ETV Bharat / international

Israel crisis : হামাছৰ বিৰুদ্ধে প্ৰতিশোধৰ ভাবুকি ইজৰাইলৰ, গাজাত ভয়ংকৰ আক্ৰমণৰ আশংকা - Israel Palestine war

৫০ বছৰ পূৰ্বে যুদ্ধৰ পাছত হামাছৰ আটাইতকৈ ভয়ংকৰ হিংসাত্মক আক্ৰমণ । হামাছৰ বন্দুকধাৰীসকলে ইজৰাইলী চহৰসমূহত আক্ৰমণ কৰে । য'ত ২৫০ৰো অধিক লোক নিহত হৈছে । হামাছৰ বিৰুদ্ধে প্ৰতিশোধমূলক আক্ৰমণৰ ভাবুকি দিছে ইজৰাইলে ।

Israel crisis
হামাছৰ বিৰুদ্ধে প্ৰতিশোধৰ ভাবুকি ইজৰাইলৰ
author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 2:35 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৮ অক্টোবৰ : বহু দশক ধৰি ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘৰ্ষ অব্যাহত আছে । কিন্তু তাৰ মাজতে শেহতীয়াকৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে হামাছৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে পেলেষ্টাইনক 'নিৰ্জন দ্বীপ' লৈ পৰিণত কৰাৰ ভাবুকি দিছে । সেই ভাবুকিৰ পাছতে গাজাত বৃহৎ আক্ৰমণৰ আশংকা বৃদ্ধি পাইছে । শনিবাৰৰ ভয়ংকৰ আক্ৰমণৰ পাছত এই আশংকা আৰু বৃদ্ধি পাইছে ।

শনিবাৰে গাজা শাসন কৰা হামাছ বন্দুকধাৰীসকলে ইজৰাইলৰ চহৰসমূহত আক্ৰমণ কৰে । হামাছ সন্ত্ৰাসবাদীৰ গুলীচালনাত কমেও ২৫০ গৰাকী লোক নিহত হয় । প্ৰত্যুত্তৰত ইজৰাইলী সামৰিক বাহিনীয়ে অভিযান আৰম্ভ কৰে । য'ত গাজাত ২৩০ জনতকৈও অধিক পেলেষ্টাইনী নিহত হোৱাৰ তথ্য পোহৰলৈ আহিছে ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইজৰাইলী বাহিনীয়ে এতিয়াও গাজাত বোমাৰে আক্ৰমণ কৰি আছে আৰু দেওবাৰে পুৱতি নিশা দক্ষিণ ইজৰাইলৰ কিছু অংশত হামাছৰ বন্দুকধাৰীসকলৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে সেনা বাহিনী । সামৰিক বাহিনীৰ এগৰাকী মুখপাত্ৰই কোৱা মতে দেশখনৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত আছে । আনহাতে হামাছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে দশকজুৰি পেলেষ্টাইনীসকলৰ বিৰুদ্ধে ইজৰাইলৰ অত্যাচাৰৰ প্ৰতিক্ৰিয়াস্বৰূপে এই আক্ৰমণ আছিল ।

তাৰ ভিতৰত আছে গাজাৰ ১৬ বছৰীয়া অৱৰোধ, যোৱা বছৰত পশ্চিম তীৰৰ চহৰসমূহৰ ভিতৰত ইজৰাইলৰ অভিযান, পেলেষ্টাইনীসকলৰ ওপৰত বসতি স্থাপনকাৰীৰ আক্ৰমণ বৃদ্ধি আৰু লগতে অবৈধ বসতিবৃদ্ধি বুলিও হামাছে উল্লেখ কৰে । হামাছৰ এগৰাকী বিষয়াই কয় যে শত্ৰুৱে বুজি পোৱাৰ সময় আহি পৰিছে । হামাছৰ নেতাসকলে কয় যে গাজাত আৰম্ভ হোৱা আক্ৰমণ অধিকৃত পশ্চিম তীৰ আৰু জেৰুজালেমলৈ বিয়পি পৰিব ।

ইফালে গাজাত চলি থকা সংঘৰ্ষৰ ফলত আৱাসীসকলে নিশা অন্ধকাৰ আৰু অনিশ্চয়তাৰ মাজেৰে পাৰ কৰিবলগীয়া হৈছে । এই সংঘৰ্ষৰ ফলত বিস্তৰ ক্ষতি হোৱা দেখা গৈছে । ১৪ মহলীয়া টাৱাৰ য'ত ডজন ডজন এপাৰ্টমেণ্ট আছিল আৰু লগতে মধ্য গাজা চহৰত হামাচৰ কাৰ্যালয়তো আক্ৰমণ কৰা হৈছে । হামাছৰ ৰাজনৈতিক ব্যুৰ'ৰ বিষয়াৰ মতে হামাছে জ্যেষ্ঠ সামৰিক বিষয়াসহ বৃহৎ সংখ্যক ইজৰাইলী বন্দী কৰি ৰাখিছে । তেওঁ দাবী কৰে পেলেষ্টাইনী বন্দীসকলক মুক্ত কৰিবলৈ হামাছৰ হাতত পৰ্যাপ্ত ইজৰাইলী আছে ।

লগতে পঢ়ক :Hamas attack on Israel: হামাছৰ আক্ৰমণত ইজৰাইলত নিহতৰ সংখ্যা 300 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.