ETV Bharat / international

Justin Trudeau slams Russia : 'শক্তি আৰু খাদ্যক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে ৰাছিয়াই'; কানাডাৰ প্ৰধানমন্ত্ৰী - Justin Trudeau on Russia Ukraine War

শেহতীয়াকৈ ভাৰতৰ ওপৰত বিস্ফোৰক মন্তব্য কৰি বিতৰ্কত থকা কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে এইবাৰ ৰাছিয়াক টাৰ্গেট কৰি লৈছে । ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাষণ প্ৰদান কৰি ট্ৰুডোৱে ৰাছিয়াক আক্ৰমণ কৰে ।

Justin Trudeau slams Russia
শক্তি আৰু খাদ্যক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে ৰাছিয়াই
author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 1:34 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২১ ছেপ্টেম্বৰ : ভাৰতৰ পাছত এইবাৰছ ৰাছিয়াক আক্ৰমণ কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ । প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাছিয়াক শক্তি আৰু খাদ্যক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ কৰিছে । তেওঁ কয় যে বিশ্বৰ দেশসমূহে ইউক্ৰেইনক সমৰ্থন কৰা উচিত । সকলো দেশে একেলগে বহনক্ষম উন্নয়ন লক্ষ্যৰ (এছডিজি) ওপৰত গুৰুত্ব দিব লাগে বুলিও তেওঁ দাবী কৰে ।

ট্ৰুডোৱে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (ইউএনএছচি) বৈঠকত ইউক্ৰেইন সন্দৰ্ভত ভাষণ প্ৰদান কৰে । ভাষণত তেওঁ কয় যে ৰাছিয়াই শক্তি আৰু খাদ্যক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে । সেয়েহে লাখ লাখ লোক অনাহাৰৰ সন্মুখীন হৈছে । তেওঁ কয় যে কানাডা আটাইতকৈ দুৰ্বল শ্ৰেণীৰ পক্ষত আছে । তেওঁ উল্লেখ কৰা মতে কানাডাই ইউক্ৰেইনক সমৰ্থন কৰে নে এছডিজি আৰু গোলকীয় উন্নয়ন বাছনি কৰে সেয়া পছন্দৰ বিষয় নহয় ।

তেওঁ কয় যে এই সময়ত কেৱল এটা বিকল্প আছে আৰু সেয়া হ'ল দুয়োখন দেশক একত্ৰিত কৰা । যিটো সংহতি আৰু বিত্তীয় প্ৰতিশ্ৰুতিৰে কৰি থকা হৈছে । ট্ৰুডোৱে ইউএনএছচিৰ বৈঠকত ৰাছিয়ালৈ বিশেষ আহ্বান জনায় । তেওঁ ৰাছিয়াক তাৎক্ষণিকভাৱে ইউক্ৰেইনৰ পৰা নিজৰ সেনা বাহিনী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায় । তেওঁৰ মতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ আইনে ইউক্ৰেইনৰ আঞ্চলিক অখণ্ডতা ৰক্ষা কৰে । তেওঁ কয় যে ইউক্ৰেইনৰ শান্তি সূত্ৰৰ মূল নীতিসমূহ আন্তৰ্জাতিক আইনত সন্নিবিষ্ট কৰা হৈছে, যাক ৰাছিয়াই মানি চলিব লাগিব বুলিও তেওঁ দাবী কৰে ।

ট্ৰুডোৱে ইউক্ৰেইনৰ যুদ্ধক ইউএনএছচিৰ সদস্য ৰাষ্ট্ৰসমূহৰ এক উমৈহতীয়া যুঁজ বুলি অভিহিত কৰে । ৰাছিয়াই কেৱল ইউক্ৰেইনত আক্ৰমণ কৰাই নহয় । এয়া আমাৰ উমৈহতীয়া সংগ্ৰাম বুলিও তেওঁ উল্লেখ কৰে ।

তেওঁ কয় যে, ইউক্ৰেইনত শান্তি ৰক্ষা হ'ব লাগে । তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে পুটিনে ইউক্ৰেইনৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক আক্ৰমণ কৰিছে । ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে, ইয়াক বন্ধ কৰিবলৈ ব্যৱস্থা লোৱা উচিত । তেওঁৰ অভিযোগ ৰাছিয়াই ভেটো শক্তি ব্যৱহাৰ কৰি যুদ্ধত অৱতীৰ্ণ হৈছে । তেওঁ লগতে কয় যে বিশ্বক যুদ্ধৰ সংকটৰ পৰা ৰক্ষা কৰিবলৈ ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হৈছিল ।

নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ট্ৰুডোৱে তেওঁৰ ভাষণত কয় যে, ৰাছিয়াই অবৈধভাৱে যুদ্ধ আৰম্ভ কৰিছে আৰু এতিয়াও কৰি আছে । তেওঁ কয় যে, এই যুদ্ধৰ ফলত ইউক্ৰেইনৰ লোকসকল মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈছে । ৰাছিয়াই ভেটো শক্তি ব্যৱহাৰ কৰাটো ৰাষ্ট্ৰসংঘৰ বাবে অপমানজনক বুলিও তেওঁ উল্লেখ কৰে । তেওঁ অভিযোগ কৰা মতে ইউক্ৰেইনত সাধাৰণ নাগৰিকসকলক যৌন নিৰ্যাতন আৰু অকাল মৃত্যুৰ চিকাৰ হৈছে ।

লগতে পঢ়ক :Russia Ukraine Conflict: ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে খাদ্য, শক্তি তথা শিশু: ৰাষ্ট্ৰসংঘত জেলেনস্কি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.