ETV Bharat / international

Eight models raped: মিউজিক ভিডিঅ’ৰ দৃশ্যগ্ৰহণৰ সময়তে 8 মডেলক দলবদ্ধ ধৰ্ষণ - Eight models raped during music video shoot

পাশৱিক ! মিউজিক ভিডিঅ’ৰ দৃশ্যগ্ৰহণৰ সময়তেই 20 জনীয়া এটা দুৰ্বৃত্তৰ দলৰ কামনাৰ বলি হ‘ল 8 গৰাকী মডেল (Eight models raped at S.Africa)৷

Eight models raped at S.Africa music video shoot
মিউজিক ভিডিঅ’ৰ দৃশ্যগ্ৰহণৰ সময়তে 8 মডেলক দলবদ্ধ ধৰ্ষণ
author img

By

Published : Jul 30, 2022, 2:09 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 30 জুলাই: দক্ষিণ আফ্ৰিকাত সংঘটিত হৈছে এক পাশৱিক ঘটনা ৷ বৃহস্পতিবাৰে জোহান্সবাৰ্গৰ পশ্চিমে থকা ক্ৰুগাৰ্ছডৰ্প চহৰৰ উপকণ্ঠত মিউজিক ভিডিঅ’ৰ দৃশ্যগ্ৰহণৰ সময়তেই 20 দুৰ্বৃত্তৰ কামনাৰ বলি হয় 8 গৰাকী মডেল (Eight models raped at S.Africa) ৷

এটা মিউজিক ভিডিঅ’ৰ দৃশ্যগ্ৰহণৰ সময়ত ছেটত অকস্মাতে 20 জনীয়া এটা বন্দুকধাৰী দলে প্ৰৱেশ কৰে ৷ তাৰ পিছতেই ছেটত থকা সকলো কলা কুশলীকে দাবী ধমকি নগ্ন হ’বলৈ নিৰ্দেশ দিয়ে ৷ সকলোৰে লগত থকা টকা পইচাকে ধৰি সকলো সামগ্ৰী লুটি লৈ যায় বন্দুকধাৰী দলটোৱে ৷ ইয়াতেই ক্ষান্ত নাথাকি ভিডিঅ’ত অভিনয় কৰা 8 গৰাকী মডেলক দলবদ্ধভাৱে ধৰ্ষণ কৰে দলটোৱে ৷

জানিব পৰামতে মডেলকেইগৰাকীৰ বয়স 18 ৰ পৰা 35 বছৰ আছিল (Eight models raped during music video shoot)৷ এই ঘটনাৰ পিছতেই দেশখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাই (President Cyril Ramaphosa)এই সন্দৰ্ভত কয় যে অচিৰেই এই ঘটনাৰ লগত জড়িত 20 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব ৷ ইতিমধ্যে আৰক্ষীয়ে 20 অভিযুক্তৰ 3 টাক গ্ৰেপ্তাৰ কৰিছে ৷ এই ঘটনাক তীব্ৰভাৱে গৰিহনা জনাইছে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

উল্লেখ্য যে দক্ষিণ আফ্ৰিকাত ধৰ্ষণৰ বিষয়ে যথেষ্ট কম প্ৰতিবেদন দাখিল কৰা হয় ৷

লগতে পঢ়ক: Oak fire at California: ভয়াৱহ হৈছে কেলিফ'ৰ্ণিয়াৰ দাবানল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.