ETV Bharat / international

ডুবাইত বিশ্ব জলবায়ু কাৰ্য সন্মিলনত বিশ্বৰ বহু শীৰ্ষ নেতাৰ অংশগ্ৰহণ - COP28 2023

চৌদি ৰাজকুমাৰ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও বিশ্বৰ বহু শীৰ্ষ নেতাই ডুবাইত অনুষ্ঠিত বিশ্ব জলবায়ু কাৰ্য সন্মিলনত অংশ ল'ব । জলবায়ু পৰিৱৰ্তনকে ধৰি পৰিৱেশ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়ত হ'ব আলোচনা । আমেৰিকা ৰাষ্ট্ৰপতি আৰু চীনৰ ৰাষ্ট্ৰপতি নাথাকে উপস্থিত ।

UN climate summit
ডুবাইত জলবায়ু সম্পৰ্কীয় সন্মিলনত বিশ্বৰ বহু শীৰ্ষ নেতাৰ অংশগ্ৰহণ
author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 2:30 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১ ডিচেম্বৰ : ডুবাইত অনুষ্ঠিত বিশ্ব জলবায়ু কাৰ্য সন্মিলনৰ ওপৰত সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে । কিয়নো চৌদি ৰাজকুমাৰ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীকে ধৰি বহু বিশ্ব নেতাই এই সন্মিলনত অংশগ্ৰহণ কৰিছে । কিন্তু বিশ্বৰ দুগৰাকী শক্তিশালী ব্যক্তি ক্ৰমে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং এই সন্মিলনত অনুপস্থিত আছিল । যাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ।

বিশ্বৰ শীৰ্ষ তেল উৎপাদক চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমান, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ অতি গুৰুত্বপূৰ্ণ হৈছে । কিয়নো ভাৰতৰ ডাঙৰ চহৰবোৰ নিয়মীয়াকৈ প্ৰদূষণৰ কৱলত পৰা দেখা গৈছে । সেয়েহে অহা দুদিনত ডুবাইত ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনত তেওঁলোকৰ ভাষণ অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । বিশ্বৰ ১৩০ জনতকৈও অধিক নেতাই এই সন্মিলনত অংশ লৈছে । এই সন্মিলনৰ লক্ষ্য হৈছে মানৱ জাতিৰ কল্যাণৰ বাবে গ্ৰহটোক অত্যাধিক গৰমৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰা ।

সন্মিলনত ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে এক গুৰুত্বপূৰ্ণ দৃষ্টিভংগী উল্লেখ কৰিব বুলি আশা কৰা হৈছে । অন্যান্য বিষয়ৰ লগতে নৱীকৰণযোগ্য ইন্ধন, বায়ুমণ্ডলত কাৰ্বন নিৰ্গমন হ্ৰাস কৰা আদি বিভিন্ন বিষয়ত আলোচনা হ'ব বুলি আশা কৰা হৈছে । কিন্তু বিশ্বৰ ৪৪ শতাংশতকৈও অধিক নিৰ্গমনৰ বাবে দায়বদ্ধ দুখন বৃহৎ কাৰ্বন প্ৰদূষণকাৰী ৰাষ্ট্ৰৰ শীৰ্ষ নেতাসকল ব্যক্তিগতভাৱে এই সন্মিলনত উপস্থিত নাথাকিব ।

ইয়াৰ পৰিৱৰ্তে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু চীনৰ প্ৰথম উপ-প্ৰিমিয়াৰ ডিং জুয়েচিয়াঙে সন্মিলনত অংশগ্ৰহণ কৰিব । বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক কাৰ্বন-অধ্যুষিত অঞ্চল হিচাপে পৰিচিত ব্ৰাজিলৰ বাওঁপন্থী ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাও এই সন্মিলনত উপস্থিত থাকিব ।

সন্মিলনত ভাষণ দিয়া বহু নেতাই কয়লা, তেল আৰু গেছ জ্বলোৱাৰ ফলত জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশৰ অৱনতিৰ ফলত হোৱা বানপানী, ধুমুহা, খৰাং আৰু গ্ৰীষ্ম প্ৰৱাহৰ দ্বাৰা ক্ষতিগ্ৰস্ত দেশসমূহক প্ৰতিনিধিত্ব কৰে । সেইবোৰৰ ভিতৰত আছে পালাউ আৰু মালদ্বীপৰ দ্বীপৰাষ্ট্ৰসমূহৰ লগতে পাকিস্তান আৰু লিবিয়াৰ নেতাসকল । যিবোৰ ৰাষ্ট্ৰত শেহতীয়াকৈ বানপানীৰ ফলত ব্যাপক ক্ষতি হৈছে ।

গাজাত ইজৰাইল আৰু হামাছৰ যুদ্ধ চলি থকাৰ সময়তে বিশ্বজুৰি চৰ্চাত থকা ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগো মধ্য প্ৰাচ্যৰ কেইবাগৰাকী বিশিষ্ট নেতাৰ সৈতে উপস্থিত থাকিব ।

লগতে পঢ়ক :ডুবাইত বিশ্ব জলবায়ু কাৰ্য সন্মিলনত অংশগ্ৰহণ, দ্বিপাক্ষিক বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.