ETV Bharat / international

Submarine Accidents : ইয়েল’ চি ত দুৰ্ঘটনাত পতিত চীনৰ এখন চাবমেৰিন; ৫৫ জন লোকৰ মৃত্যু - China Submarine accident

দুৰ্ঘটনাত পতিত হ’ল চীনৰ এখন চাবমেৰিন । এই দুৰ্ঘটনাত ৫৫ জন লোকৰ মৃত্যু হোৱা তথ্য লাভ কৰা হৈছে ৷

Submarine Accidents
দুৰ্ঘটনাত পতিত হ’ল চীনৰ এখন চাবমেৰিন
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 10:30 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, ৫ অক্টোবৰ : ইয়েল’ সাগৰত দুৰ্ঘটনাত পতিত হ’ল চীনৰ এখন চাবমেৰিন । ব্ৰিটেইনৰ প্ৰতিৰক্ষা প্ৰতিবেদনত প্ৰকাশ কৰা মতে, এই দুৰ্ঘটনাত নিহত হৈছে ৫৫ জন সেনা বিষয়া ৷ অৱশ্যে এই দুৰ্ঘটনা সন্দৰ্ভত চীনে বৰ্তমান পৰ্যন্ত কোনো চৰকাৰী প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

ব্ৰিটেইনৰ এই প্ৰতিবেদন অনুসৰি, ২১ আগষ্টত এই চাবমেৰিনখন দুৰ্ঘটনাত পতিত হয় । সেই সময়ত জাহাজত ২২ জন বিষয়া, ৯ জন ক্ষুদ্ৰ বিষয়া, ৭ জন বিষয়া কেডেট আৰু ১৫ জন নাৱিক আছিল । ইয়াৰ নেতৃত্ব দিছিল কৰ্ণেল জু ইয়ংপেঙে ।

বিশ্বৰ ভিন্ন প্ৰান্তত পূৰ্বতে হোৱা নাও দুৰ্ঘটনাৰ কিছু আভাষ -

১৯৬৩ চনৰ ১০ এপ্ৰিল : ইউ এছ এছ থ্ৰেছাৰে কেপ কডৰ পৰা ২২০ মাইল পূবে গভীৰ পানীৰ এখন চাবমেৰিন পৰীক্ষামূলক ডাইভ(dive) ৰ প্ৰশিক্ষণ চলাই থকা হৈছিল । তেনে সময়তে বিদ্যুতৰ কিছু বিজুতি ঘটি পানীৰ ৮৪০০ ফুট তলত এক বিস্ফোৰণ ঘটে । সেই সময়ত তাত আছিল ১২৯ জন লোক ৷ এই দুৰ্ঘটনাটোত সকলোৰে মৃত্যু হয় । চাবমেৰিনৰ ইতিহাসত ইয়াতকৈ ডাঙৰ দুৰ্ঘটনা কেতিয়াও হোৱা নাই ।

১৯৬৮ চনৰ মে’ : জুন মাহত ভাৰ্জিনিয়াত আমেৰিকাৰ নৌসেনাৰ চাবমেৰিন স্কৰ্পিয়ন দুৰ্ঘটনাগ্ৰস্ত হয় । জাহাজখনত আছিল ৯৯ জন লোক ।

১৯৭০ চনৰ ৪ মাৰ্চ : ভূমধ্য সাগৰৰ ছেইণ্ট ট্ৰপেজত ফ্ৰান্সৰ এখন চাবমেৰিন ডুব যায় । এই চাবমেৰিনৰ নাম আছিল ইউৰিডাইচ । চাবমেৰিনখনত আছিল ৫৭ জন লোক ।

১৯৭০ চনৰ ১২ এপ্ৰিল : স্পেইনৰ সমীপৰ আটলাণ্টিক মহাসাগৰত ৰাছিয়াৰ এখন চাবমেৰিন দুৰ্ঘটনাগ্ৰস্ত হয় । জাহাজখনত আছিল ৮৮ জন লোক । এই দুৰ্ঘটনাগ্ৰস্ত জাহাজখন আছিল পাৰমাণৱিক চালিত চাবমেৰিন ।

১৯৮৫ চনৰ ১০ আগষ্ট : ভ্লাডিভষ্টকৰ ওচৰৰ প্ৰশান্ত মহাসাগৰৰ চাজমা উপসাগৰত ৰাছিয়াৰ এখন চাবমেৰিন বিস্ফোৰিত হয় । ফলত এই চাবমেৰিনখনৰ এখন ঢাকনি ১০০ মিটাৰ দূৰত পৰি যায় । জাহাজখনত থকা ১০ জন লোকৰ বিষয়ে বৰ্তমান পৰ্যন্ত কোনো তথ্যই পোৱা নগ’ল ।

১৯৮৯ চনৰ ৭ এপ্ৰিল : উত্তৰ নৰৱেৰ সমীপত মাইক নামৰ এখন ছোভিয়েট চাবমেৰিন অগ্নিকাণ্ডৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয় । জাহাজখনত আছিল ৪২ জন লোক ।

১২ আগষ্ট ২০০০ : ৰাছিয়াৰ এখন চাবমেৰিন অস্কাৰ-১১ বেৰেণ্টছ সাগৰত ডুব যায় । চাবমেৰিনখনত আছিল ১১৮ জন লোক । সংবাদ মাধ্যমৰ খবৰ অনুসৰি, বিস্ফোৰণৰ ফলতে চাবমেৰিনখন ডুব যায় ।

২০০১ চনৰ ৯ ফেব্ৰুৱাৰী : জাপানীজ ট্ৰলাৰৰ সৈতে সংঘৰ্ষৰ ফলত আমেৰিকাৰ পাৰ্ল হাৰ্বাৰত ৩৬০ ফুট দীঘল গ্ৰীণভিল চাবমেৰিনখন ডুব যায় । ফলত ৯ জন লোকৰ মৃত্যু হয় ।

২০০৩ চনৰ মে’ : চীনৰ মিং শ্ৰেণীৰ চাবমেৰিন-৩৬১ যান্ত্ৰিক বিজুতিৰ বাবে ডুব যায় । তাত ৭০ জন লোক আছিল । চীনৰ লিয়াওনিং উপকূলৰ ওচৰত সংঘটিত হৈছে এই দুৰ্ঘটনা ।

২০০৫ চনৰ জানুৱাৰী মাহ : ছান ফ্ৰান্সিস্কোৰ কাষতে প্ৰশান্ত মহাসাগৰৰ গুৱামৰ ওচৰত আমেৰিকাৰ এখন পাৰমাণৱিক চাবমেৰিন ডুব যায় । জাহাজখনত আছিল ২৩ জন লোক । ইয়াৰে এজনৰ মৃত্যু হোৱাৰপ লগতে বাকীসকলৰ প্ৰাণ ৰক্ষা পৰে ।

২০০৬ চনৰ ৬ ছেপ্টেম্বৰ : ফিনলেণ্ডৰ উপকূলৰ ওচৰত ৰাছিয়াৰ নৌসেনাৰ ভিক্টৰ-৩ শ্ৰেণীৰ চাবমেৰিন ছেইণ্ট ডেনিয়েল অৱ মস্কোত অগ্নিদগ্ধ হৈ দুজন সদস্যৰ মৃত্যু হয় ।

২০০৭ চনৰ ২১ মাৰ্চ : আৰ্কটিকত অনুশীলনৰ সময়ত চুৰি পাৰমাণৱিক চাবমেৰিনত দুজন ব্ৰিটিছ সৈনিক নিহত আৰু আন এজন আহত হয় ।

২০০৮ চনৰ ৮ নৱেম্বৰ : প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ৰাছিয়াৰ এখন পাৰমাণৱিক চাবমেৰিনত আক্ৰমণ কৰা হয় । ফলত ২০ জনতকৈ অধিক লোক নিহত হোৱাৰ লগতে ২১ জন আহত হয় ।

১৪ আগষ্ট ২০১৩ : ৰাছিয়াই নিৰ্মিত চাবমেৰিন আই এন এছ সিন্ধুৰাক্ষক বিস্ফোৰণৰ পিচত ডুব যায় । জাহাজখনত আছিল ১৮ জন নাৱিক আৰু দুজন বিষয়া । দুৰ্ঘটনাত সকলোৰে মৃত্যু হয় ।

১৫ নৱেম্বৰ ২০১৭ : আৰ্জেণ্টিনাৰ চাবমেৰিন এ আৰ এ ছান জুয়ান অনুশীলনৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয় । জাহাজখনত ৪৪ জন লোক আছিল ৷

২৪ এপ্ৰিল ২০২১ : ইণ্ডোনেছিয়াৰ নৌসেনাৰ চাবমেৰিন কে আৰ আই নাংলাত ৫৩ জন লোক আছিল । লাইভ ফায়াৰ অনুশীলনৰ সময়তে বিস্ফোৰণ ঘটে । সেই সময়ত চাবমেৰিনখন ৭০০ মিটাৰ পানীৰ গভীৰতাত আছিল ।

২১ আগষ্ট, ২০২৩ : চীনৰ পাৰমাণৱিক চাবমেৰিন বিগত ১৫ বছৰ ধৰি সক্ৰিয় হৈ আছিল । ইয়াৰ দৈৰ্ঘ আছিল ৩৫১ ফুট । ইয়াত টৰ্পিডো আছিল । এইখন চীনৰ আটাইতকৈ আধুনিক চাবমেৰিন, যাৰ শব্দৰ মাত্ৰা আছিল অতি কম । একেলগে ১০০ জন ক্ৰুৱে ইয়াত উঠিব পৰা ক্ষমতা আছিল ৷

চেইন এণ্ড এংকৰ ট্ৰেপ কি ?

এংকৰ এণ্ড চেইন ট্ৰেপ হৈছে এটা যন্ত্ৰ ৷ যাৰ সহায়ত যিকোনো চাবমেৰিনক ধ্বংস কৰিব পাৰি । ইয়াত ইয়াক সাগৰৰ তলত শৃংখলাবদ্ধভাৱে ৰখা হয় । ইয়াক দুটা লংঘৰৰ মাজত ওলোমাই ৰাখিব পাৰি । যেতিয়াই যিকোনো চাবমেৰিনে এই অঞ্চলৰ মাজেৰে পাৰ হৈ যায়, তেতিয়াই ইয়াৰ শিকলিডালত আবদ্ধ হৈ পৰে । এই শিকলিটোৰ ওজন ইমানেই যে ই চাবমেৰিনৰ ৰুডাৰ আৰু প্ৰপেলাৰ দুয়োটাকে তললৈ নমাই আনে । কেতিয়াবা চাবমেৰিন এখনকো ডুবাই পেলাব পাৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.