষ মূল্যবোধ উলংঘা কৰা হৈছে বুলি আখ্যা দিয়ে । যোৱা মাহত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নৰ ৰেনেছাঁ দলৰ সদস্য ৰাষ্ট্ৰীয় বিধানসভাৰ সভাপতি ইয়াল ব্ৰাউন-পিভেটে “এখন সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ ৰাজ্যিক বিদ্যালয়”ৰ আহ্বান জনাইছিল য’ত “কোনো ৰমজান, কোনো আবায়া, কোনো আড়ম্বৰপূৰ্ণ ধৰ্মীয় চিন” নাথাকে ।

একাংশ ৰাজনীতিবিদে ধৰ্মীয় সাজ-পোছাক নিষিদ্ধ কৰিবলৈ নতুন আইন প্ৰণয়নৰ আহ্বান জনাইছিল যদিও দেখা গৈছে যে, চৰকাৰে কেৱল বিদ্যালয়ৰ অধ্যক্ষসকলক নতুন নিৰ্দেশনা প্ৰদান কৰিব । ফৰাচী বিদ্যালয়সমূহত ধৰ্মনিৰপেক্ষতা সদায় এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈ আহিছে ৷ আনহাতে সমালোচকসকলে কয় যে, ঐতিহাসিকভাৱে খ্ৰীষ্টান দেশ এখনত ধৰ্মীয় সংখ্যালঘুসকলে বৈষম্যৰ সন্মুখীন হ’বলগীয়া হয় ।

লগতে পঢ়ক : Jayant Mahapatra : শোষিত-নিষ্পেষিতৰ সবল কণ্ঠ কবি জয়ন্ত মহাপাত্ৰৰ মৃত্যু, সান্নিধ্য সুঁৱৰি ম্ৰিয়মান অসমৰ কবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.