ETV Bharat / international

জেৰুজালেমৰ আল-আকছা মছজিদ চৌহদক লৈ পুনৰ ইজৰাইল-পেলেষ্টানৰ ভয়াৱহ সংঘাত ! - পেলেষ্টাইৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছ

এবছৰৰ পূৰ্বে ইজৰাইলী নিৰাপত্তা বাহিনী আৰু পেলেষ্টাইনীৰ মাজত জেৰুজালেমত হোৱা এনেধৰণৰ সংঘৰ্ষই পিছলৈ ১১ দিনীয়া গাজা যুদ্ধলৈ পৰিণত হৈছিল (violence in jerusalem) । এই স্থানতে এতিয়া ইহুদী দৰ্শনাৰ্থীসকলক সুৰক্ষা প্ৰদানৰ বাবে ইজৰাইলী আৰক্ষীয়ে দেওবাৰে জেৰুজালেমৰ আল-আকছা মছজিদ চৌহদত প্ৰৱেশ কৰাৰ সময়তে পেলেষ্টাইনী লোকৰ সৈতে হোৱা সংঘৰ্ষত ১৭ জনকৈ পেলেষ্টাইনী আহত হৈছে ৷ স্বাভাৱিকতে এতিয়া পূৰ্বৰ দৰেই এই ঘটনাকলৈ দুয়ো পক্ষৰ মাজত সৃষ্টি হৈছে অভিযোগ-প্ৰতিঅভিযোগৰ পক্ৰিয়া ৷ সবিশেষ জানো আহক

clashes-erupt-again-near-flashpoint-jerusalem-holy-site
আল-আকছা মছজিদ চৌহদক লৈ পুনৰ ইজৰাইল-পেলেষ্টানৰ ভয়াৱহ সংঘাত !
author img

By

Published : Apr 17, 2022, 10:14 PM IST

ইণ্টাৰ নেশ্যনেল ডেস্ক: ইহুদী দৰ্শনাৰ্থীসকলক সুৰক্ষা প্ৰদানৰ বাবে ইজৰাইলী আৰক্ষীয়ে দেওবাৰে জেৰুজালেমৰ আল-আকছা মছজিদ চৌহদত প্ৰৱেশ কৰাৰ সময়তে পেলেষ্টাইনী লোকৰ সৈতে হোৱা সংঘৰ্ষত ১৭ জনকৈ পেলেষ্টাইনী আহত হয় (clashes erupt in jerusalem) ৷ এই তথ্য প্ৰকাশ কৰিছে পেলেষ্টাইনী চিকিৎসা বিভাগে । মন কৰিব লগীয়া যে, এবছৰৰ পূৰ্বে ইজৰাইলী নিৰাপত্তা বাহিনী আৰু পেলেষ্টাইনীৰ মাজত জেৰুজালেমত হোৱা এনেধৰণৰ সংঘৰ্ষই পিছলৈ ১১ দিনীয়া গাজা যুদ্ধলৈ পৰিণত হৈছিল (violence in jerusalem) ।

উল্লেখযোগ্য যে, হিলটপ কম্পাউণ্ড হৈছে ইছলামৰ তৃতীয় পৱিত্ৰ স্থান, আনহাতে ই ইহুদীসকলৰ বাবেও আটাইতকৈ পৱিত্ৰ স্থান ৷ যাক মাউণ্ট টেম্পল বুলি কোৱা হয় । এই স্থানৰ বাবেই এই পৰ্যন্ত দুয়োপক্ষৰ মাজত বহু সংঘাতৰ সৃষ্টি হৈছে । মুছলমানসকলৰ পবিত্ৰ ৰমজান মাহ আৰু খ্ৰীষ্টানসকলৰ পবিত্ৰ সপ্তাহ আৰু ইহুদীসকলৰ বিশেষ সপ্তাহ একে সময়তে হয় ৷ আনহাতে, শেহতীয়াকৈ ক’ভিডকালীন নিষেধাজ্ঞাসমূহ শিথিল কৰাৰ বাবেও উক্ত স্থানত হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে ভিৰ কৰে ।

তাৎপৰ্যপূৰ্ণ কথা যে, ইজৰাইলী সৈন্যই পেলেষ্টাইনীসকলৰ বিৰুদ্ধে ধৰ্মীয় স্থান অপবিত্ৰ কৰাৰ অভিযোগ উত্থাপিত কৰাৰ বিপৰীতে পেলেষ্টাইনীসকলেও ইজৰাইলী সৈন্যৰ বিৰুদ্ধে ধৰ্মীয় স্থানত বিভাজন অনাৰ অভিযোগ উত্থাপন কৰিছে ৷ ঘটনা সন্দৰ্ভত পেলেষ্টাইৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছৰ মুখপাত্ৰ নাবিল আবু ৰডেনেহে দাবী কৰিছে যে, যদি পৰিস্থিতি অধিক জটিল হয় তেন্তে ইয়াৰ দ্বায়িত্ব ইজৰাইল চৰকাৰেই ল’ব লাগিব ৷

ইপিনে, ইজৰাইলী সৈন্যই অভিযোগ কৰিছে যে, তেওঁলোকে ইহুদী দৰ্শনাৰ্থীসকলক এই পবিত্ৰ স্থানলৈ নিয়মীয়া ভ্ৰমণৰ সুবিধা কৰি দিয়াৰ বাবেই চৌহদটোত প্ৰৱেশ কৰিছিল । সেই সময়তে পেলেষ্টাইনীসকলে তেওঁলোকক প্ৰৱেশত বাধা আৰোপ কৰে । আৰক্ষী বিভাগৰ দায়িত্বত থকা ইজৰাইলী মন্ত্ৰী ওমাৰ বাৰলেভে কয় যে, উপাসনাৰ কৰাৰ স্বাধীনতা সকলোৰে আছে, সেই বুলিয়েই কোনোবাই হিংসাৰ পথ ল’লে ইয়াকলৈ আপোচ কৰা নহ’ব (israeli police blame palestinian demonstrators ) ৷

জানিব পৰা মতে, দেওবাৰে পুৱতি নিশা মছজিদৰ বাহিৰত থকা বহুসংখ্যক পেলেষ্টাইনীক আঁতৰাই আঁতৰাই পঠিওৱা হৈছিল যদিও বহু পেলেষ্টাইনী মচজিদৰ ভিতৰত প্ৰৱেশ কৰি ‘God is Greatest’ শ্লোগান আওৰাইছিল । আৰক্ষীয়ে মুকলি কৰা এক ভিডিঅ' ফুটেজত যুৱক-যুৱতীৰ এটা দলে মছজিদৰ ভিতৰৰ পৰা শিল নিক্ষেপ কৰাও দেখা গৈছিল (violence in jerusalem) । স্বাভাৱিকতে এতিয়া পূৰ্বৰ দৰেই এই ঘটনাকলৈ দুয়ো পক্ষৰ মাজত সৃষ্টি হৈছে অভিযোগ-প্ৰতিঅভিযোগৰ পক্ৰিয়া ৷

লগতে পঢ়ক : কিমান উপাৰ্জন কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি উপ-ৰাষ্ট্ৰপতিয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.