ETV Bharat / international

China President Xi Jinping : তৃতীয়বাৰলৈ চীনৰ ৰাষ্ট্ৰপতি পদত ঝি জিনপিং

পুনৰ শাসনৰ গাদীত বহিল ঝি জিনপিং (Xi Jinping appoints as China President)। শুকুৰবাৰে সৰ্বসন্মতিক্ৰমে সংসদে ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ পাঁচ বছৰীয়া কাৰ্যকালক সমৰ্থন জনায় । ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সমৰ্থকৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে ।

author img

By

Published : Mar 10, 2023, 3:33 PM IST

China President Xi Jinping
তৃতীয় বাৰলৈ চীনৰ ৰাষ্ট্ৰপতি পদত ঝি জিনপিং

ইণ্টাৰনেশ্যনেল ডেস্ক,১০ মাৰ্চ : পুনৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ল ঝি জিনপিং (Xi Jinping again elected as President)। ইতিহাস ৰচনা কৰি তৃতীয়বাৰৰ বাবে চীনৰ ৰাষ্ট্ৰপতি হ'ল জিনপিং । চীনৰ সংসদে শুকুৰবাৰে সৰ্বসন্মতিক্ৰমে ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ তৃতীয়টো পাঁচ বছৰীয়া কাৰ্যকালক সমৰ্থন জনায় । কমিউনিষ্ট পাৰ্টি অৱ চাইনাৰ (চিপিচি) প্ৰতিষ্ঠাপক মাও জেদঙৰ পাছত প্ৰথম চীনা নেতা হিচাপে দুবাৰকৈ পাঁচ বছৰীয়া কাৰ্যকাল অতিক্ৰম কৰি শাসনত থকা জিনপিঙক যোৱা বছৰ অক্টোবৰত দলটোৱে পুনৰ নিৰ্বাচিত কৰিছিল ।

ঝি জিনপিঙৰ তৃতীয়টো কাৰ্যকাল অনুমোদন জনোৱাত চিপিচিৰ সিদ্ধান্তসমূহৰ যান্ত্ৰিক আৰু নিয়মীয়া অনুমোদনৰ বাবে চীনৰ সংসদক নেচনেল পিপলছ কংগ্ৰেছে (NPC) ৰবৰ ষ্টাম্প সংসদ হিচাপে অভিহিত কৰিছে ।

ঝিয়ে জীৱনৰ বাকী সময়ছোৱাও ক্ষমতাত থাকিব বুলি এতিয়া ব্যাপকভাৱে চৰ্চা চলিছে (Xi Jinping China President)। তেওঁ ইতিমধ্যে যোৱা অক্টোবৰত চিপিচিৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে । কংগ্ৰেছে সকলো শীৰ্ষ নীতি সংস্থাৰ বাবে নতুন নেতৃত্বও নিৰ্বাচিত কৰিছে । এন পি চিৰ এই বছৰৰ বাৰ্ষিক অধিৱেশন গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে কিয়নো ই চীনা চৰকাৰৰ নেতৃত্বৰ দহ বছৰীয়া পৰিৱৰ্তনৰ সূচনা কৰে, যাৰ ভিতৰত আছে ৰাজ্যিক পৰিষদ, কেন্দ্ৰীয় কেবিনেটৰ সভাপতিত্ব কৰা প্ৰিমিয়াৰ ।

বৰ্তমানৰ প্ৰধানমন্ত্ৰী লি কেকিয়াঙৰ কাৰ্যকাল এই বছৰৰ এনপিচি অধিৱেশনৰ জৰিয়তে সমাপ্ত হ'ব (China's prime minister Li Keqiang)। তেওঁৰ উত্তৰাধিকাৰী লি কিয়াং হ'ব বুলি আশা কৰা হৈছে । আনহাতে লি কিয়াং ঝি জিনপিঙৰ ঘনিষ্ঠ সহযোগী । তেওঁক শনিবাৰে এনপিচিৰ দ্বাৰা নিৰ্বাচিত কৰাৰ সম্ভাৱনা আছে । নতুন নেতৃত্বৰ সকলো নাম কেইসপ্তাহমান পূৰ্বে ঝিৰ নেতৃত্বত চিপিচিৰ প্লেনামৰ দ্বাৰা অনুমোদিত হৈছে । এনপিচিৰ অনুমোদন এটা নিয়মীয়া আনুষ্ঠানিকতা । নতুন প্ৰিমিয়াৰে এই বছৰৰ বাৰ্ষিক এনপিচি অধিৱেশনৰ অন্তিম দিন ১৩ মাৰ্চত বাৰ্ষিক সংবাদমেল সম্বোধন কৰিব ।

উল্লেখ্য যে, জিনপিং হৈছে প্ৰথমগৰাকী নেতা যিয়ে তৃতীয়টো পাঁচ বছৰীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত হৈছে । পূৰ্বে নিয়ম আছিল যে এগৰাকী নেতাই ৫ বছৰীয়া দুটা কাৰ্যকালহে শাসন কৰিব পাৰিব । কিন্তু ২০১৮ চনত জিনপিঙে এই নিয়ম সলনি কৰিছিল । অৰ্থাৎ ঝি জিনপিঙে অৱসৰ নোলোৱা পৰ্যন্ত অন্যথা মৃত্যু বা বহিষ্কাৰ নোহোৱালৈকে চীনৰ ৰাষ্ট্ৰপতি হৈ থাকিব পাৰিব ।

লগতে পঢ়ক :WHO Fires Director in Asia : বৰ্ণবাদী অসদাচৰণৰ অভিযোগত বিশ্ব স্বাস্থ্য সংস্থাৰ এছিয়াৰ সঞ্চালকক বৰ্খাস্ত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.