ETV Bharat / international

US Soldier Bolted into North Korea: আমেৰিকান সৈন্যক আটক কৰাৰ আনুষ্ঠানিক নিশ্চিতি উত্তৰ কোৰিয়াৰ - North Korea confirmed detention of US army

১৮ জুলাইত কোৰিয়াৰ এখন সীমান্তৱৰ্তী গাঁৱৰ অসামৰিক ভ্ৰমণৰ সময়ত উত্তৰ কোৰিয়াত প্ৰৱেশ কৰা ট্ৰেভিছ কিঙক আটক কৰাৰ বিষয়ে এইটো হৈছে উত্তৰ কোৰিয়াৰ প্ৰথম আনুষ্ঠানিক নিশ্চিতি । তেওঁ প্ৰায় পাঁচ বছৰৰ ভিতৰত উত্তৰ কোৰিয়াত আটক কৰা প্ৰথমগৰাকী আমেৰিকান ।

US Soldier Bolted into North Korea
US Soldier Bolted into North Korea
author img

By

Published : Aug 16, 2023, 1:53 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ১৬ আগষ্ট : উত্তৰ কোৰিয়াই বুধবাৰে দৃঢ়তাৰে কয় যে যোৱা মাহত এজন আমেৰিকান সৈন্যই আমেৰিকান সমাজৰ বৈষম্য আৰু দেশখনৰ সেনাবাহিনীত বৰ্ণবৈষম্যৰ প্ৰতি মোহভংগ হোৱাৰ পিছত সশস্ত্ৰ কোৰিয়াৰ সীমান্ত পাৰ হৈ উত্তৰ কোৰিয়াত প্ৰৱেশ কৰে ।

১৮ জুলাইত কোৰিয়াৰ এখন সীমান্তৱৰ্তী গাঁৱৰ অসামৰিক ভ্ৰমণৰ সময়ত উত্তৰ কোৰিয়াত প্ৰৱেশ কৰা প্ৰাইভেট ট্ৰেভিছ কিঙক আটক কৰাৰ বিষয়ে এইটো হৈছে উত্তৰ কোৰিয়াৰ প্ৰথম আনুষ্ঠানিক নিশ্চিতি । তেওঁ প্ৰায় পাঁচ বছৰৰ ভিতৰত উত্তৰ কোৰিয়াত আটক কৰা প্ৰথমগৰাকী আমেৰিকান ।

উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ সংস্থা কেচিএনএ-য়ে প্ৰকাশ কৰা অনুসৰি কিঙে অনুসন্ধানকাৰীসকলক কৈছে যে, তেওঁ উত্তৰ কোৰিয়াত প্ৰৱেশ কৰাৰ সিদ্ধান্ত এইকাৰণেই লৈছিল যে তেওঁৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ ভিতৰছোৱাত অমানৱীয় দুৰ্ব্যৱহাৰ আৰু বৰ্ণবৈষম্যৰ বিৰুদ্ধে অতি বেয়া অনুভৱ হৈছিল ।

লগতে কোৱা হৈছে যে কিঙে উত্তৰ কোৰিয়া বা তৃতীয় দেশত আশ্ৰয় ল'বলৈ ইচ্ছা প্ৰকাশ কৰি কৈছে যে তেওঁৰ বৈষম্যপূৰ্ণ আমেৰিকান সমাজৰ প্ৰতি মোহভংগ হৈছে ।

  • North Korea for the first time confirmed the detention of Private 2nd Class Travis King, the U.S. soldier who bolted into the North across the heavily armed Korean border last month. He became the first American detained in the North in nearly five years. https://t.co/Fws6d6mzCP

    — The Associated Press (@AP) August 15, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে কেচিএনএ হৈছে উত্তৰ কোৰিয়াৰ একনায়কত্ববাদৰ এক প্ৰচাৰ শাখা । ই আমেৰিকা যুক্তৰাষ্ট্ৰক দুষ্ট প্ৰকৃতিৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিপন্ন কৰিবলৈ চৰকাৰৰ চৰকাৰী প্ৰতিক্ৰিয়া প্ৰতিফলিত কৰিবলৈ সতৰ্কতাৰে যুগুতোৱা বিবৃতি আৰু প্ৰবন্ধ আদি প্ৰকাশ কৰে ।

আনহাতে, উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত কিঙৰ মন্তব্যৰ সত্যতা নিশ্চিত কৰাটো প্ৰায় অসম্ভৱ । আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ কোৰিয়া আৰু অন্যান্যসকলে উত্তৰ কোৰিয়াৰ বিৰুদ্ধে কূটনৈতিক ৰেহাইৰ বাবে বিদেশী বন্দীসকলক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে । কিছুমান বিদেশী বন্দীয়ে তেওঁলোকৰ মুক্তিৰ পিছত কৈছে যে উত্তৰ কোৰিয়াৰ জিম্মাত থাকোঁতে তেওঁলোকৰ অপৰাধৰ ঘোষণা বলপূৰ্বকভাৱে কৰা হৈছিল ।

"এইটো হৈছে উত্তৰ কোৰিয়াৰ অভিসন্ধিৰ ১০০% প্ৰচাৰ । ভাৰ্জিনিয়াস্থিত কনছালটেন্সী এলএমআইৰ বিশেষজ্ঞ আৰু প্ৰাক্তন চিআইএ বিশ্লেষক ছু কিমে কয়, "উত্তৰ কোৰিয়াত বন্দী এজন আমেৰিকান নাগৰিকৰ ৰূপত কিঙৰ এই কথাত কোনো প্ৰভাৱ নাই যে উত্তৰ কোৰিয়াই নিজৰ কাহিনী কেনেকৈ বৰ্ণনা কৰে ।"

"কিঙৰ মুক্তিৰ ক্ষেত্ৰত তেওঁৰ ভাগ্য উত্তৰ কোৰিয়াৰ হাতত আছে । সম্ভৱত উত্তৰ কোৰিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা বিত্তীয় ৰেহাইৰ বিনিময়ত কিঙৰ জীৱনক লৈ দৰদাম কৰিবলৈ চেষ্টা কৰিব । এই সম্ভাৱনাও আছে যে আলোচনা সহজ নহ'ব আৰু চৰ্তাৱলী পিয়ংইয়ঙৰ দ্বাৰা নিৰ্ধাৰণ কৰা হ'ব ।" তেওঁ কয় ।

আনহাতে, পূৰ্বতে কিছুমান বিশ্লেষকে কৈছিল যে উত্তৰ কোৰিয়াই যুদ্ধকালীন শত্ৰুসকলৰ মাজত বৰ্ধিত বিদ্বেষৰ মাজতে দক্ষিণ কোৰিয়াৰ সৈতে ইয়াৰ সামৰিক কাৰ্যকলাপ কৰ্তন কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে কিঙৰ মুক্তিৰ বুজাবুজি কৰিবলৈ চেষ্টা কৰিব পাৰে ।

লগতে পঢ়ক :Taliban on Female Education : নাৰী শিক্ষাৰ ওপৰত নিষেধাজ্ঞা উঠাই নলয় তালিবানে

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.