ইন্টাৰনেশ্যনেল ডেস্ক, 3 ছেপ্টেম্বৰ: ভয়াৱহ অৰ্থনৈতিক সংকটত দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা ৷ অৰ্থনৈতিক অচলাৱস্থাই দেখা দিয়াৰ পিছতে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকচা সন্মুখীন হৈছিল তীব্ৰ গণ-বিক্ষোভৰ(Former President of sri Lanka Gotabaya Rajapaksa) ৷ গণ ক্ষোভৰ পৰা বাচিবলৈ অৱশেষত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে দেশ এৰি পলায়ণ কৰিবলৈ বাধ্য হৈছিল ৷
দেশ এৰি পলায়ন কৰাৰ প্ৰায় দুমাহৰ পাছত শুকুৰবাৰে থাইলেণ্ডৰ পৰা দেশলৈ উভতি আহে শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে । উল্লেখ্য যে, দেশখনত অত্যাৱশকীয় সামগ্ৰীৰ নাটনিয়ে দেখা দিয়াৰ পিছতে সৰ্বসাধাৰণ ৰাইজে ৰাষ্ট্ৰপতিগৰাকীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছিল ৷ পৰৱৰ্তী সময়ত ১৩ জুলাইৰ দিনা দেশ এৰি পলায়ন কৰে আৰু ছিংগাপুৰৰ পৰা পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৭৩ বছৰীয়া ৰাষ্ট্ৰপতিগৰাকীয়ে ৷
সম্পূৰ্ণ নিৰাপত্তাৰ মাজতে শ্ৰীলংকাৰ বান্দৰনাইকে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত শুকুৰবাৰে উপস্থিত হয় ৰাজাপাকছা । বিমানবন্দৰত শাসকীয় শ্ৰীলংকা পডুজানা পেৰামুনা (এছএলপিপি) দলৰ কেইবাজনো মন্ত্ৰী আৰু সংসদৰ সদস্যই ৰাজাপাকছাক সাক্ষাৎ কৰাৰ পিছত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰাজপাকছা বিমানবন্দৰৰ পৰা ওলাই যায়(Sri Lanka Podujana Peramuna) ।
বেংকক আৰু কলম্বোৰ মাজত কোনো পোনপটীয়া বিমান চলাচলৰ সুবিধা নথকাৰ বাবে ছিংগাপুৰ এয়াৰলাইন্সৰ বিমানেৰে শ্ৰীলংকালৈ উভতি আহে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী । এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি হিচাপে চৰকাৰী গৃহ, নিৰাপত্তা আৰু অন্যান্য বিশেষ কিছু সা-সুবিধা লাভ কৰিব ৰাজাপাকছাই ৷ কলম্বোৰ উইজেৰামা মাৱাথাৰ ওচৰৰ এটা ৰাজ্যিক বাংলোত বাস কৰাৰ বিপৰীতে ৰাজাপাকচাৰ নিৰাপত্তাৰ দিশটোলৈ লক্ষ্য ৰাখি অঞ্চলটোত এটা বৃহৎ নিৰাপত্তা সংস্থা নিযুক্তি দিয়া হ’ব বুলি দেশখনৰ সংবাদ সূত্ৰত প্ৰকাশ ৷
দেশখনৰ নাগৰিকে ৰাষ্ট্ৰপতিগৰাকীৰ পদত্যাগ দাবী কৰাৰ পিছতে ৰাষ্ট্ৰপতিগৰাকীয়ে অস্থায়ী আশ্ৰয় বিচাৰি থাইলেণ্ডলৈ উৰা মাৰে । থাইলেণ্ড প্ৰশাসনে ৰাজাপাকছা এতিয়াও ডিপ্ল'মেটিক পাছপৰ্টধাৰী হোৱাৰ বাবেই দেশখনত ৯০ দিনলৈ থকাৰ ব্যৱস্থা কৰিছিল । অৱশ্যে থাইলেণ্ডত থকা সময়ছোৱাত ৰাজাপাকছা কোনোধৰণৰ ৰাজনৈতিক কাম-কাজত লিপ্ত হ’ব নোৱাৰিব বুলি জানিবলৈ দিছিল ৷
থাইলেণ্ডত থকা সময়ছোৱাত এখন হোটেলত আৱদ্ধ কৰি ৰাখি নিৰাপত্তাৰক্ষীয়ে ঘেৰাও কৰি ৰাখিছিল ৰাষ্ট্ৰপতিগৰাকীক । ১৯ আগষ্টত স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি শ্ৰীলংকাৰ পডুজানা পেৰামুনা এছ এল পি পিৰ সাধাৰণ সম্পাদক সাগৰ কাৰিয়াৱাছামৰ উদ্ধৃতিৰে উল্লেখ কৰে যে তেওঁৰ দলে বৰ্তমানৰ ৰাষ্ট্ৰপতিগৰাকীক প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ উভতি অহাৰ সুবিধা প্ৰদান কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে নিৰাপত্তা আৰু প্ৰয়োজনীয় সুবিধা নিশ্চিত কৰিবলৈও আহ্বান জনাইছে ।
১৯৪৮ চনত দেশখনে স্বাধীনতা লাভ কৰাৰ পাছত চলিত বৰ্ষত প্ৰথমবাৰৰ বাবে বৈদেশিক মুদ্ৰাৰ মজুতকৰণৰ অভাৱত ভয়াৱহ অৰ্থনৈতিক দুৰ্যোগৰ মুখামুখি হৈছিল ৷ যাৰ ফলত গণ বিক্ষোভৰ মুখামুখি হবলগীয়া হৈছিল দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীৰ লগতে শাসকীয় দলটোৰ নেতা-কৰ্মীসকলো ৷
২০১৯ বৰ্ষৰ নৱেম্বৰ মাহত ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল প্ৰাক্তন সামৰিক বিষয়া গোটাবায়া ৰাজাপাকচা ৷ কিন্তু ৰাষ্ট্ৰপতিগৰাকীৰ কাৰ্যকাল সম্পূৰ্ণ হবলৈ কেইটামান মাহ বাকী থকা অৱস্থাতে পদত্যাগ কৰিবলৈ বাধ্য হয় ৰাষ্ট্ৰপতিগৰাকী ৷ ৰাজাপাকছাক ক্ষমতাচ্যুত কৰাৰ পাছত শ্ৰীলংকাৰ সংসদে তদানীন্তন ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি আৰু ৬বাৰৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাণীল উইক্ৰেমসিংহেক নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰে।
দেউলীয়া দ্বীপ ৰাষ্ট্ৰখনক ভয়াৱহ অৰ্থনৈতিক সংকটৰ পৰা ৰক্ষা কৰিবলৈ তথা জনসাধাৰণৰ জীৱন-জীৱিকা সুৰক্ষিত কৰিবলৈ আন্ত:ৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে এক প্ৰাথমিক চুক্তিৰ অধীনত চাৰি বছৰৰ ভিতৰত প্ৰায় ২.৯ বিলিয়ন মাৰ্কিন ডলাৰৰ ঋণ প্ৰদান কৰিব বুলি বৃহস্পতিবাৰে ঘোষণা কৰে(International Monetary fund)।
লগতে পঢ়ক: আমাজনৰ উলংগ জনজাতিৰ অন্তিমজন সদস্যৰ মৃত্যু