ETV Bharat / international

Bird flu infection in human body : প্ৰথমবাৰৰ বাবে মানুহৰ দেহত বাৰ্ড ফ্লু

author img

By

Published : Apr 30, 2022, 2:13 PM IST

প্ৰথমবাৰৰ বাবে এগৰাকী মানুহৰ দেহত ধৰা পৰিছে H5N1 ভাইৰাছৰ অৱস্থিতি । আমেৰিকাৰ পৰা আহিছে এই ভয়ংকৰ খবৰটো (First human case of H5 bird flu)। বাৰ্ড ফ্লুত আক্ৰান্ত কুকুৰাৰ সংস্পৰ্শলৈ অহাৰ পাছতে লোকজনৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । সম্প্ৰতি লোকজনৰ চিকিৎসা চলি আছে ।

Bird flu infection in human body
প্ৰথমবাৰৰ বাবে মানুহৰ দেহত বাৰ্ড ফ্লু

ইণ্টাৰনেশ্যনেল ডেস্ক,৩০ এপ্ৰিল : এইবাৰ মানৱ শৰীৰত বাৰ্ড ফ্লুৰ প্ৰথমটো ঘটনা । আমেৰিকাৰ কলোৰাডো কাৰাগাৰৰ এগৰাকী কয়েদী বাৰ্ড ফ্লুত আক্ৰান্ত হৈছে (Colorado prison inmate tested positive for bird flu)। বাৰ্ড ফ্লুৰ ফলত লাখ লাখ কুকুৰা আৰু টাৰ্কীৰ মৃত্যু হোৱাৰ সময়তে এনেদৰে মানৱ শৰীৰত প্ৰথমবাৰৰ বাবে এই ৰোগৰ ভাইৰাছ বিয়পি পৰাত চিন্তিত প্ৰশাসন । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই বৃহস্পতিবাৰে সন্ধিয়া প্ৰকাশ কৰা মতে ব্যক্তিগৰাকী এক প্ৰাক-মুক্তি কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল আৰু বাৰ্ড ফ্লু সংক্ৰমিত ফাৰ্মৰ পৰা কুকুৰা আঁতৰ কৰাত সহায় কৰিছিল (First case of human bird flu infection)।

ৰাজ্যিক স্বাস্থ্য আৰু চিডিচি বিষয়াসকলে এক বিবৃতিত কয় যে ৪০ বছৰৰ তলৰ লোকজনে কেইদিনমানৰ পৰা ভাগৰ অনুভৱ কৰি থকাৰ কথা প্ৰকাশ কৰিছিল । ব্যক্তিগৰাকী কোৱাৰেণ্টাইনত আছে আৰু এণ্টিভাইৰেল ঔষধৰ দ্বাৰা চিকিৎসা চলোৱা হৈছে । কলোৰাডোত কুকুৰা আঁতৰোৱাৰ অভিযানত জড়িত আন লোকসকলৰ পৰীক্ষা নিগেটিভ পোৱা গৈছে । কিন্তু যথেষ্ট সাৱধানতাৰ বাবে তেওঁলোকক পুনৰ পৰীক্ষা কৰা হৈছে ।

সংক্ৰমণ হৈছে যদিও চিডিচিয়ে সাধাৰণ জনতাৰ প্ৰতি ভাবুকি কম বুলি বিবেচনা কৰিছে । কিয়নো সংক্ৰমিত চৰাইৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক হ'লেহে মানৱ শৰীৰত এই ভাইৰাছ সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকে । ইফালে দেশখনৰ চিকিৎসকসকল অধিক সক্ৰিয় হৈছে । বাৰ্ড ফ্লুত আক্ৰান্ত চৰাইৰ পৰা মানুহ বা আন জন্তুৰ দেহলৈ এই ভাইৰাছ সংক্ৰমণ হ'ব পৰা সকলো সম্ভাৱনা সম্পৰ্কে তেওঁলোকে পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰীৰ শেষৰ ফালৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত কুকুৰা আৰু টাৰ্কীৰ মাজত ভয়ংকৰভাৱে বাৰ্ড ফ্লু সংক্ৰমিত হৈছে । কেইবাখনো ৰাজ্যৰ চৰাইৰ দেহত এই ৰোগৰ ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বিভাগে জনোৱা অনুসৰি ৩৫ নিযুততকৈও অধিক কুকুৰা আৰু টাৰ্কী ইতিমধ্যে হত্যা কৰা হৈছে আৰু সংক্ৰমণ প্ৰতিৰোধৰ বাবে ব্যৱস্থা লোৱা হৈছে ।

চিডিচিয়ে কোৱা মতে যে H5N1 ভাইৰাছ সংক্ৰমিত চৰাইৰ সংস্পৰ্শলৈ অহা ২,৫০০ৰো অধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে । কিন্তু তাৰ ভিতৰত মাত্ৰ এগৰাকীৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে চিডিচিয়ে লগতে উল্লেখ কৰিছে যে সম্ভৱত লোকজনৰ কেৱল নাকত হে ভাইৰাছটো আছিল, তেওঁৰ শৰীৰত সংক্ৰমিত হোৱা নাছিল । কিন্তু ৰাজহুৱা স্বাৰ্থৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰা হৈছে ।

লগতে পঢ়ক :বাৰ্ড ফ্লুৰ ভয়াৱহতা: ল’বলগীয়া সাৱধানতাসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.