ETV Bharat / international

Cyclone Mocha effects : ঘূৰ্ণী বতাহ মোচাৰ প্ৰভাৱ ম্যানমাৰত; বিধস্ত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা - ঘূৰ্ণী বতাহ মোচাৰ প্ৰভাৱত ম্যানমাৰত

ঘূৰ্ণী বতাহ মোচাৰ প্ৰভাৱত ম্যানমাৰত মৃতকৰ সংখ্যা কমেও 81 জনলৈ বৃদ্ধি ৷ অধিক বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ ৷ গৰিষ্ঠসংখ্যক লোক বৰ্তমানেও নিখোজ (Cyclone Mocha effects on Myanmar) ৷

Cyclone Mocha effects
ঘূৰ্ণী বতাহ মোচাৰ প্ৰভাৱ ম্যানমাৰত
author img

By

Published : May 17, 2023, 11:11 AM IST

Updated : May 17, 2023, 3:11 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 17 মে’ : ঘূৰ্ণী বতাহ মোচাৰ ফলত ম্যানমাৰত মঙলবাৰৰ দিনটোত মৃতকৰ সংখ্যা কমেও 81 জনলৈ বৃদ্ধি পাইছে বুলি জানিবলৈ পোৱা গৈছে ৷ স্থানীয় নেতা, বিষয়া আৰু ৰাজ্যিক সংবাদ মাধ্যমে জানিবলৈ দিয়া মতে, ঘূৰ্ণীবতাহৰ ফলত গাঁওবাসীৰ বাসস্থানবোৰ সম্পূৰ্ণ ধ্বংসপ্ৰাপ্ত হৈ পৰিছিল আৰু গাওঁবাসীয়ে ভাগি-ছিগি পৰা ঘৰবোৰ পুনৰ্নিমাণৰ বাবে চেষ্টা কৰিছিল ৷ ইয়াৰোপৰি, ক্ষতিগ্ৰস্ত লোকসকলে আৰ্থিক সহায়-সাহায্য বিচৰা বুলিও জানিবলৈ পৰা গৈছে (Cyclone Mocha death toll rises in Myanmar) ।

উল্লেখ্য যে, ঘূৰ্ণীবতাহ মোচাই দেশখনত প্ৰৱেশৰ পিচত দেশখনৰ কেইবা প্ৰান্তটো বিস্তৰ ক্ষতি সাধন কৰে ৷ দেওবাৰে ঘণ্টাত 195 কিলোমিটাৰ (120 মাইল) বেগেৰে বতাহ বলাৰ ফলত কাঠৰ মাছ ধৰা নাওবোৰ ভাঙি ছিন্ন ভিন্ন কৰি পেলায় । স্থানীয় লোকসকলে সংবাদ মাধ্যমকৰ আগত জানিবলৈ দিয়া অনুসৰি, ৰাখাইন ৰাজ্যৰ বু মা আৰু ওচৰৰ খাউং ডোকে কাৰ গাঁৱত মুছলমান সংখ্যালঘু লোকৰ বসতিস্থলত শৰণাৰ্থী ৰোহিংগীয়াৰ কমেও 46 জন লোকৰ মৃত্যু হৈছে (Cyclone Mocha in Myanmar) ।

ইয়াৰোপৰি ৰাজ্যখনৰ আন এক সংবাদ মাধ্যমে ৰাখাইনৰ ৰাজধানী চিট্টৱেৰ উত্তৰ দিশৰ ৰাথেডাউং চহৰৰ এখন গাঁৱত এটা মঠ ভাঙি তেৰজন লোকৰ মৃত্যু হয় আৰু চুবুৰীয়া এখন গাঁৱত এটা অট্টালিকা ভাঙি এগৰাকী মহিলাৰ মৃত্যু হয় বুলি জানিবলৈ দিয়ে । ইয়াৰ লগতে এশৰো অধিক লোক বৰ্তমানেও নিখোঁজ অৱস্থাত আছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে (Cyclone Mocha effects on Myanmar) ৷

ঘূৰ্ণী বতাহজাক দেশখনত প্ৰৱেশৰ পূৰ্বে একাংশ লোকে নিৰাপদ স্থানলৈ যাবলৈ সক্ষম হ’ল যদিও বিভিন্ন কাৰণত বহু লোকে নিৰাপদ স্থানলৈ যাবলৈ সক্ষম নহ’ল ৷ যাৰ পৰিপ্ৰেক্ষিতত দেশখনত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ক্ষতিগ্ৰস্ত-আহত-মৃতকৰ সংখ্যা ৷

উল্লেখ্য যে, মোচা হ’ল তীব্ৰ শক্তিশালী ঘূৰ্ণীবতাহ ৷ ই দেশখনত প্ৰৱেশৰ পিচতে দেশখনৰ ৰাখাইন ৰাজ্যৰ বহু গাঁও লীন যোৱাৰ লগতে গছ উভালি পেলোৱাৰ উপৰিও ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা (Cyclone Mocha effects) ।

লগতে পঢ়ক : Junmoni Rabha: ৰহস্যৰ আৱৰ্তত জোনমণি ৰাভাৰ মৃত্যু; হত্যা, আত্মহত্যা নে দুৰ্ঘটনা ?

Last Updated : May 17, 2023, 3:11 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.