ইণ্টাৰনেশ্যনেল ডেস্ক, ১৯ নৱেম্বৰ : উত্তৰ গাজাৰ বিভিন্ন স্থানত ইজৰাইলী বিমান আক্ৰমণ অব্যাহত আছে । ইয়াৰ মাজতে উত্তৰ গাজাৰ নগৰীয়া জাবালিয়াৰ এখন বিদ্যালয়ত থকা শৰণাৰ্থী শিবিৰত বিমান আক্ৰমণ । শিবিৰত থকা বহু লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰা মতে ইজৰাইলী বিমানে শিবিৰত আক্ৰমণ কৰিছিল । আক্ৰমণৰ ফলত ৰাষ্ট্ৰসংঘই শিবিৰ স্থাপন কৰা ফখৌৰা বিদ্যালয়খনৰ ব্যাপক ক্ষতি হয় ।
নিহতসকলৰ ভিতৰত বহু মহিলা আৰু শিশু আছিল । ইফালে ইজৰাইলী সামৰিক বাহিনীয়ে জাবালিয়াৰ বাসিন্দাসকলক আৰবী ভাষাত এটা ছ'চিয়েল মিডিয়া পোষ্টত সতৰ্ক কৰি দিছিল যে তেওঁলোকে কেৱল সন্ত্ৰাসবাদীক আঘাত কৰাৰ লক্ষ্যৰে সেনা বাহিনী অঞ্চলটোত সক্ৰিয় হৈ আছে । হামাছক লক্ষ্য কৰাৰ সময়ত অসামৰিক ক্ষতি হ্ৰাস কৰিবলৈ চেষ্টা কৰা হৈছে বুলিও ইজৰাইলী পক্ষই দাবী কৰিছে । কিন্তু তাৰ মাজতে আশ্ৰয় শিবিৰত ইজৰাইলৰ এনে আক্ৰমণে বিশ্বজুৰি উদ্বেগৰ সৃষ্টি কৰিছে ।
ইয়াৰ মাজতে দক্ষিণ গাজাত ইজৰাইলী বিমান আক্ৰমণে খান ইউনুছ চহৰৰ উপকণ্ঠত থকা এটা আৱাসিক অট্টালিকাত আঘাত কৰে । যাৰ ফলত কমেও ২৬ গৰাকী পেলেষ্টাইনী নিহত হয় ৷ প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টে ইয়াৰ পূৰ্বে কৈছিল যে ইজৰাইলৰ বাহিনীয়ে পশ্চিম অঞ্চলত অভিযান অব্যাহত ৰাখিছে ।
তেওঁৰ মন্তব্যই স্পষ্ট ইংগিত দিছে যে সামৰিক বাহিনীয়ে দক্ষিণ গাজালৈ আক্ৰমণ সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে । যিটো স্থানলৈ ইজৰাইলে পেলেষ্টাইনীসকলক যুদ্ধৰ আৰম্ভণিতে পলাই যাবলৈ আহ্বান জনাইছিল । সেই অঞ্চল ইতিমধ্যে গৃহহীন লোকসকলৰে ভৰি পৰিছে । কিন্তু এনেদৰে আক্ৰমণ হ'লে তেওঁলোকে ক'ত আশ্ৰয় ল'ব সেয়া এক উদ্বেগৰ বিষয় হৈছে ।
লগতে পঢ়ক : গাজাত বন্দী ২৪০ গৰাকী লোকৰ মুক্তিৰ দাবীত জেৰুজালেমত প্ৰতিবাদ