ইণ্টাৰনেশ্যনেল ডেস্ক, 21 আগষ্ট: পুটিনৰ মগজুখ্যাত আলেকজেণ্ডাৰ ডুগিনৰ কন্যা ডাৰিয়া ডুগিনৰ ৰহস্যজনক মৃত্যুৱে বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছে ৷ শনিবাৰে নিশা ৰাছিয়াৰ বোলছিয়ে ভায়াজিয়মি গাঁৱৰ ওচৰৰ এটা ঘাইপথত গাড়ী বিস্ফোৰণ হৈ মৃত্যু হয় বুলি বাতৰি প্ৰকাশ কৰাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে (Daughter of Alexander Dugin death)৷
আলেকজেণ্ডাৰ ডুগিনক ক্ৰিমিয়া আৰু ইউক্ৰেইনত ৰাছিয়াৰ "সামৰিক অভিযান"ৰ আঁৰৰ ব্যক্তি বুলি কোৱা হয় ৷ ডুগিনক বহুতো লোকে "পুটিনৰ মগজু" বুলিও অভিহিত কৰে ৷ ইতিমধ্যে ডুগিন মোজাইস্কোয়ে ঘাইপথত দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে (Daria Dugin died in car explosion)৷ ডাৰিয়া ডুগিনক এই বছৰৰ জুলাইত ইউনাইনেট কিংদমৰ নিষেধাজ্ঞাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল ৷ ডুগিনক নিজে ইউৰোপীয় ইউনিয়ন, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাই 2014 আৰু 2015 চনত অনুমোদন জনাইছিল ৷
তথ্য অনুসৰি, দীৰ্ঘদিন ধৰি শত্ৰুৰ লক্ষ্য আছিল আলেকজেণ্ডাৰ ডুগিন ৷ আলেকজেণ্ডাৰ ডুগিনে এই গাড়ীখনত বহি ভ্ৰমণ কৰাৰ কথা আছিল ৷ কিন্তু হঠাতে তেওঁ ইয়াত নবহাৰ সিদ্ধান্ত লৈছিল ৷ এতিয়া আলেকজেণ্ডাৰ ডুগিনৰ পৰৱৰ্তে তেওঁৰ কন্যা হত্যা কৰাৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলি একাংশ লোকে মন্তব্য প্ৰকাশ কৰিছে ৷