ETV Bharat / international

টুইটাৰ ৰাজনৈতিকভাৱে নিৰপেক্ষ হ'ব লাগিব : এলন মাস্ক

টেছলা কোম্পানীৰ মুৰব্বী এলন মাস্কে ক্ৰয় কৰিলে টুইটাৰক (Tesla company chief Elon Musk buys Twitter)। ক্ৰয়ৰ পাছতে মাস্কৰ গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁৰ মতে টুইটাৰ ৰাজনৈতিকভাৱে নিৰপেক্ষ হ'ব লাগিব ।

Elon Musk
টুইটাৰ ৰাজনৈতিকভাৱে নিৰপেক্ষ হ'ব লাগিব
author img

By

Published : Apr 28, 2022, 9:50 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৮ এপ্ৰিল : বিশ্বত বহুলভাৱে ব্যৱহৃত সামাজিক মাধ্যমৰ অন্যতম টুইটাৰক জনসাধাৰণে বিশ্বাস কৰিবলৈ হ'লে ইয়াত কোনো ৰাজনৈতিক হস্তক্ষেপ থাকিব নালাগিব (Elon Musk says for Twitter to deserve public trust)। এই মন্তব্য টুইটাৰৰ নতুন মুৰব্বী এলন মাস্কৰ ।

টুইটাৰক ক্ৰয় কৰাৰ পাছতে এই মন্তব্য আগবঢ়াইছে টেছলা কোম্পানীৰ মুৰব্বী তথা টুইটাৰৰ বৰ্তমানৰ মুৰব্বী মাস্কে (Tesla Chief Elon Musk take control over Twitter)। টুইটাৰে সোঁ আৰু বাওঁপন্থীসকলক সমানে প্ৰভাৱ পেলাব লাগিব । এলন মাস্কে টুইটাৰ ক্ৰয় কৰাক লৈ বিশ্বজুৰি চৰ্চা চলি থকাৰ মাজতে তেওঁৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে ।

উল্লেখ্য যে, শেহতীয়াকৈ টেছলাৰ মুৰব্বী এলন মাস্কক ৪৪ বিলিয়ন আমেৰিকান ডলাৰত কোম্পানীটো বিক্ৰী কৰাৰ কথা প্ৰকাশ কৰিছিল টুইটাৰে (Tesla company buys Twitter) । দুয়োটা কোম্পানীৰ মাজত হোৱা চুক্তিৰ চৰ্তাৱলী অনুসৰি, শ্বেয়াৰ থকাসকলে তেওঁলোকৰ মালিকানাধীন টুইটাৰ ষ্টকৰ প্ৰতিটো শ্বেয়াৰৰ বাবে নগদ ৫৪.২০ আমেৰিকান ডলাৰ লাভ কৰিব । মাস্কে কোম্পানীটোত তেওঁৰ অংশীদাৰীত্ব লাভ কৰাৰ এদিন পূৰ্বে ষ্টকৰ মূল্যতকৈ ৩৮ শতাংশ প্ৰিমিয়াম দিয়ে ।

ইফালে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালেও কৈছিল যে, তেওঁ কৰ্মচাৰীসকলৰ বাবে গৌৰৱান্বিত ৷ যিয়ে এনে পৰিস্থিতিৰ মাজতো মনোযোগেৰে কাম অব্যাহত ৰাখিছে । যিকোনো পৰিস্থিতিতে টুইটাৰক উন্নত আৰু শক্তিশালী কৰিবলৈ তেওঁলোক প্ৰতিজ্ঞাবদ্ধ ।

টেছলা কোম্পানীয়ে টুইটাৰ ক্ৰয় কৰাৰ পাছতে মাইক্ৰ'ব্লগিং ছাইটৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া জেক ডৰ্চে কেইবাটাও টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁৰ মতে টুইটাৰ কোনে ক্ৰয় কৰিছে বা কোনে চলায় আছে, সেয়া গুৰুত্বপূৰ্ণ নহয় । ই এক ৰাজহুৱা কল্যাণৰ বিষয় । এলন মাস্কে তেওঁৰ এই বিশ্বাস ৰাখিব পাৰিব বুলিও তেওঁ আশাবাদী ।

লগতে পঢ়ক : টেছলাৰ মুৰব্বী এলন মাস্কে ক্ৰয় কৰিব টুইটাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.