ETV Bharat / international

Imran Khan charged in cipher case : চাইফাৰ গোচৰত অভিযুক্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান

author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 2:19 PM IST

যোৱা বছৰ মাৰ্চত ৱাশ্বিংটনত দেশৰ দূতাবাসে প্ৰেৰণ কৰা এক গোপন কূটনৈতিক তথ্য প্ৰকাশ কৰি অফিচিয়েল চিক্ৰেটছ এক্ট উলংঘা কৰাৰ অভিযোগত ইমৰান খানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল । তাৰ পাছত আগষ্টত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল ।

Imran Khan charged in cipher case
চাইফাৰ গোচৰত অভিযুক্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান

ইণ্টাৰনেশ্যনেল ডেস্ক,২৩ অক্টোবৰ : পাকিস্তানৰ এখন বিশেষ আদালতে সোমবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক দেশৰ গোপন আইন উলংঘা কৰাৰ অভিযোগত চাইফাৰ গোচৰত অভিযুক্ত কৰে । ৭১ বছৰীয়া খানক যোৱা বছৰ মাৰ্চত ৱাশ্বিংটনত দেশৰ দূতাবাসে প্ৰেৰণ কৰা এক গোপন কূটনৈতিক কেবল (চাইফাৰ) প্ৰকাশ কৰি অফিচিয়েল চিক্ৰেটছ এক্ট উলংঘা কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পাছত আগষ্টত গ্ৰেপ্তাৰ কৰা হৈছিল ।

প্ৰাক্তন বৈদেশিক মন্ত্ৰী শ্বাহ মাহমুদ কুৰেছিকো খানৰ সৈতে একেটা গোচৰতে অভিযুক্ত কৰা হৈছে । খানে সেই গুৰুত্বপূৰ্ণ দস্তাবেজ নেতিবাচক উদ্দেশ্যৰে ব্যৱহাৰ কৰাৰ অভিযোগ কৰা হৈছিল । ইফালে বিদেশী ষড়যন্ত্ৰৰ ফলস্বৰূপে তেওঁৰ চৰকাৰক উৎখাত কৰা হৈছিল । গোচৰটোৰ শুনানি বিশেষ আদালতৰ ন্যায়াধীশ আবুয়াল হাছনাত জুলকাৰনাইনে ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰত অনুষ্ঠিত কৰে । অৱশ্যে খান আৰু কুৰেছিয়ে এই অভিযোগ অস্বীকাৰ কৰিছে ।

ইফালে, প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে এভেনফিল্ড এপাৰ্টমেণ্ট আৰু আল-আজিজিয়া দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ বিৰুদ্ধে অমীমাংসিত গোচৰ পুনৰুদ্ধাৰৰ বাবে আবেদনত স্বাক্ষৰ কৰে । পাকিস্তান মুছলিম লীগ-নাৱাজ (পিএমএল-এন) দলৰ মুৰব্বী তথা ৩ বাৰৰ প্ৰধানমন্ত্ৰী ৭৩ বছৰীয়া শ্বৰীফে লণ্ডনত ৪ বছৰ কটোৱাৰ পাছত শনিবাৰে পাকিস্তানলৈ উভতি আহে ।

শ্বৰীফে শনিবাৰে ইছলামাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আবেদনসমূহত স্বাক্ষৰ কৰে । তেওঁৰ অধিবক্তাৰ দলে প্ৰস্তুত কৰা আবেদনসমূহ ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠত দাখিল কৰা হ'ব আৰু ২৪ অক্টোবৰত শুনানি হোৱাৰ সম্ভাৱনা আছে । শ্বৰীফৰ অধিবক্তাৰ দলে সুৰক্ষামূলক জামিন বিচাৰিও এখন আবেদন উত্থাপন কৰে । ইয়াৰ উপৰিও, শ্বৰীফেও একেদিনাই আদালতত হাজিৰ হোৱাৰ কথা আছে ।

লগতে পঢ়ক :Imran Khan’s judicial remand: পুনৰ বৃদ্ধি কৰা হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ন্যায়িক জিম্মাৰ সময়সীমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.