ETV Bharat / international

বাংলাদেশৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ; পুনৰ ৰাজপাটত বহিবলৈ সাজু শ্বেখ হাছিনা

Bangladesh polls : দেওবাৰে অনুষ্ঠিত হোৱা বাংলাদেশৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে । বহু প্ৰত্যাশিত নিৰ্বাচনৰ ভোটগ্ৰহণ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হয় । মূল বিৰোধী দল বিএনপিয়ে নিৰ্বাচন বৰ্জন কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছে ।

author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 10:10 PM IST

Updated : Jan 8, 2024, 6:34 AM IST

Bangladesh polls
বাংলাদেশৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

নিউজ ডেস্ক, 7 জানুৱাৰী : দেওবাৰে সন্ধিয়া 4 বজাত ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছতে বাংলাদেশৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হয় ৷ বাংলাদেশত 299 খন সংসদীয় আসনৰ বাবে 42 হাজাৰ ভোটকেন্দ্ৰত স্থানীয় সময় অনুসৰি পুৱা 8 বজাৰ পৰা আৰম্ভ হোৱা দ্বাদশ সংসদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ সন্ধিয়া 4 বজাত সমাপ্ত হয় ৷

ভোটগণনা আৰম্ভ হোৱা বুলি নিৰ্বাচন আয়োগে জানিবলৈ দিয়ে ৷ হিংসা, সংঘৰ্ষ, ৰিগিঙকাণ্ডত এই নিৰ্বাচনত ক্ষতিগ্ৰস্ত হয় ৷ মূল বিৰোধী দল বাংলাদেশ জাতীয়তাবাদী পাৰ্টিয়ে নিৰ্বাচন বৰ্জন কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ক্ৰমাগত চতুৰ্থবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ সাজু হৈছে ৷

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, মুঠ 1,970 গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত নামিছে ৷ এখন আসনত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ মৃত্যু হোৱাৰ বাবে পিছত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ প্ৰাৰ্থী সকলৰ ভিতৰত আছে ৰাজনৈতিক দলৰ 1,534 জন আৰু নিৰ্দলীয় 436 জন ৷

দেওবাৰে পুৱা মুন্সিগঞ্জৰ এটা ভোটকেন্দ্ৰৰ সমীপত মৃত অৱস্থাত উদ্ধাৰ হয় আৱামী লীগৰ নেতা জিল্লুৰ ৰহমানক ৷ ৰহমান আছিল মুন্সিগঞ্জ-3 ৰ পৰা এ এলৰ মনোনীত প্ৰাৰ্থী মৃণাল কান্তি দাসৰ সমৰ্থক ৷

মুন্সিগঞ্জৰ আৰক্ষী অধীক্ষক আছলাম খানে কয় যে মৃতদেহটো উদ্ধাৰ কৰা হৈছে যদিও ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা কোনো হিংসাত্মক ঘটনাৰ খবৰ পোৱা নাই ৷ ইয়াৰ পূৰ্বে চট্টগ্ৰামৰ চান্দগাঁও অঞ্চলত বিৰোধী বিএনপিৰ লোক আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷

আৰক্ষীয়ে জনোৱা মতে, জ্বলি থকা টায়াৰেৰে পথ অৱৰোধ কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা বিএনপিৰ লোকসকলে আৰক্ষী জোৱানক শিলগুটি নিক্ষেপ কৰে ৷

ভোটৰ ৰিগিং আৰু অনিয়মৰ অভিযোগ উত্থাপন কৰি বিভিন্ন সমষ্টিৰ 8 গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচন বৰ্জন কৰে ৷ ঢাকাৰ সমীপৰ হাজৰিবাগৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সমীপত অচিনাক্ত লোকে দুটা বোমা বিস্ফোৰণ কৰাত আহত হয় শিশুসহ চাৰিজন লোক ৷ বেলট ভৰোৱাৰ অভিযোগত নাৰ্চিংডি-4 (মনোহৰ্দি-বেলাবো)ত ভোটদান বাতিল কৰা হয় ৷

​লগতে পঢ়ক : ভাৰতৰ বিৰুদ্ধে বিদ্বেষপূৰ্ণ মন্তব্য : বেকফুটত মালদ্বীপ

Last Updated : Jan 8, 2024, 6:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.