ETV Bharat / international

6.2 প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ’ল চীনৰ গানছু প্ৰদেশ, 118 জনৰ মৃত্যু

author img

By ANI

Published : Dec 19, 2023, 8:09 AM IST

Updated : Dec 19, 2023, 2:31 PM IST

বৰ ভূমিকম্পত কঁপি উঠিল ড্ৰেগনৰ দেশ চীন ৷ 6.2 প্ৰাৱল্যত অহা বৰ ভূমিকম্পত চীনৰ বিভিন্ন স্থানত বিস্তৰ ক্ষতি সাধন হৈছে বুলি জানিব পৰা গৈছে ৷ ভূমিকম্পত 118 জন নিহত হোৱাৰ লগতে 500 জনৰো অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে ৷

earthquake jolts Gansu province
ভূমিকম্পই জোকাৰি গ’ল চীনৰ গানছু প্ৰদেশ

ইন্টাৰনেশ্যনেল ডেস্ক, 19 ডিচেম্বৰ : বৰ ভূমিকম্পত কঁপি উঠিল ড্ৰেগনৰ দেশ ৷ সোমবাৰে 6.2 প্ৰাৱল্যত অহা বৰ ভূমিকম্পত চীনৰ বিভিন্ন স্থানত বিস্তৰ ক্ষতি সাধন হৈছে বুলি জানিব পৰা গৈছে ৷ চীনৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি, চীনৰ উত্তৰ-পশ্চিম দিশৰ গানছু প্ৰদেশৰ জিশিশান ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ৷ ফলত ভূমিকম্পত 118 জন নিহত হোৱাৰ লগতে 500 জনৰো অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে ৷

দেশখনৰ ৰাজ্যিক সংবাদ মাধ্যমত প্ৰকাশ কৰা বাতৰি অনুসৰি, সোমবাৰে উত্তৰ-পশ্চিম চীনৰ এটা পাহাৰীয়া অঞ্চলত 6.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে ৷ ভূমিকম্পটোৰ ফলত গানছু প্ৰদেশত 105 জন আৰু চুবুৰীয়া প্ৰদেশ কিংঘাইত 13 জন লোকৰ মৃত্যু হৈছে ।

ভূমিকম্পৰ সন্দৰ্ভত ই এম এছ চিয়ে জানিবলৈ দিয়ে যে, ভূমিকম্পটো 35 কিঃমিঃ গভীৰতাত সংঘটিত হৈছিল আৰু ইয়াৰ উৎপত্তিৰ কেন্দ্ৰস্থল গানছুৰ প্ৰাদেশৰ ৰাজধানী চহৰ লাঞ্জৌৰ পৰা 102 কিলোমিটাৰ পশ্চিম-দক্ষিণত আছিল ৷

ভূমিকম্পৰ ফলত কিছু কিছু অঞ্চলত যাতায়ত, বিদ্যুৎ সেৱা, মোৱাইল সেৱা ব্যাহত হোৱা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ভূমিকম্পৰ ফলত আৱদ্ধ হৈ থকা লোকক উদ্ধাৰ বাবে অভিযান আৰম্ভ কৰিছে উদ্ধাৰকাৰী দলে ৷

আনহাতে, কিছুদিনৰ পূৰ্বেও 4.7 প্ৰাবল্যৰ ভূমিকম্পই চীনৰ জিনজিয়াঙক জোকাৰি গৈছিল ৷ উল্লেখ্য যে, যোৱা নৱেম্বৰৰ মাহৰ প্ৰথম সপ্তাহত 6.4 প্ৰাবল্যৰ ভূমিকম্পই নেপালকো জোকাৰি গৈছিল আৰু 157 জনৰো অধিক লোকৰ মৃত্যু হৈছিল । ভূমিকম্পটো ভাৰতৰ ৰাজধানী চহৰ নতুন দিল্লীতো অনুভৱ হৈছিল ৷ যি হিমালয়ৰ পৰা প্ৰায় 500 মাইল দূৰত অৱস্থিত । ইয়াৰ পূৰ্বে অক্টোবৰ মাহত আফগানিস্তানত হোৱা 6.3 প্ৰাবল্যৰ ভূমিকম্পত 2,000 ৰো অধিক লোকৰ মৃত্যু হৈছিল ।

লগতে পঢ়ক : গাজা সীমান্তত ডাঙৰ সুৰংগৰ সন্ধান ইজৰাইলৰ; চোৰাংচোৱাৰ ব্যৰ্থতাক লৈ সমালোচনা

Last Updated : Dec 19, 2023, 2:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.